নিউজ ডেস্ক, 25 জুলাইঃ 116 টাকৈ বিভিন্ন ভাষাৰ গান গাই চমক তুলিছে থালেশ্বৰী, কান্নুৰৰ সুজাতা সতীশ নামৰ স্থানীয় উদীয়মান শিল্পী গৰাকীয়ে ৷ কেৰেলাৰ থালেশ্বৰীৰ ডুবাই ইণ্ডিয়ান উচ্চ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীয়ে এতিয়ালৈকে 112 টা ভিন্ন ভাষাত 6 ঘণ্টাকৈ গীত পৰিৱেশন কৰি 2টাকৈ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ জাপানী ভাষাত গান গাই নিজৰ সাংগীতিক কেৰিয়াৰ আৰম্ভ কৰা ছাত্ৰীগৰাকীয়ে বৰ্তমান 116 টা ভিন্ন ভাষাত গীত পৰিৱেশন কৰাৰ অবিশ্বাস্য দক্ষতা অৰ্জন কৰিছে ৷ ছাত্ৰী গৰাকীৰ এই বিৰল কৃৰ্তৃত্বৰ আঁৰত অভিভাৱক, বিদ্যালয়ৰ শিক্ষক সমাজ তথা সহপাঠীৰ ভূমিকাৰ কথা দোহাৰে ছাত্ৰীগৰাকীয়ে ৷ লগতে বিভিন্ন ভাষাৰ প্ৰতি থকা প্ৰৱল অনুসন্ধিৎসু মানসিকতাই ভিন্ন ভাষাৰ গীত পৰিৱেশনৰ মূল অনুপ্ৰেৰণা বুলি অভিহিত কৰে ছাত্ৰীগৰাকীয়ে ৷ দুবছৰৰ আগতে ডুবাইস্থিত ইণ্ডিয়ান কনচুলেট হলত অনুষ্ঠিত এটি অনুষ্ঠানত 102 টা বিশ্বৰ ভিন্ন প্ৰান্তৰ ভাষাত গীত পৰিৱেশন কৰি বিশ্ব অভিলেখ ভংগ কৰিছিল সুজাতা সতীশে ৷ উক্ত অনুষ্ঠানত ছাত্ৰী গৰাকীয়ে 26 টা ভাৰতীয় ভাষা আৰু 76 টা বিদেশী ভাষাত গীত পৰিৱেশন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷ তাৎপৰ্য্যপূৰ্ণ এইযে ছাত্ৰীগৰাকীয়ে নিজ কণ্ঠ সমৃদ্ধ এলবাম প্ৰকাশ কৰি সেই ধন বিগত বৰ্ষৰ কেৰেলাৰ বানপীড়িতৰ সাহাৰ্যাৰ্থে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান হিচাবে আগবঢ়াইছিল ৷ প্ৰায় তিনি বছৰ বয়সৰেই পৰা সংগীত চৰ্চাত জড়িত হৈ থকা ছাত্ৰীগৰাকীয়ে বৰ্তমানেও বিশ্বৰ ভিন্ন ভাষাত গীত গোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷
116 টা ভাষাত গান গাই বিশ্ব অভিলেখ কেৰালা কন্যাৰ
দুবছৰ পূৰ্বে ভাৰতৰ বাণিজ্য হলত বিশ্বৰ 102 টা ভাষাত গান গাই বিশ্ব অভিলেখ গঢ়ে শিল্পী গৰাকীয়ে ৷
নিউজ ডেস্ক, 25 জুলাইঃ 116 টাকৈ বিভিন্ন ভাষাৰ গান গাই চমক তুলিছে থালেশ্বৰী, কান্নুৰৰ সুজাতা সতীশ নামৰ স্থানীয় উদীয়মান শিল্পী গৰাকীয়ে ৷ কেৰেলাৰ থালেশ্বৰীৰ ডুবাই ইণ্ডিয়ান উচ্চ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীয়ে এতিয়ালৈকে 112 টা ভিন্ন ভাষাত 6 ঘণ্টাকৈ গীত পৰিৱেশন কৰি 2টাকৈ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ জাপানী ভাষাত গান গাই নিজৰ সাংগীতিক কেৰিয়াৰ আৰম্ভ কৰা ছাত্ৰীগৰাকীয়ে বৰ্তমান 116 টা ভিন্ন ভাষাত গীত পৰিৱেশন কৰাৰ অবিশ্বাস্য দক্ষতা অৰ্জন কৰিছে ৷ ছাত্ৰী গৰাকীৰ এই বিৰল কৃৰ্তৃত্বৰ আঁৰত অভিভাৱক, বিদ্যালয়ৰ শিক্ষক সমাজ তথা সহপাঠীৰ ভূমিকাৰ কথা দোহাৰে ছাত্ৰীগৰাকীয়ে ৷ লগতে বিভিন্ন ভাষাৰ প্ৰতি থকা প্ৰৱল অনুসন্ধিৎসু মানসিকতাই ভিন্ন ভাষাৰ গীত পৰিৱেশনৰ মূল অনুপ্ৰেৰণা বুলি অভিহিত কৰে ছাত্ৰীগৰাকীয়ে ৷ দুবছৰৰ আগতে ডুবাইস্থিত ইণ্ডিয়ান কনচুলেট হলত অনুষ্ঠিত এটি অনুষ্ঠানত 102 টা বিশ্বৰ ভিন্ন প্ৰান্তৰ ভাষাত গীত পৰিৱেশন কৰি বিশ্ব অভিলেখ ভংগ কৰিছিল সুজাতা সতীশে ৷ উক্ত অনুষ্ঠানত ছাত্ৰী গৰাকীয়ে 26 টা ভাৰতীয় ভাষা আৰু 76 টা বিদেশী ভাষাত গীত পৰিৱেশন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷ তাৎপৰ্য্যপূৰ্ণ এইযে ছাত্ৰীগৰাকীয়ে নিজ কণ্ঠ সমৃদ্ধ এলবাম প্ৰকাশ কৰি সেই ধন বিগত বৰ্ষৰ কেৰেলাৰ বানপীড়িতৰ সাহাৰ্যাৰ্থে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান হিচাবে আগবঢ়াইছিল ৷ প্ৰায় তিনি বছৰ বয়সৰেই পৰা সংগীত চৰ্চাত জড়িত হৈ থকা ছাত্ৰীগৰাকীয়ে বৰ্তমানেও বিশ্বৰ ভিন্ন ভাষাত গীত গোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷
Sujetha Satheesh, creating wonders by singing in 116 languages
Sujetha satheesh, a native from Thalassery, Kannur is creating wonders with her talent to sing in different languages. Sujetha, a ninth-grade student of Dubai Indian High School, holds two world record for singing in 112 languages in six hours. She started singing in Japanese language. Now she can sing in 116 languages. She began to sing due to the curiosity she had towards various languages, which later continued with the encouragement from her parents, friends and teachers.
Sujetha broke the world record two years ago by singing in 102 world languages at the Indian Consulate Hall in Dubai. The song was sung in 26 Indian languages and 76 non indian languages. She was able to raise around five lakhs rupees by selling her album which she donated to the Chief ministers relief fund for those effected by the Kerala floods. She also got an oppurtunity to sing in a programme attended by Prime Minister Narendra Modi. She considers it as the greatest achievement of her life. Sujetha, who has been studying music since the age of three, is still working on singing in more languages. Sujetha is the daughter of Dr Satheesh and Sunitha Aayilyam.
Conclusion: