নিউজ ডেস্ক, 28 মেঃ অহা 30 মে'ত দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিব নৰেন্দ্ৰ মোডীয়ে ৷ সন্ধিয়া প্ৰায় 6 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ৷
বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানৰ সুৰক্ষাৰ দায়িত্বত থাকিব এছ পি জি বিশেষ বল ৷ ৰাষ্ট্ৰপতি ভৱনৰ আশে পাশে, "ন' ফ্লায়িং জ'ন" ঘোষণা কৰাৰ লগতে ৰাষ্ট্ৰপতি ভৱন সংযোগী বহুকেইটা পথ একেবাৰে বন্ধ কৰি দিয়া হ'ব ৷ আনহাতে উদ্যোগ ভৱন আৰু কেন্দ্ৰীয় সচিবালয় মেট্ৰ' ষ্টেচনো বন্ধ কৰাৰ সম্ভাৱনা আছে ৷
আনহাতে এইবাৰ শপতগ্ৰহণ অনু্ষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছাৰ্কৰ পৰিৱৰ্তে বিমষ্টেকৰ শীৰ্ষ নেতৃত্বক আমন্ত্ৰণ জনাইছে ৷ পাকিস্তানৰ প্ৰতি কঠোৰ মনোভাৱেৰে ছাৰ্কৰ সলনি এইবাৰ বিমষ্টেকৰ শীৰ্ষ নেতৃত্বক এইদৰে শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে নৰেন্দ্ৰ মোডীয়ে ৷ সেই অনুসৰি, প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বাংলাদেশ, ম্যানমাৰ, শ্ৰীলংকা, থাইলেণ্ড, নেপাল আৰু ভূটানৰ ৰাষ্ট্ৰপ্ৰধানসকল ৷ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব চাংহাই সহযোগিতা সংস্থাৰ বৰ্তমানৰ অধ্যক্ষ তথা কিৰ্গিজ গণৰাজ্যৰ ৰাষ্ট্ৰপতি আৰু মৰিছাচৰ প্ৰধানমন্ত্ৰীয়ে ৷ উল্লেখ্য যে, শেহতীয়াকৈ পাকিস্তানৰ সৈতে হোৱা তিক্ততাপূৰ্ণ পৰিস্থিতিৰ বাবেই এইদৰে পাকিস্তানক শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰতি আঁতৰাই ৰাখিছে মোডী চৰকাৰে ৷