ETV Bharat / bharat

4মাহৰ অন্তত মুকলি শ্ৰীনগৰ-লেহ ঘাইপথ

author img

By

Published : Apr 12, 2020, 8:53 AM IST

425 কিলোমিটাৰ দৈৰ্ঘ্যৰ শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথটো অৱশেষত মুকলি কৰি দিয়া হয় ৷ জজিলা পাছত হোৱা হিমবাহৰ ফলত বিগত চাৰি মাহে বন্ধ কৰি ৰখা হৈছিল ঘাইপথটো ৷ অৱশেষত কোভিড-19 মহামাৰীৰ সময়ত লাডাখলৈ অত্যাৱশ্যকীয় তথা জৰুৰীকালীন সামগ্ৰী আৰু সেৱাসমূহ উপলব্ধ কৰি তুলিবৰ বাবে এইদৰে মুকলি কৰি দিয়া হয় পথটো ৷

4মাহৰ অন্তত মুকলি শ্ৰীনগৰ-লেহ ঘাইপথ
4মাহৰ অন্তত মুকলি শ্ৰীনগৰ-লেহ ঘাইপথ

নিউজ ডেস্ক, 12 এপ্ৰিলঃ লাডাখলৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱাৰ বাবে প্ৰায় 4 মাহৰ অন্তত মুকলি কৰা হয় শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথ ৷ 425 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো জজিলা পাছত হোৱা হিমবাহৰ ফলত এইদৰে চাৰিমাহ ধৰি বন্ধ হৈ আছিল ৷

অৱশেষত কোভিড-19 মহামাৰীৰ বাবে দেখা দিয়া সংকটৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে মুকলি কৰি দিয়া হয় পথটো ৷ লাডাখলৈ অত্যাৱশ্যকীয় তথা জৰুৰীকালীন সেৱাসমূহ যোগান ধৰিবৰ বাবে শনিবাৰে মুকলি কৰি দিয়া হয় ঘাইপথটো ৷ অৱশ্যে চৰকাৰী ঘোষণা পত্ৰত কোনো ৰাজহুৱা, ব্যক্তিগত অথবা খোজকাঢ়িবলৈয়ো অনুমতি প্ৰদান কৰা হোৱা নাই ৷ কেৱল মাত্ৰ চৰকাৰী সাহাৰ্য সামগ্ৰীসমূহ কঢ়িয়াবলৈয়ে এইদৰে পথটো মুকলি কৰি দিয়া হৈছে বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰকাশ কৰিছে ৷

4মাহৰ অন্তত মুকলি শ্ৰীনগৰ-লেহ ঘাইপথ
4মাহৰ অন্তত মুকলি শ্ৰীনগৰ-লেহ ঘাইপথ

প্ৰতিৰক্ষা বিভাগৰ অধীনস্থ তথা কেন্দ্ৰীয় গড়কাপ্তানী বিভাগে চোৱাচিতা কৰা বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বনে এই ঘাইপথটোৰ দায়িত্বত আছে ৷ জজিলালৈকে থকা পথচোৱা 'Beacon' প্ৰকল্পৰ অধীনত আৰু বাকী অংশ 'Vijayak' প্ৰকল্পৰ অধীনত চোৱাচিতা কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.