ETV Bharat / bharat

শ্বাসৰুদ্ধকৰ উশাহ !

author img

By

Published : Jul 31, 2020, 4:38 PM IST

জনসাধাৰণৰ সক্ৰিয় সমৰ্থনো ইয়াৰ বাবে বহু প্ৰয়োজনীয় ৷ ব্যাপক পৰ্যায়ত সামাজিক বনানীকৰণ কৰি উদ্যোগ আৰু বাহনৰ প্ৰদূষণ কঠোৰভাৱে পৰীক্ষণ কৰা হয়,বৈদ্যুতিক পৰিবহণৰ বাবে আইন প্ৰণয়ন কৰা যায় আৰু সৌৰশক্তিৰ উৎপাদন বৃদ্ধি কৰা যায় তেন্তে বায়ুৰ মানদণ্ড উন্নত হোৱাৰ লগতে দেশৰ জনসাধাৰণৰ স্বাস্থ্যও উন্নত হ'ব ৷

হ্ৰাস পাইছে ভাৰতৰ বায়ুৰ মানদণ্ড
বায়ু প্ৰদূষণ

এক পাৰিসাংখিক বিশ্লেষণত প্ৰকাশ পাইছে যে, ভাৰতৰ বায়ুৰ মানদণ্ড ভয়ংকৰভাৱে হ্ৰাস পাইছে আৰু প্ৰতিদিনে 1 লাখতকৈও অধিক লোক শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে ৷ জীৱনদায়ী বায়ু কেৱল বিষাক্ত হৈ থকাই নহয় ৰোগৰ কাৰণ আৰু প্ৰাণনাশক হৈ পৰিছে ৷ চিকাগো বিশ্ববিদ্যালয়ৰ EPIC অধ্যয়ন অনুসৰি, বায়ু প্ৰদূষণে বিশ্বজুৰি জনসাধাৰণৰ জীৱন প্ৰায় দুই বছৰ পৰ্যন্ত হ্ৰাস কৰিছে ৷ আনহাত,ভাৰতত গড়ে 5.2 বছৰ পৰ্যন্ত সাধাৰণ লোকৰ জীৱন হ্ৰাস পাইছে ৷ এই পৰিমাণ উত্তৰ ভাৰতত আৰু হ্ৰাস পাই 10 বছৰ হৈছেগৈ ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে,লক্ষ্ণৌৰ দৰে চহৰত বায়ুত সূক্ষ্ম ধূলিকণাৰ উপস্থিতি 11 সংখ্যকতকৈ অধিক...এয়া সংকটৰ ভয়াৱহতাৰ প্ৰত্যক্ষ সংকেত ৷

উত্তৰ কলকাতাৰ দৰে স্থানত বাস কৰা লোকসকলে সামান্য উশাহ ল'লে এয়া তেওঁলোকৰ দেহত প্ৰতিদিনে 22 টা চিগাৰেট সেৱন কৰাৰ দৰে হয় ৷ দিল্লীতকৈও জিন্দ, বাঘপট, গাজিয়াবাদ, মোৰাদাবাদ, শিৰছা, নয়দা আদিত বায়ুৰ মানদণ্ড নিম্নতম ৷ 66 কোটি ভাৰতীয়ৰ প্ৰাণৰ বাবে বায়ু প্ৰদূষণ হানিকাৰক সম্পৰ্কীয় বিশ্লেষণ আৰু ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদৰ (ICMR) ঘোষণাৰ পাচত এই কথা প্ৰমাণিত হৈছিল যে,বায়ু প্ৰদূষণৰ ফলত দেশৰ 8 জন লোকৰে এজনৰ মৃত্যু হয় ৷ চিকাগোৰ এক অধ্যয়নেও এই কথা প্ৰমাণ কৰিছিল যে,আজিপৰ্যন্ত পৰিস্থিতিৰ কোনো উন্নতি ঘটা নাই ৷ ভাৰতত বায়ু প্ৰদূষণ সম্পৰ্কীয় অধ্যয়নৰ পৰা এই কথা পোহৰলৈ আহিছিল যে,ইয়াৰ ফলত শিশুৰ হাপানী ৰোগ আৰু বয়স্ক লোকৰ পক্ষাঘাত আৰু হাওঁফাওঁৰ কৰ্কট আদি হয় ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে,প্ৰতি কিউবিক মিটাৰৰ বায়ুত ধুলিকণাৰ উপস্থিতি দহ মাইক্ৰ'গ্ৰামৰ অধিক হ'ব নালাগে ৷ প্ৰদূষণৰ পৰিমাণ পৰীক্ষণ নকৰা বাবে এই ক্ষেত্ৰত প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডসমূহেই মূলতঃ দায়ী ৷ ব'ৰ্ডৰ পৰ্যালোচনাৰ অভাৱৰ বাবে দেশৰ এক তৃতীয়াংশৰো অধিক চহৰ 'গেছ চেম্বাৰ'লৈ পৰিণত হৈছে ৷ বায়ুৰ মানদণ্ড সূচকাংকৰ (AIQ) মতে,দক্ষিণ এছিয়াৰ চাৰিখন দেশত বায়ু প্ৰদূষণে ভাবুকি সৃষ্টি কৰাৰ সম্ভাৱনা আছে ৷ বাংলাদেশৰ পাচতে বিশ্বৰ ভিতৰতে ভাৰত দ্বিতীয় সৰ্বোচ্চ প্ৰদূষিত দেশ ৷ বায়ু প্ৰদূষণৰ ক্ষেত্ৰত আমি চুবুৰীয়া চীনৰ বহুস্তৰীয় ব্যৱস্থা অনুকৰণ কৰা উচিত ৷ চীনে কয়লাৰ খনি নতুনকৈ প্ৰতিষ্ঠা কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে পুৰণা খনিসমূহত প্ৰদূষণ নিৰ্গমণ বন্ধ কৰাৰ ব্যৱস্থা হাতত লৈছে ৷ কিছুমান ষ্টীলৰ মিল বন্ধ কৰি দিয়াৰ লগতে বাহনৰ যান-জঁট নিয়ন্ত্ৰণ কৰিছে ৷ উত্তৰ চীনত প্ৰতিবছৰে 25 টন কাৰ্বন-ডাই-অ'ক্সাইড উশাহত আৰু প্ৰতিদিনে 50 কিল'গ্ৰাম অক্সিজেন নিশাহত এৰি দিবৰ বাবে বনানীকৰণ কৰিছে ৷ ইয়াৰ পাচতে দেশখনত বায়ুৰ মানদণ্ড আশ্বৰ্যজনকভাৱে উন্নত হৈ পৰিছে ৷

কিন্তু ভাৰতৰ অৱস্থা ইয়াৰ সম্পূৰ্ণ বিপৰীত ৷ পূৰ্বৰ চৰকাৰৰ সংগঠনমূলক শিথিলতাৰ পৰা মুক্ত হ'বলৈ মোডী চৰকাৰে নতুন 'National Clean Air Plan' ৰ প্ৰস্তাৱ কৰিছিল যদিও বৰ্তমানলৈকে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ তেলযুক্ত বাহনৰ পৰিৱৰ্তে বৈদ্যুতিক বাহনৰ ব্যৱহাৰক বৰ্তমানেও উৎসাহিত কৰা হোৱা নাই ৷

পৰিৱেশ সুৰক্ষাৰ প্ৰচেষ্টা আৰু বায়ু প্ৰদূষণৰ ফলত মৃত্যু হোৱাটো ইটোৰ সৈতে সিটো জড়িত বুলি সজাগতাৰ জৰিয়তে চৰকাৰৰ প্ৰাধান্যতা সলনি কৰিব লাগিব ৷ জনসাধাৰণৰ সক্ৰিয় সমৰ্থনো ইয়াৰ বাবে বহু প্ৰয়োজনীয় ৷ ব্যাপক পৰ্যায়ত সামাজিক বনানীকৰণ কৰি উদ্যোগ আৰু বাহনৰ প্ৰদূষণ কঠোৰভাৱে পৰীক্ষণ কৰা হয়,বৈদ্যুতিক পৰিবহণৰ বাবে আইন প্ৰণয়ন কৰা যায় আৰু সৌৰশক্তিৰ উৎপাদন বৃদ্ধি কৰা যায় তেন্তে বায়ুৰ মানদণ্ড উন্নত হোৱাৰ লগতে দেশৰ জনসাধাৰণৰ স্বাস্থ্যও উন্নত হ'ব ৷

লগতে পঢ়ক : গভীৰ প্ৰহেলিকাৰ মাজত মণিপুৰৰ ৰাজনীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.