ETV Bharat / bharat

বীজৰ ক্ষেত্ৰত একাধিপত্য বন্ধ হওক

author img

By

Published : Nov 19, 2019, 2:03 PM IST

বৰ্তমান প্ৰচলিত বীজ আইন মতে নিম্ন মানৰ আৰু ভেজাল বীজ সম্পৰ্কে কৃষকসকলে কৰ্তৃপক্ষক অভিযোগ দিব পাৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় বীজ সমিতিয়ে পৰীক্ষা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আইনখনৰ অধীনত থকা নিয়ম-নীতিসমূহ বেছি কঠোৰ নোহোৱাৰ বাবে অধিকাংশ মধ্যভোগীয়ে আইনৰ সুৰুঙা ব্যৱহাৰ কৰি বা চিনাকি-বিষয়া কৰ্মচাৰীক অনুনয় বিননয় কৰি হাত সাৰি যাব পাৰে। মাত্ৰ বিশাল পৰিসৰত কৃষকৰ সৈতে জড়িত বিষয়ৰ ক্ষেত্ৰতহে আইনখনে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি খেতিয়কৰ উপকাৰ সাধন কৰাৰ উদাহৰণ আছে । ব্যক্তিগত প্ৰতিষ্ঠানৰ স্বীকৃতি বাতিল কৰাৰো দুই-এক নজিৰ আছে।

বীজৰ ক্ষেত্ৰত একাধিপত্য বন্ধ হওক

ভাৰতৰ খেতিয়কৰ বাবে কৃষিকৰ্মই জীৱিকাৰ মূল উপায় । কিন্তু দুৰ্ভাগ্যজনকভাৱে শেহতীয়াকৈ কৃষিয়ে খেতিয়ক সকলক দুৰ্দশা আৰু হতাশাজনক পৰিস্থিতিলৈ ঠেলি দিছে । আচৰিত কথা এয়ে যে কৃষক আৰু কৃষিকৰ্মৰ ফচলৰ ওপৰত নিৰ্ভৰশীল মধ্যভোগী আৰু ব্যৱসায়ীসকলে বৃহৎ অংকৰ মুনাফা লাভ কৰি আহিছে যদিও খেতিয়কসকলে চৰম দুৰ্দশাত দিন কটাবলগীয়া হৈছে । বীজ সংগ্ৰহৰ পৰা ফচললৈ এনে কোনো বিশেষ আইনৰ ব্যৱস্থা নাই যিয়ে খেতিয়কসকলৰ স্বাৰ্থক সুৰক্ষা প্ৰদান কৰে। বীজ আইন তাৰে এটা উদাহৰণ। চৰকাৰৰ দ্বাৰা পৰিচালিত বীজৰ প্ৰতিষ্ঠানসমূহ সক্ৰিয় হৈ থাকোতে প্ৰণয়ন কৰা নিয়মসমূহ বৰ্তমান ব্যক্তিগত খণ্ডৰ বীজ প্ৰতিষ্ঠানসমূহৰ আগ্ৰাসনৰ পাছতো চলি আহিছে। প্ৰকৃততে দুখীয়া কৃষকৰ বাবে প্ৰণয়ন কৰা এই আইন আৰু নিয়মসমূহ এতিয়া ব্যক্তিগত খণ্ডৰ বাবে আশীৰ্বাদ হোৱাৰ বিপৰীতে কৃষকৰ বাবে হৈ পৰিছে অভিশাপ স্বৰূপ। ব্যৱস্থাটোত থকা আঁসোৱাহবোৰে কৃষকৰ অধিকাৰক নিঃশেষ কৰিছে । ক্ষমতা লাভ কৰা নেতাসকলে দশক দশক ধৰি এই বিষয়টোক অৱহেলা কৰি অহাৰ ফলত কৃষকৰ ভৱিষ্যতক লৈ শংকাৰ সৃষ্টি হৈছে। সেয়ে সাতামপুৰুষীয়া বীজ আইনখন পুনৰীক্ষণৰ প্ৰয়োজন আহি পৰাত নতুনকৈ এখন আইনৰ খচৰাৰ বাবে মোডী চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে । কৃষকসকলৰ মতে প্ৰয়োজনীয় সংশোধনসমূহৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এয়াই সুবৰ্ণ সুযোগ যাতে ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত কৃষিজীৱীসকল উপকৃত হয় ।

বৰ্তমান প্ৰচলিত বীজ আইন মতে নিম্ন মানৰ আৰু ভেজাল বীজ সম্পৰ্কে কৃষকসকলে কৰ্তৃপক্ষক অভিযোগ দিব পাৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় বীজ সমিতিয়ে পৰীক্ষা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আইনখনৰ অধীনত থকা নিয়ম-নীতিসমূহ বেছি কঠোৰ নোহোৱাৰ বাবে অধিকাংশ মধ্যভোগীয়ে আইনৰ সুৰুঙা ব্যৱহাৰ কৰি বা চিনাকি-বিষয়া কৰ্মচাৰীক অনুনয় বিননয় কৰি হাত সাৰি যাব পাৰে। মাত্ৰ বিশাল পৰিসৰত কৃষকৰ সৈতে জড়িত বিষয়ৰ ক্ষেত্ৰতহে আইনখনে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি খেতিয়কৰ উপকাৰ সাধন কৰাৰ উদাহৰণ আছে । ব্যক্তিগত প্ৰতিষ্ঠানৰ স্বীকৃতি বাতিল কৰাৰো দুই-এক নজিৰ আছে। কিন্তু স্বীকৃতি বাতিল হোৱাৰ পাছতো কিছুসংখ্যক কোম্পানীয়ে আন নাম আৰু ব্ৰেণ্ডেৰে ভেজাল বীজসমূহ নতুন পেকেটত ভৰাই বিক্ৰীৰ চেষ্টা চলাই আহিছে । কৰ্তৃপক্ষ বা বিষয়াসকলৰ সৈতে থকা গোপন বুজাবুজিৰ বাবে তেনে ব্যক্তিগত প্ৰতিষ্ঠানসমূহে পুনৰ স্বীকৃতি বা যাৱতীয় অনুমতি লাভ কৰে।

এনেধৰণৰ কাৰ্যকলাপে দৰিদ্ৰ আৰু অসহায় কৃষকসকলক দৰিদ্ৰতাৰ কৰাল গ্ৰাসলৈ নিক্ষেপ কৰে ।

তেনে বহু কোম্পানীয়ে তেওঁলোকৰ নিম্নমানৰ সামগ্ৰী জনপ্ৰিয় ব্ৰেণ্ডৰ পেকেটত ভৰাই মুকলি বজাৰত বিক্ৰী কৰি অনৈতিকভাৱে ব্যৱসায় কৰে।

Stop Monopolizing the Seed
উন্নত মানৰ কেৰেলাৰ খেতি

দুৰ্নীতি নিবাৰক শাখা বা ভিজিলেঞ্চে এনফ’ৰ্ছমেণ্ট শাখাইহে এনেধৰণৰ অপকৰ্ম নিয়ন্ত্ৰণ কৰিব পাৰে ।

২০০৪ চনৰ সংসদীয় ষ্টেণ্ডিং সমিতিয়ে বীজ আইন পৰীক্ষা কৰি কিছু পৰাৰ্শ আগবঢ়াইছিল । অৱ্শ্যে বৰ্তমান চৰকাৰখনে গ্ৰহণ কৰিবলৈ ওলোৱা বীজ আইনৰ খচৰাত এই পৰামৰ্শসমূহৰ প্ৰতিফলন ঘটা নাই । চৰকাৰে দেশবাসীৰ পৰা এই বিধেয়কখন সম্পৰ্কে মতামত বিচাৰিছে । নৱেম্বৰৰ শেষাংশৰ ভিতৰত মতামত জনাবলৈ চৰকাৰে আহ্বান জনাইছে । বীজ আইন ২০১৯ খচৰা বিধেয়কৰ ২১ অনুচ্ছেদ অনুসৰি নিম্নমানৰ বা ভেজাল বীজৰ বাবে ক্ষতিৰ সন্মুখীন হোৱা যিকোনো খেতিয়কে বিক্ৰেতা কোম্পানীৰ পৰা ১৯৮৬ চনৰ গ্ৰাহক সুৰক্ষা আইনৰ ভিত্তিত উপযুক্ত ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হ’ব । কিন্তু কোম্পানীটোৱে কৃষকৰ মুঠ ক্ষতিৰ পৰিমাণ দিব নালাগে, বিক্ৰেতাই মাথো বীজ ক্ৰয় কৰোতে গ্ৰহণ কৰা দাম বা সুত থাকিলে সেয়া আদায় দিব লাগে । খেতিয়ক এজনে নিম্ন মানৰ বীজ ক্ৰয় কৰাৰ ফলত কেৱল ফচলেই নেহেৰুৱায়, বৰঞ্চ সময়-শক্তি আৰু কৃষিকৰ্মত প্ৰয়োজনীয় আনবোৰ দিশত ব্যয় কৰা ধনখিনিও অথলে যায়। আনহাতে আইনৰ কাষ চাপিলেও কৃষকজনৰেই হাৰাশাস্তি হয় কাৰণ তেওঁ দৈনন্দিন খেতিৰ কাম কাজ বাদ দি ন্যায়ালয়লৈ তাঁতবাতি কাঢ়িবলগীয়া হয়। সেয়ে গ্ৰাহক আদালতে এই সকলোবোৰ বিষয় চালিজাৰি চাইহে কৃষকক ক্ষতিপূৰণ আদায় সন্দৰ্ভত ৰায় প্ৰদান কৰিব লাগে । এই পৰিৱৰ্তনসমূহেই বিধেয়কখনত সন্নিবিষ্ট হোৱাৰ আশা কৰি আছে দেশৰ কৃষিজীৱীসকলে। খেতিয়কসকলৰ সংগঠনসমূহৰ মতেও সংশ্লিষ্ট সমিতিসমূহত কৃষকৰ প্ৰতিনিধিত্ব থাকিব লাগে যাতে তেওঁলোকৰ লগত জড়িত বিষয়সমূহত স্বচ্ছ আৰু মানৱীয় ৰায় প্ৰদান কৰা হয়। কোম্পানীসমূহে বিক্ৰী কৰা বীজৰ গুণাগুণ সম্পৰ্কে স্বকীয় প্ৰমাণপত্ৰৰ নীতিও এই বিধেয়কখনে বাতিল কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে । কৃষক সমাজে এই সংশোধনক উষ্ম আদৰণি জনাইছে ।

কিন্তু বিধেয়কখনত উল্লেখ থকা মতে ব্যৱসায়িক শস্যৰ বীজৰ দাম নিয়ন্ত্ৰণৰ অধিকাৰ বিশেষ বিশেষ ক্ষেত্ৰতহে সমিতিৰ থাকিব । এই ব্যৱস্থাই কৃষকসকলক বেছি সহায় নকৰিব। সেয়ে ৰাজ্য চৰকাৰে সকলো সময়তে আৰু সকলো ধৰণৰ শস্যৰ বীজৰ ক্ষেত্ৰতেই দাম নিয়ন্ত্ৰণৰ অধিকাৰ নিজৰ লগত ৰাখিব লাগিব। এই নীতি খচৰা বিধেয়কখনত অন্তৰ্ভুক্ত হোৱাটো উচিত। আইনখনৰ ৪০নং অনুচ্ছেদ মতে পৰিৱেশ সুৰক্ষা আইনৰ লগত সংগতি ৰাখি বিদেশী বীজৰ আমদানিৰ ক্ষেত্ৰত নীতি-নিয়মসমূহ নিৰ্ধাৰণ কৰা হৈছে। মুকলি বজাৰত আমদানিকৃত বীজসমূহ বিক্ৰীৰ বাবে এৰি দিয়াৰ আগতে আমদানি কৰা দিনৰ পৰা ২১ দিনলৈ এক সময়ছোৱাৰ ভিতৰত এই বীজসমূহ বা শস্যসমূহ স্থানীয় জলবায়ুৰ লগত অনুকূল হয়নে নহয় সেয়া পৰীক্ষা কৰা উচিত। প্ৰস্তাৱিত বিধেয়কখনত এই সকলোবোৰ সংশোধন সন্নিবিষ্ট কৰিবলৈ দেশৰ কৃষক সমাজে অনুৰোধ জনাইছে।

সাধাৰণতে বীজৰ গুণ এশ শতাংশ হোৱাৰ বিপৰীতে শস্যৰ গুণ বা মান ৮০ শতাংশ নিশ্চিত হোৱাটো জৰুৰী। ইয়াৰ তলৰ মান সম্পন্ন হ’লে সেয়া নিম্নমানৰ বুলি ধৰা হয়। এই নিশ্চয়তা বাঞ্চনীয় বুলি নতুন বিধেয়খনত উল্লেথ থকা উচিত। ২৩নং অনুচ্ছেদ অনুসৰি কৃষি বিজ্ঞানৰ ডিগ্ৰী থকাসকলেহে বীজ বিক্ৰীৰ স্বীকৃতি আৰু অনুমতি লাভ কৰিব লাগে। বিভিন্ন দিশ যেনে জিনৰ গুণাগুণ, নিম্নমানৰ বীজেৰে খেতিয়কক প্ৰৱঞ্চনা, সঠিক সময়ৰ পৰামৰ্শ নিদিয়া বা আন নীতি বহিৰ্ভূত কাৰ্যসমূহৰ বাবে বিক্ৰেতাক এবছৰৰ কাৰাবাস অথবা ২৫ হাজাৰৰ পৰা ৫ লাখলৈ জৰিমনা বিহাৰ ব্যৱস্থা বিধেয়কখনে কৰিব লাগে। পূৰ্বতে ২০০৪ চনৰ আইনখনে ৫০ হাজাৰৰ পৰা ৫ লাখলৈকে জৰিমনা বিহাৰ কথা উল্লেখ কৰিছিল । সংসদীয় ষ্টেণ্ডিং সমিতিয়েও সৰ্বাধিক এবছৰৰ কাৰাবাস বা কাৰাবাস সহ অথবা কাৰাবাস অবিহনে ২ লাখৰ পৰা ১০ লাখলৈ জৰিমনা বিহাৰ বিষয়ে পৰামৰ্শ দিছিল। কিন্তু ২০১৯ চনৰ খচৰা বিধেয়কখনে জৰিমনাৰ পৰিমাণ হ্ৰাস কৰিছে। সংসদীয় ষ্টেণ্ডিং সমিতিৰ পৰামৰ্শ অনুসৰি জৰিমনাৰ পৰিমাণসমূহ পুনৰ বিবেচনা কৰা উচিত। তদুপৰি আইন ভংগ কৰা কোম্পানীসমূহৰ স্বীকৃতি চিৰদিনৰ বাবে বাতিল কৰিব লাগে। তেনে কোম্পানীসমূহক পি ডি অৰ্থাৎ প্ৰিভেণ্টিভ ডিটেনশ্যন আইনৰ আওতাত আনিও শাস্তি প্ৰদান কৰিব লাগে

কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়লৈ আশাকৰ্মীসকলৰ লগতে ৰায়থু স্বৰাজ্য বেদিকা আৰু অখিলা ভাৰতীয় ৰায়থু সংঘমে কেইবাটাও পৰামৰ্শ প্ৰেৰণ কৰিছে । সংসদত বিধেয়কখন চূড়ান্ত তথা গৃহীত কৰাৰ সময়ত এই বিষয়সমূহত গুৰুত্ব দিলে কৃষক সমাজৰ উপকাৰ হোৱাটো নিশ্চিত । উল্লেখনীয় কথাটো হ’ল ১৯৬৬ চনতে প্ৰৱৰ্তন কৰা বীজ আইনখন এতিয়াও চলি আছে । যাৰ ফলত বীজ সংগ্ৰহ বা যোগানৰ লগত জড়িত বহু ব্যক্তিগত কোম্পানীয়ে তেওঁলোকৰ বীজৰ গুণাগুণ বৃদ্ধইৰ বাবে কৰিবলগীয়া গৱেষণা বা বিশ্লেষণসমূহ স্পষ্টভাৱে দেখুৱাব নিবিচাৰে । আনকি এই সম্পৰ্কত তেওঁলোকে কৃষি বিভাগৰ সৈতেও আলোচনা নকৰে । যাৰ ফলত কৃষি বিভাগৰ লগত বজাৰত উপলব্ধ বীজৰ গুণ সম্পৰ্কে কোনো তথ্য নাথাকে । তেনে কোম্পানীসমূহে আকৌ বহু মধ্যভোগী নিয়োগ কৰে যিসকলে তেওঁলোকৰ ভেজাল বীজসমূহ কিনিবলৈ খেতিয়কক প্ৰলোভিত কৰে । যাৰ ফলত ক্ষতিপূৰণ আদায় দিবলগীয়া সময়ত কৃষকে তেওঁলোকৰ পৰা প্ৰত্যক্ষভাৱে বীজ ক্ৰয় কৰা নাই বুলি কৈ কোম্পানীসমূহে সাত মাইল দূৰত অৱস্থান কৰে । এনে অৱস্থাত কৃষকসকল গভীৰ সমস্যাত পৰে । সেয়ে তেওঁলোকে দাবী কৰে যে কৃষি বিভাগে এই ক্ষেত্ৰত নজৰ দিয়াৰ লগতে ভুক্তভোগী কৃষকসকলক সহায়-সহযোগিতা আগবঢ়াব লাগে । আনকি জেনেটিক উৎপাদনৰ ক্ষেত্ৰতো ব্যক্তিগত প্ৰতিষ্ঠানসমূহে এটা প্ৰজাতিৰ বীজ উৎপাদন কৰিবলৈ অনুমতি লাভ কৰাৰ পাছত আন কেইবা প্ৰকাৰৰ বীজ অবৈধ গৱেষণাৰে উৎপাদন কৰে । প্ৰায়েই তেনে প্ৰজাতিৰ বীজসমূহ দৰিদ্ৰ অশিক্ষিত কৃষকসকলৰ জৰিয়তে পৰীক্ষা-নিৰীক্ষা কৰা হয় । যজিও বিভিন্ন ধৰণৰ আইন কানুন আছে তথাপি ইয়াত থকা সুৰুঙাৰ বাবে এই কোম্পানীসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহয় । সকলো প্ৰজাতিৰ বীজৰ পেটণ্টৰ বাবে চৰকাৰৰ অধীনত পঞ্জীয়ন হ'ব লাগে আৰু নতুন খচৰাত এয়া বাঞ্চনীয় বুলি উল্লেখ থাকিব লাগে । তেতিয়াহে কৃষকসকলে মানবিশিষ্ট বীজৰ দ্বাৰা উপকৃত হ’ব। ইয়াৰ জৰিয়তে নিজাকৈ বীজ উৎপাদন কৰা খেতিয়কসকলে কোনোধনৰ ব্ৰেণ্ড ইমেজ অবিহনে আন খেতিয়কক সফলভাৱে বিক্ৰী কৰিবলৈ সক্ষম হ’ব ।

কোম্পানীসমূহে যেতিয়া বীজসমূহৰ মাৰ্কেটিং কৰে তেতিয়া অধিক হাৰত ফচল দেখুৱায় । যেতিয়া কৃষকসকলে এই বীজ ব্যৱহাৰ কৰি অনুৰূপ ফল লাভ নকৰে তেতিয়া চৰকাৰে তেনে কোম্পানীসমূহৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে । চৰকাৰৰ হাতত এই ক্ষেত্ৰতত চূড়ান্ত ক্ষমতা থাকিব লাগে। তেতিয়াহে কৃষকসকল উপকৃত হ’ব। যেতিয়া এক বহুজাতিক কোম্পানীয়ে স্থানীয় বজাৰত প্ৰৱেশ কৰিব বিচাৰে তেতিয়া কোম্পানীটোৰ সামগ্ৰীৰ দ্বাৰা স্থানীয় কৃষকসকল লাভান্বিত হ’বনে নাই তাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিব লাগে । কোম্পানীটোৱে তেওঁলোকৰ উৎপাদনৰ বাবে ৰাজ সাহায্য লাভ কৰাটো উচিত নহয়। তাৰ সলনি স্থানীয় কৃষিজীৱী সমাজৰ কল্যাণৰ বাবেহে বহুজাতিক কোম্পানীসমূহক স্থানীয় বজাৰত প্ৰৱেশ কৰিবলৈ চৰকাৰে অনুমতি দিব লাগে। সমগ্ৰ কৃষি সমাজ আৰু সংগঠনে খচৰা বিধেয়কখনৰ জৰিয়তে এই ব্যৱস্থাক আইনী ৰূপ দি কৃষকৰ উন্নয়ন সাধনৰ পক্ষত মতপোষণ কৰিছে । তদুপৰি তেনে কোম্পানীৰ সকলো ধৰণৰ বীজৰ বাবে কঠোৰ মূল্য নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকিব লাগে । নিম্নমানৰ বীজ বিক্ৰী কৰি কৃষকক ঠগন দিয়া যিকোনো কোম্পানীক আইনৰ অধীনত আনি কঠোৰ শাস্তি বিহিব লাগে । তেনে কোম্পানীসমূহৰ স্বীকৃতি স্থায়ীভাৱে বাতিল কৰাৰ লগতে যাতে অন্য নাম বা পঞ্জীয়নৰ যোগেদি পুনৰাই ব্যৱসায় কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিব লাগে । সকলোধৰণৰ দেশী অথবা বিদেশী কোম্পানীৰ প্ৰতিয়েই চৰকাৰৰ তীক্ষ্ণ দৃষ্টি থাকিব লাগে । .

ভেজাল বীজ নিয়ন্ত্ৰণ কৰিব পৰা ব্যৱস্থাৰ অভাৱঃ

Stop Monopolizing the Seed
উন্নত মানদণ্ডৰ বীজেৰে কৰা সৰিয়হৰ খেতি

প্ৰতি বছৰে ফচলৰ পৰা বীজ সাঁচি ৰখাটো কৃষকসকলৰ বাবে সাধাৰণ কথা । এয়া কেৱল প্ৰত্যক্ষ বা পুনৰ কৰিব পৰা খেতিৰ ক্ষেত্ৰতহে প্ৰযোজ্য । হাইব্ৰীড প্ৰজাতিৰ খেতিৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয়। হাইব্ৰীড বা ব্যৱসায়িক শস্যৰ ক্ষেত্ৰত কৃষকে বীজৰ বাবে বীজ উৎপাদনকাৰী কোম্পানীসমূহৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য। বীজ উৎপাদনৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ স্থান বৰ বেছি ওপৰত নহ’লেও বীজ ব্যৱহাৰকাৰী হিচাপে ভাৰতৰ স্থান শীৰ্ষ তালিকাত আছে। যাৰ ফলত এই বৃহৎ বজাৰ দখল কৰিবলৈ স্বদেশী-বিদেশী বীজ উৎপাদনকাৰীসকলে সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু বিষয়াসকলৰ সৈতে লগ লাগি উঠি পৰি লাগিছে । ২০০২ চনত ইউ পি এ চৰকাৰে এখন নতুন বীজ আইন আনিছিল । এই আইনৰ উদ্দেশ্য আছিল কৃষিজীৱী সমাজৰ স্বাৰ্থ সুৰক্ষিত কৰা আৰু বীজ উৎপাদনকাৰী ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ অনৈতিক কাৰ্য ৰোধ কৰা । পৰৱৰ্তী সময়ত ২০০৪ চনত এখন খচৰা বিধেয়ক অনা হৈছিল । কিন্তু বিধেয়কখন বিভিন্ন কাৰণত গৃহীত হোৱা নাছিল । ২০১০ চনত পুনৰ সংসদীয় ষ্টেণ্ডিং সমিতিৰ পৰামৰ্শসমূহ প্ৰতিখন ৰাজ্য চৰকাৰলৈ মতামত বিচাৰি প্ৰেৰণ কৰা হৈছিল । খচৰা বিধেয়কখন আৰু কিছু পৰামৰ্শ সন্নিবিষ্ট কৰি প্ৰায়ে চূড়ান্ত কৰা হৈছে । কিন্তু দেশৰ বহু কৃষক সংগঠনে বিধেয়কখন নাকচ কৰি অভিমত ব্যক্ত কৰিছে যে কৃষকৰ সলনি কোম্পানীসমূহৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈহে বিধেয়কখন প্ৰস্তুত কৰা হৈছে । ব্যক্তিগত কোম্পানীসমূহৰ লগত চৰকাৰৰ থকা সম্পৰ্কৰ ফলতে এয়া হৈছে বুলি ভবা হৈছে । এতিয়া নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে শেহতীয়া বীজ আইন, ২০১৯ৰ জৰিয়তে বহু প্ৰতীক্ষিত আৰু আকাংক্ষিত পৰিৱৰ্তনসমূহৰ জৰিয়তে ভাৰতৰ কৃষকৰ মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙাব পাৰেনে নাই সেয়া লক্ষণীয় হৈ পৰিছে ।

Stop Monopolizing the Seed
বৰ্ণসংকৰ প্ৰজাতিৰ কুঁহিয়াৰৰ খেতি

-আমিৰনেনি হৰিকৃষ্ণ

Intro:Body:

Stop Monopolizing the Seed”

বীজৰ ক্ষেত্ৰত একাধিপত্য বন্ধ হওক

নতুন আইনৰ বাবে কৃষকসকলৰ দাবী

ভাৰতৰ খেতিয়কৰ বাবে কৃষিকৰ্মই জীৱিকাৰ মূল উপায় । কিন্তু দুৰ্ভাগ্যজনকভাৱে শেহতীয়াকৈ কৃষিয়ে খেতিয়কসকলক দুৰ্দশা আৰু হতাশাজনক পৰিস্থিতিলৈ ঠেলি দিছে । আচৰিত কথা এয়ে যে কৃষক আৰু কৃষিকৰ্মৰ ফচলৰ ওপৰত নিৰ্ভৰশীল মধ্যভোগী আৰু ব্যৱসায়ীসকলে বৃহৎ অংকৰ মুনাফা লাভ কৰি আহিছে যদিও খেতিয়কসকলে চৰম দুৰ্দশাত দিন কটাবলগীয়া হৈছে । বীজ সংগ্ৰহৰ পৰা ফচললৈ এনে কোনো বিশেষ আইনৰ ব্যৱস্থা নাই যিয়ে খেতিয়কসকলৰ স্বাৰ্থক সুৰক্ষা প্ৰদান কৰে । বীজ আইন তাৰে এটা উদাহৰণ । চৰকাৰৰ দ্বাৰা পৰিচালিত বীজৰ প্ৰতিষ্ঠানসমূহ সক্ৰিয় হৈ থাকোঁতে প্ৰণয়ন কৰা নিয়মসমূহ বৰ্তমান ব্যক্তিগত খণ্ডৰ বীজ প্ৰতিষ্ঠানসমূহৰ আগ্ৰাসনৰ পাছতো চলি আহিছে । প্ৰকৃততে দুখীয়া কৃষকৰ বাবে প্ৰণয়ন কৰা এই আইন আৰু নিয়মসমূহ এতিয়া ব্যক্তিগত খণ্ডৰ বাবে আশীৰ্বাদ হোৱাৰ বিপৰীতে কৃষকৰ বাবে হৈ পৰিছে অভিশাপ স্বৰূপ । ব্যৱস্থাটোত থকা আসোৱাহবোৰে কৃষকৰ অধিকাৰক নিঃশেষ কৰিছে । ক্ষমতা লাভ কৰা নেতাসকলে দশক দশক ধৰি এই বিষয়টোক অৱহেলা কৰি অহাৰ ফলত কৃষকৰ ভৱিষ্যতকলৈ শংকাৰ সৃষ্টি হৈছে । সেয়ে সাতামপুৰুষীয়া বীজ আইনখন পুনৰীক্ষণৰ প্ৰয়োজন আহি পৰাত নতুনকৈ এখন আইনৰ খচৰাৰ বাবে মোডী চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে । কৃষকসকলৰ মতে প্ৰয়োজনীয় সংশোধনসমূহৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এয়াই সুবৰ্ণ সুযোগ যাতে ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত কৃষিজীৱীসকল উপকৃত হয় ।

বৰ্তমান প্ৰচলিত বীজ আইন মতে নিম্ন মানৰ আৰু ভেজাল বীজ সম্পৰ্কে কৃষকসকলে কৰ্তৃপক্ষক অভিযোগ দিব পাৰে । এই সন্দৰ্ভত কেন্দ্ৰীয় বীজ সমিতিয়ে পৰীক্ষা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে । আইনখনৰ অধীনত থকা নিয়ম-নীতিসমূহ বেছি কঠোৰ নোহোৱাৰ বাবে অধিকাংশ মধ্যভোগীয়ে আইনৰ সুৰুঙা ব্যৱহাৰ কৰি বা চিনাকি-বিষয়া কৰ্মচাৰীক অনুনয় বিননয় কৰি হাত সাৰি যাব পাৰে । মাত্ৰ বিশাল পৰিসৰত কৃষকৰ সৈতে জড়িত বিষয়ৰ ক্ষেত্ৰতহে আইনখনে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি খেতিয়কৰ উপকাৰ সাধন কৰাৰ উদাহৰণ আছে । ব্যক্তিগত প্ৰতিষ্ঠানৰ স্বীকৃতি বাতিল কৰাৰো দুই-এক নজিৰ আছে । কিন্তু স্বীকৃতি বাতিল হোৱাৰ পাছতো কিছুসংখ্যক কোম্পানীয়ে আন নাম আৰু ব্ৰেণ্ডেৰে ভেজাল বীজসমূহ নতুন পেকেটত ভৰাই বিক্ৰীৰ চেষ্টা চলাই আহিছে । কৰ্তৃপক্ষ বা বিষয়াসকলৰ সৈতে থকা গোপন বুজাবুজিৰ বাবে তেনে ব্যক্তিগত প্ৰতিষ্ঠানসমূহে পুনৰ স্বীকৃতি বা যাৱতীয় অনুমতি লাভ কৰে ।

এনেধৰণৰ কাৰ্যকলাপে দৰিদ্ৰ আৰু অসহায় কৃষকসকলক দৰিদ্ৰতাৰ কৰাল গ্ৰাসলৈ নিক্ষেপ কৰে ।

তেনে বহু কোম্পানীয়ে তেওঁলোকৰ নিম্নমানৰ সামগ্ৰী জনপ্ৰিয় ব্ৰেণ্ডৰ পেকেটত ভৰাই মুকলি বজাৰত বিক্ৰী কৰি অনৈতিকভাৱে ব্যৱসায় কৰে ।

দুৰ্নীতি নিবাৰক শাখা বা ভিজিলেঞ্জ এনফ’ৰ্ছমেণ্ট শাখাইহে এনেধৰণৰ অপকৰ্ম নিয়ন্ত্ৰণ কৰিব পাৰে ।

২০০৪ চনৰ সংসদীয় ষ্টেণ্ডিং কমিটীয়ে বীজ আইন পৰীক্ষা কৰি কিছু পৰাৰ্শ আগবঢ়াইছিল । অৱ্শ্যে বৰ্তমান চৰকাৰখনে গ্ৰহণ কৰিবলৈ ওলোৱা বীজ আইনৰ খচৰাত এই পৰামৰ্শসমূহৰ প্ৰতিফলন ঘটা নাই । চৰকাৰে দেশবাসীৰ পৰা এই বিধেয়কখন সম্পৰ্কে মতামত বিচাৰিছে । নৱেম্বৰৰ শেষাংশৰ ভিতৰত মতামত জনাবলৈ চৰকাৰে আহ্বান জনাইছে । বীজ আইন ২০১৯ খচৰা বিধেয়কৰ ২১ অনুচ্ছেদ অনুসৰি নিম্নমানৰ বা ভেজাল বীজৰ বাবে ক্ষতিৰ সন্মুখীন হোৱা যিকোনো খেতিয়কে বিক্ৰেতা কোম্পানীৰ পৰা ১৯৮৬ চনৰ গ্ৰাহক সুৰক্ষা আইনৰ ভিত্তিত উপযুক্ত ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হ’ব । কিন্তু কোম্পানীটোৱে কৃষকৰ মুঠ ক্ষতিৰ পৰিমাণ দিব নালাগে, বিক্ৰেতাই মাথো বীজ ক্ৰয় কৰোঁতে গ্ৰহণ কৰা দাম বা সুত থাকিলে সেয়া আদায় দিব লাগে । খেতিয়ক এজনে নিম্ন মানৰ বীজ ক্ৰয় কৰাৰ ফলত কেৱল ফচলেই নেহেৰুৱায়, বৰঞ্চ সময়-শক্তি আৰু কৃষিকৰ্মত প্ৰয়োজনীয় আনবোৰ দিশত ব্যয় কৰা ধনখিনিও অথলে যায় । আনহাতে আইনৰ কাষ চাপিলেও কৃষকজনৰেই হাৰাশাস্তি হয় কাৰণ তেওঁ দৈনন্দিন খেতিৰ কামকাজ বাদ দি ন্যায়ালয়লৈ তাঁতবাতি কাঢ়িবলগীয়া হয় । সেয়ে গ্ৰাহক আদালতে এই সকলোবোৰ বিষয় চালিজাৰি চাইহে কৃষকক ক্ষতিপূৰণ আদায় সন্দৰ্ভত ৰায় প্ৰদান কৰিব লাগে । এই পৰিৱৰ্তনসমূহেই বিধেয়কখনত সন্নিবিষ্ট হোৱাৰ আশা কৰি আছে দেশৰ কৃষিজীৱীসকলে । খেতিয়কসকলৰ সংগঠনসমূহৰ মতেও সংশ্লিষ্ট সমিতিসমূহত কৃষকৰ প্ৰতিনিধিত্ব থাকিব লাগে যাতে তেওঁলোকৰ লগত জড়িত বিষয়সমূহত স্বচ্ছ আৰু মানৱীয় ৰায় প্ৰদান কৰা হয় ।

কোম্পানীসমূহে বিক্ৰী কৰা বীজৰ গুণাগুণ সম্পৰ্কে স্বকীয় প্ৰমাণপত্ৰৰ নীতিও এই বিধেয়কখনে বাতিল কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে । কৃষক সমাজে এই সংশোধনক উষ্ম আদৰণি জনাইছে ।

কিন্তু বিধেয়কখনত উল্লেথ থকামতে ব্যৱসায়িক শস্যৰ বীজৰ দাম নিয়ন্ত্ৰণৰ অধিকাৰ বিশেষ বিশেষ ক্ষেত্ৰতহে সমিতিৰ থাকিব । এই ব্যৱস্থাই কৃষকসকলক বেছি সহায় নকৰিব । সেয়ে ৰাজ্য চৰকাৰে সকলো সময়তে আৰু সকলো ধৰণৰ শস্যৰ বীজৰ ক্ষেত্ৰতেই দাম নিয়ন্ত্ৰণৰ অধিকাৰ নিজৰ লগত ৰাখিব লাগিব । এই নীতি খচৰা বিধেয়কখনত অন্তৰ্ভুক্ত হোৱাটো উচিত । আইনখনৰ ৪০ নং অনুচ্ছেদ মতে পৰিৱেশ সুৰক্ষা আইনৰ লগত সংগতি ৰাখি বিদেশী বীজৰ আমদানিৰ ক্ষেত্ৰত নীতি-নিয়মসমূহ নিৰ্ধাৰণ কৰা হৈছে । মুকলি বজাৰত আমদানিকৃত বীজসমূহ বিক্ৰীৰ বাবে এৰি দিয়াৰ আগতে আমদানি কৰা দিনৰ পৰা ২১ দিনলৈ এক সময়ছোৱাৰ ভিতৰত এই বীজসমূহ বা শস্যসমূহ স্থানীয় জলবায়ুৰ লগত অনুকূল হয়নে নহয় সেয়া পৰীক্ষা কৰা উচিত । প্ৰস্তাৱিত বিধেয়কখনত এই সকলোবোৰ সংশোধন সন্নিবিষ্ট কৰিবলৈ দেশৰ কৃষক সমাজে অনুৰোধ জনাইছে ।

সাধাৰণতে বীজৰ গুণ এশ শতাংশ হোৱাৰ বিপৰীতে শস্যৰ গুণ বা মান ৮০ শতাংশ নিশ্চিত হোৱাটো জৰুৰী । ইয়াৰ তলৰ মানসম্পনন হ’লে সেয়া নিম্নমানৰ বুলি ধৰা হয় । এই নিশ্চয়তা বাঞ্চনীয় বুলি নতুন বিধেয়খনত উল্লেথ থকা উচিত । ২৩ নং অনুচ্ছএদ অনুসৰি কৃষি বিজ্ঞানৰ ডিগ্ৰী থকাসকলেহে বীজ বিক্ৰীৰ স্বীকৃতি আৰু অনুমতি লাভ কৰিব লাগে । বিভিন্ন দিশ যেনে জিনৰ গুণাগুণ, নিম্নমানৰ বীজেৰে খেতিয়কক প্ৰৱঞ্চনা, সঠিক সময়ৰ পৰামৰ্শ নিদিয়া বা আন নীতি বহিৰ্ভূত কাৰ্যসমূহৰ বাবে বিক্ৰেতাক এবছৰৰ কাৰাবাস অথবা ২৫ হাজাৰৰ পৰা ৫ লাখলৈ জৰিমনা বিহাৰ ব্যৱস্থা বিধেয়কখনে কৰিব লাগে । পূৰ্বতে ২০০৪ চনৰ আইনখনে ৫০ হাজাৰৰ পৰা ৫ লাখলৈকে জৰিমনা বিহাৰ কথা উল্লেখ কৰিছিল । সংসদীয় ষ্টেণ্ডিং সমিতিয়েও সৰ্বাধিক এবছৰৰ কাৰাবাস বা কাৰাবাসসহ অথবা কাৰাবাস অবিহনে ২ লাখৰ পৰা ১০ লাখলৈ জৰিমনা বিহাৰ বিষয়ে পৰামৰ্শ দিছিল । কিন্তু ২০১৯ চনৰ খচৰা বিধেয়কখনে জৰিমনাৰ পৰিমাণ হ্ৰাস কৰিছে । সংসদীয় ষ্টেণ্ডিং সমিতিৰ পৰামৰ্শ অনুসৰি জৰিমনাৰ পৰিমানসমূহ পুনৰ বিবেচনা কৰা উচিত । তদুপৰি আইন ভংগ কৰা কোম্পানীসমূহৰ স্বীকৃতি চিৰদিনৰ বাবে বাতিল কৰিব লাগে । তেনে কোম্পানীসমূহক পি ডি অৰ্থাৎ প্ৰিভেণ্টিভ ডিটেনশ্বন আইনৰ আওতাত আনিও শাস্তি প্ৰদান কৰিব লাগে

. কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়লৈ আশাকৰ্মীসকলৰ লগতে ৰায়থু স্বৰাজ্য বেদিকা আৰু অখিলা ভাৰতীয় ৰায়থু সংঘমে কেইবাটাও পৰামৰ্শ প্ৰেৰণ কৰিছে । সংসদত বিধেয়কখন চূড়ান্ত তথা গৃহীত কৰাৰ সময়ত এই বিষয়সমূহত গুৰুত্ব দিলে কৃষক সমাজৰ উপকাৰ হোৱাটো নিশ্চিত ।

Rights to the Farmers

কৃষকৰ অদিকাৰ

উল্লেখনীয় কথাটো হ’ল ১৯৬৬ চনতে প্ৰৱৰ্তন কৰা বীজ আইনখন এতিয়াও চলি আছে । যাৰ ফলত বীজ সংগ্ৰহ বা যোগানৰ লগত জড়িত বহু ব্যক্তিগত কোম্পানীয়ে তেওঁলোকৰ বীজৰ গুণাগুণ বৃদ্ধইৰ বাবে কৰিবলগীয়া গৱেষণা বা বিশ্লেষণসমূহ স্পষ্টভাৱে দেখুৱাব নিবিচাৰে । আনকি এই সম্পৰ্কত তেওঁলোকে কৃষি বিভাগৰ সৈতেও আলোচনা নকৰে । যাৰ ফলত কৃষি বিভাগৰ লগত বজাৰত উপলব্ধ বীজৰ গুণ সম্পৰ্কে কোনো তথ্য নাথাকে । তেনে কোম্পানীসমূহে আকৌ বহু মধ্যভোগী নিয়োগ কৰে যিসকলে তেওঁলোকৰ ভেজাল বীজসমূহ কিনিবলৈ খেতিয়কক প্ৰলোভিত কৰে । যাৰ ফলত ক্ষতিপূৰণ আদায় দিবলগীয়া সময়ত কৃষকে তেওঁলোকৰ পৰা প্ৰত্যক্ষভাৱে বীজ ক্ৰয় কৰা নাই বুলি কৈ কোম্পানীসমূহে সাত মাইল দূৰত অৱস্থান কৰে । এনে অৱস্থাত কৃষকসকল গভীৰ সমস্যাত পৰে । সেয়ে তেওঁলোকে দাবী কৰে যে কৃষি বিভাগে এই ক্ষেত্ৰত নজৰ দিয়াৰ লগতে ভুক্তভোগী কৃষকসকলক সহায়-সহযোগিতা আগবঢ়াব লাগে ।

আনকি জেনেটিক উৎপাদনৰ ক্ষেত্ৰতো ব্যক্তিগত প্ৰতিষ্ঠানসমূহে এটা প্ৰজাতিৰ বীজ উৎপাদন কৰিবলৈ অনুমতি লাভ কৰাৰ পাছত আন কেইবা প্ৰকাৰৰ বীজ অবৈধ গৱেষণাৰে উৎপাদন কৰে । প্ৰায়েই তেনে প্ৰজাতিৰ বীজসমূহ দৰিদ্ৰ অশিক্ষিত কৃষকসকলৰ জৰিয়তে পৰীক্ষা-নিৰীক্ষা কৰা হয় । যজিও বিভিন্ন ধৰণৰ আইন কানুন আছে তথাপি ইয়াত থকা সুৰুঙাৰ বাবে এই কোম্পানীসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহয় । সকলো প্ৰজাতিৰ বীজৰ পেটণ্টৰ বাবে চৰকাৰৰ অধীনত পঞ্জীয়ন হব লাগে আৰু নতুন খচৰাত এয়া বাঞ্চনীয় বুলি উল্লেখ থাকিব লাগে । তেতিয়াহে কৃষকসকলে মানবিশিষ্ট বীজৰ দ্বাৰা উপকৃত হ’ব । ইয়াৰ জৰিয়তে নিজাকৈ বীজ উৎপাদন কৰা খেতিয়কসকলে কোনোধনৰ ব্ৰেণ্ড ইমেজ অবিহনে আন খেতিয়কক সফলভাৱে বিক্ৰী কৰিবলৈ সক্ষম হ’ব ।

কোম্পানীসমূহে যেতিয়া বীজসমূহৰ মাৰ্কেটিং কৰে তেতিয়া ্ধিক হাৰত ফচল দেখুৱায় । যেতিয়া কৃষকসকলে এই বীজ ব্যৱহাৰ কৰি অনুৰূপ ফল লাভ নকৰে তেতিয়া চৰকাৰে তেনে কোম্পানীসমূহৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে । চৰকাৰৰ হাতত এই ক্ষেত্ৰতত চূড়ান্ত ক্ষমতা থাকিব লাগে । তেতিয়াহে কৃষকসকল উপকৃত হ’ব ।

যেতিয়ে এক বহুজাতিক কোম্পানীয়ে স্থানীয় বজাৰত প্ৰৱেশ কৰিব বিচাৰে তেতিয়া কোম্পানীটোৰ সামগ্ৰীৰ দ্বাৰা স্থানীয় কৃষকসকল লাভান্বিত হ’বনে নাই তাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিব লাগে । কোম্পানীটোৱে তেওঁলোকৰ উৎপাদনৰ বাবে ৰাজ সাহায্য লাভ কৰাটো উচিত নহয় । তাৰ সলনি স্থানীয় কৃষিজীৱী সমাজৰ কল্যাণৰ বাবেহে বহুজাতিক কোম্পানীসমূহক স্থানীয় বজাৰত প্ৰৱেশ কৰিবলৈ চৰকাৰে অনুমতি দিব লা গে। সমগ্ৰ কৃষি সমাজ আৰু সংগঠনে খচৰা বিধেয়কখনৰ জৰিয়তে এই ব্যৱস্থাক আইনী ৰূপ দি কৃষকৰ উন্নয়ন সাধনৰ পক্ষত মতপোষণ কৰিছে । .

তদুপৰি তেনে কোম্পানীৰ সকলো ধৰণৰ বীজৰ বাবে কঠোৰ মূল্য নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকিব লাগে । নিম্নমানৰ বীজ বিক্ৰী কৰি কৃষকক ঠগন দিয়া যিকোনো কোম্পানীক আইনৰ অধীনত আনি কঠোৰ শাস্তি বিহিব লাগে । তেনে কোম্পানীসমূহৰ স্বীকৃতি স্থায়ীভাৱে বাতিল কৰাৰ লগতে যাতে অন্য নাম বা পঞ্জীয়নৰ যোগেদি পুনৰাই ব্যৱসায় কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিব লাগে । সকলোধৰণৰ দেশী অথবা বিদেশী কোম্পানীৰ প্ৰতিয়েই চৰকাৰৰ তীক্ষ্ণ দৃষ্টি থাকিব লাগে । .

ভেজাল বীজ নিয়ন্ত্ৰণ কৰিব পৰা ব্যৱস্থাৰ অভাৱঃ

প্ৰতি বছৰে ফচলৰ পৰা বীজ সাচি ৰখাটো কৃষকসকলৰ বাবে সাধাৰণ কথা । এয়া কেৱল প্ৰত্যক্ষ বা পুনৰ কৰিব পৰা খেতিৰ ক্ষেত্ৰতহে প্ৰযোজ্য । হাইব্ৰীড প্ৰজাতিৰ খেতিৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয় । হাইব্ৰীড বা ব্যৱসায়িক পশস্যৰ ক্ষেত্ৰত কৃষকে বীজৰ বাবে বীজ উৎপাদনকাৰী কোম্পানীসমূহৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য ।

বীজ উৎপাদনৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ স্থান বৰ বেছি ওপৰত নহ’লেও বীজ ব্যৱহাৰকাৰী হিচাপে ভাৰতৰ স্থান শীৰ্ষ তালিকাত আছে । যাৰ ফলত এই বৃহৎ বজাৰ দখল কৰিবলৈ স্বদেশী-বিদেশী বীজ উৎপাদনকাৰীসকলে সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু বিষয়াসকলৰ সৈতে লগ লাগি উঠি পৰি লাগিছে ।

২০০২ চনত ইউ পি এ চৰকাৰে এখন নতুন বীজ আইন আনিছিল । এই আইনৰ উদ্দেশ্য আছিল কৃষিজীৱী সমাজৰ স্বাৰ্থ সুৰক্ষিত কৰা আৰু বীজ উৎপাদনকাৰী ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ অনৈতিক কাৰ্য ৰোধ কৰা । পৰৱৰ্তী সময়ত ২০০৪ চনত এখন খচৰা বিধেয়ক অনা হৈছিল । কিন্তু বিধেয়কখন বিভিন্ন কাৰণত গৃহীত হোৱা নাছিল । ২০১০ চনত পুনৰ সংসদীয় ষ্টেণ্ডিং সমিতিৰ পৰামৰ্শসমূহ প্ৰতিখন ৰাজ্য চৰকাৰলৈ মতামত বিচাৰি প্ৰেৰণ কৰা হৈছিল । খচৰা বিধেয়কখন আৰু কিছু পৰামৰ্শ সন্নিবিষ্ট কৰি প্ৰায়ে চূড়ান্ত কৰা হৈছে । কিন্তু দেশৰ বহু কৃষক সংগঠনে বিধেয়কখন নাকচ কৰি অভিমত ব্যক্ত কৰিছে যে কৃষকৰ সলনি কোম্পানীসমূহৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈহে বিধেয়কখন প্ৰস্তুত কৰা হৈছে । ব্যক্তিগত কোম্পানীসমূহৰ লগত চৰকাৰৰ থকা সম্পৰ্কৰ ফলতে এয়া হৈছে বুলি ভবা হৈছে ।

এতিয়া নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে শেহতীয়া বীজ আইন, ২০১৯ ৰ জৰিয়তে বহু প্ৰতীক্ষিত আৰু আকাংক্ষিত পৰিৱৰ্তনসমূহৰ জৰিয়তে ভাৰতৰ কৃষকৰ মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙাব পাৰেনে নাই সেয়া লক্ষণীয় হৈ পৰিছে ।

-আমিৰনেনি হৰিকৃষ্ণ

-

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.