ETV Bharat / bharat

অযোধ্যা বিবাদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত ৰায়দানৰ পুনৰীক্ষণ আৱেদন নকৰে চুন্নী ৱাকফ বৰ্ডে

author img

By

Published : Nov 27, 2019, 5:06 AM IST

সদ্য ৰায়দান সম্পন্ন হোৱা অযোধ্যা বিবাদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত ৰায়দানৰ পুনৰীক্ষণ আৱেদন নকৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চুন্নী ৱাকফ বৰ্ডৰ ৷

Sunni Central Waqf Board to not file review petition against SC verdict on Ayodhya dispute
অযোধ্যা বিবাদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত ৰায়দানৰ পুনৰীক্ষণ আৱেদন নকৰে চুন্নী ৱাকফ বৰ্ডে

নেছনেল ডেস্ক,26 নৱেম্বৰঃ সদ্য ৰায়দান সম্পন্ন হোৱা অযোধ্যা বিবাদ সন্দৰ্ভত মংগলবাৰে উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত ৰায়দানৰ পুনৰীক্ষণ আৱেদন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চুন্নী ৱাকফ বৰ্ডে ৷ সংবাদ মাধ্যমক এই সিদ্ধান্তৰ কথা অৱগত কৰে বৰ্ডৰ সভাপতি জুফাৰ ফাৰুকীয়ে ৷

তেওঁ কয় যে বৰ্ডৰ এক জুৰুৰী বৈঠকৰ সিদ্ধান্তমৰ্মে 7 জন সদস্যৰ উপস্থিতিত মহামান্য সৰ্বোচ্চ আদালতে প্ৰদান কৰা ৰায়দানৰ পুনৰীক্ষণ আৱেদন দাখিল নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

তেওঁ লগতে কয় যে বৈঠকত উপস্থিত থকা 7 গৰাকী সদস্যৰ 6 গৰাকীয়ে পুনৰীক্ষণ আৱেদন দাখিল নকৰাৰ পক্ষে মত পোষণ কৰে ৷

অৱশ্যে মছজিদ নিৰ্মাণৰ বাবে আদালতে প্ৰদান কৰা বিকল্প 5 একৰ ভূমি গ্ৰহণ কৰা হ'ব নে নহয় তাক লৈ এই পৰ্যন্ত কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি উল্লেখ কৰে বৰ্ডৰ মুৰব্বীগৰাকীয়ে ৷ এইক্ষেত্ৰত তেওঁ আৰু কয় যে বৰ্ডৰ সদস্যসকলে কিছুসময়ৰ প্ৰয়োজনৰ কথা উল্লেক কৰে আৰু লগতে ইছলামিক শ্বৰীয়তৰ নিয়ম অনুসৰি খাপ খোৱাকৈ সকলো সম্পন্ন হয় নে নহয় তাৰ বাবে অতিৰিক্ত সময়ৰ প্ৰাসংগিকতাৰ ব্যাখ্যা দাঙি ধৰে ৷

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে 9 নৱেম্বৰত বাবৰি মছজিদ-ৰাম জন্মভূমি বিবাদৰ চূড়ান্ত ৰায়দান কৰি সমুদায় 2.77 একৰ বিবদমান ভূমিৰ মালিকীস্বত্ব ৰামলাল্লাক অৰ্পণ কৰিছিল ৷ বিবাদিত গোচৰটোৰ আৱেদনকাৰীৰ 3 টা পক্ষৰ ভিতৰত ৰামলাল্লা এক অন্যতম আছিল ৷

এক ঐতিহাসিক ৰায়দানযোগে সৰ্বোচ্চ ন্যায়ালয়ে অযোধ্যাৰ বিবদমান ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ বাট মুকলি কৰাৰ বিপৰীতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক চুন্নী ৱাকফ বৰ্ডক মছজিদ নিৰ্মাণৰ বাবে 5 একৰ ভূমি প্ৰদান কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ৷

ৱাকফ বৰ্ডৰ গৰিষ্ঠসংখ্যক সদস্যই কৰ্টে প্ৰদান কৰা বিকল্প ভূমি কোনো গঠনমূলক কামৰ বাবে ব্যৱহাৰ কৰাৰ পৰামৰ্শ প্দান কৰাৰ কথা উল্লেখ কৰে জুফাৰ ফাৰুকীয়ে ৷

প্ৰণিধানযোগ্য যে চুন্নী ৱাকফ বৰ্ড অযোধ্যা বিবাদৰ অৱেদনকাৰীসমূহৰ ভিতৰত অন্যতম আছিল ৷

ইয়াৰ আগতে অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল' বৰ্ডে চূড়ান্ত ৰায়দানৰ পুনৰীক্ষণ আৱেদন দাখিল কৰিব বুলি মন্তব্য কৰিছিল ৷ তাৰোপৰি 1992 ত ধ্বংসপ্ৰাপ্ত হোৱা মছজিদৰ বাবে বিকল্প ভূমি প্ৰদান সিদ্ধান্তৰো বিৰোধিতা কৰিছিল ৷

আৰু পঢ়ক গণতন্ত্ৰৰ গহণা

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.