নিউজ ডেস্ক, ২৩ জুনঃ এচিড আক্ৰমণৰ ভুক্তভোগীসকৰ আধাৰতে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেতা চনু নিগমে নিৰ্মাণ কৰিছে "স্পটলেছ" নামৰ এখন বিশেষ ছুটি ছবি। কণ্ঠশিল্পী গৰাকীয়ে প্ৰস্তুত কৰা ছুটি ছবিখন অনুৰাগী তথা এচিড আক্ৰমাণৰ বলি হোৱা লোকসকলৰ বাবে ২৫ জুনত তেখেতৰ ইউটিউৱ চেনেলৰ জৰিয়তে মুকলি কৰিব বুলি সদৰি কৰে ।
![চনু নিগম](https://etvbharatimages.akamaized.net/etvbharat/prod-images/cb6ce6b921d368f5772bb11d912b0198_2306newsroom_1592879279_551.jpg)
অভিনেতা গৰাকীয়ে নিৰ্মাণ কৰা "স্পটলেছ"য়ে চিকেএফ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল, ইণ্টাৰনেশ্যনেল চৰ্ট ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া আৰু বুদ্ধা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ দৰে অনুষ্ঠাত ইতিমধ্যে প্ৰদৰ্শিত কৰা হয়।
আনহাতে, ছবিখন সন্দৰ্ভত চনু নিগমে কয় যে, "স্পটলেছ" এখন মহত্বপূৰ্ণ ছুটি ছবি । কিয়নো ছবিখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়কলৈ উপস্থাপন কৰা হৈছে ।আমি ছবিখনৰ জৰিয়তে এইটো দেখাব বিছাৰিছো যে এজন এচিড আক্ৰমণৰ ভুক্তভোগীয়ে শাৰিৰীক আৰি মানসিকভাৱে কি কি পৰিস্থিতিৰ সন্মুখীন হ'ব লাগে । আৰু তেখেতসকলে তাৰ পাচতো কি কৰিব পাৰে । এই ছবিখন উপভোগ কৰি যদি এগৰাকী এচিড আক্ৰমণৰ ভুক্তভোগীয়ে লক্ষ্য প্ৰাপ্ত কৰে তেন্তে এই ছবিখন নিৰ্মাণ কাৰ্য সফল বুলি মানি লম ।"
লগতে চাওকঃ উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ ষড়যন্ত্ৰমূলক ভাৱে বন্ধ কৰা হৈছেঃ অৰুণজ্যোতি মৰাণ