ETV Bharat / bharat

চোৰাংচোৱাৰ বিফলতাই বিস্ফোৰণৰ মূল কাৰণঃ শ্ৰীলংকা চৰকাৰ - চোৰাংচোৱাৰ বিফলতা

ধাৰাবাহিক বিস্ফোৰণৰ 24 ঘন্টাৰ পিচতে শ্ৰীলংকাৰ চৰকাৰে বিস্ফোৰণক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে

শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণ
author img

By

Published : Apr 22, 2019, 3:18 PM IST

নিউজ ডেস্ক, 22 এপ্ৰিলঃ সমগ্ৰ বিশ্বক কপাই তোলা শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ আঁৰত আত্মঘাতী বোমাৰু আছিল ৷ এই কথা প্ৰকাশ কৰিছে দেশখনৰ চৰকাৰৰ এক শীৰ্ষ সূত্ৰই ৷ শ্ৰীলংকা চৰকাৰৰ এগৰাকী শীৰ্ষ বিষয়া এ ৱেলিংগাই স্থানীয় সংবাদ প্ৰতিষ্ঠান "দেইলি মিৰৰ"ৰ আগত প্ৰকাশ কৰা অনুসৰি সোমবাৰে সংঘটিত হোৱা ধাৰাবাহিক বিস্ফোৰণৰ আঁৰত আছিল আত্মঘাতী বোমাৰু ৷

etvbharatassam
শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণ

দেশখনত সংঘটিত হোৱা বিস্ফোৰণৰ আগতীয়া সম্ভেদ চোৰাংচোৱাৰ হাতত আছিল ৷ সেই অনুসৰিয়ে চোৰাংচোৱা বিভাগে আৰক্ষী বিভাগৰ লগতে অন্যান্য সংশ্লিষ্ট বিভাগসমূহক সচেতন কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত এই বিষয়টো গুৰুত্ব সহকাৰে নলৈ এৰাই চলিছিল দেশখনৰ চোৰাংচোৱাকে ধৰি আৰক্ষী তথা অন্যান্য সংশ্লিষ্ট বিভাগসমূহে ৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত দেশখনৰ আৰক্ষীয়ে নিজাববীয়াকৈ অভিযান আৰম্ভ কৰিছে আৰু কি কাৰণত এনেকুৱা তথ্য এৰাই চলা হৈছিল সেই বিষয়ে তদন্ত আৰম্ভ কৰিছে ৷

বিস্ফোৰণৰ ফলত নিহতৰ সংখ্যা 290গৰাকীলৈ বৃদ্ধি পোৱাৰ লগতে আহতৰ সংখ্যা 500লৈ বৃদ্ধি পাইছে ৷ ঘটনা সন্দৰ্ভত দেশখনৰ আৰক্ষীয়ে বৰ্তমানলৈ 24গৰাকী লোকক আটক কৰিছে ৷ দেশখনৰ প্ৰধানমন্ত্ৰীৰ ভাষ্য অনুসৰি গ্ৰেপ্তাৰ হোৱা অধিকাংশ লোকেই স্থানীয় আৰু ইয়াৰ সৈতে কোনো বিদেশী শক্তি জড়িত হৈ আছে নে নাই সেই বিষয়ে সোধাপোচা অব্যাহত ৰাখিছে ৷

SSSSSSSSSSSSS
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.