ETV Bharat / bharat

সংখ্যালঘুক বিকাশৰ মূলসূঁতিলৈ আনিবলৈ বিশেষ প্ৰয়াসৰ প্ৰয়োজন:অশোক গেহলট - বিকাশৰ মূলসূঁতি

সংখ্যালঘুৰ বিকাশক লৈ বদ্ধপৰিকৰ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট । সংখ্যালঘুক বিকাশৰ মূলসূঁতিলৈ আনিবলৈ বিশেষ প্ৰয়াসৰ প্ৰয়োজন আছে আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকে একত্ৰিত হৈ কাম কৰিলেহে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়া সম্ভৱ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

সংখ্যালঘুক বিকাশৰ মূলসূঁতিলৈ আনিবলৈ বিশেষ প্ৰয়াসৰ প্ৰয়োজন:অশোক গেহল'ট

author img

By

Published : Sep 1, 2020, 12:20 PM IST

নেশ্যনেল ডেস্ক, ১ ছেপ্টেম্বৰ: সমাজৰ সকলো শ্ৰেণীৰ লোকক একত্ৰিত কৰি ৰাজ্য তথা দেশৰ উন্নয়ন সাধনৰ প্ৰয়াস ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ । তেওঁ কয় যে, সংখ্যালঘুক বিকাশৰ মূলসূঁতিলৈ অনাৰ বিশেষ প্ৰয়াসৰ প্ৰয়োজন আছে আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে অকলে যুঁজ দিয়া সম্ভৱ নহয় । গতিকে সমাজৰ সকলো শ্ৰেণীৰ লোকে একেলগ হৈ কাম কৰিলেহে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়া সম্ভৱ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মাতৃভূমিৰ প্ৰশংসাত পঞ্চমুখ হৈ গেহলটে কয় যে, ভাৰত বিভিন্ন জাতি, ধৰ্ম আৰু ভাষা-ভাষী লোকৰ মিলনক্ষেত্ৰ আৰু সেয়েহে সকলোৱে একত্ৰিত হৈ কাম কৰিলেহে দেশৰ বিকাশ সম্ভৱ । সোমবাৰে সংখ্যালঘু পৰিক্ৰমা আৰু ৱাকফ বিভাগৰ ৮ টা ভৱন উদ্বোধন কৰি এই নিৰ্মাণ কাৰ্য সংখ্যালঘুসকলৰ বুনিয়াদী সা-সুবিধাৰ সম্প্ৰসাৰণৰ বাবে মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ১৮.৭৫কোটি টকা ব্যয় সাপেক্ষে এই ভৱন সমূহ নিৰ্মাণ কৰা হৈছে । এই সুবিধাসমূহৰ সম্প্ৰসাৰণৰ বাবে সংখ্যালঘু অঞ্চলৰ লোকে শিক্ষা আৰু স্বাস্থ্যসেৱা লাভ কৰিব পাৰিব ।

লগতে পঢ়ক : অসমত ইনাৰলাইন প্ৰৱৰ্তনক লৈ কেন্দ্ৰৰ হেমাহিত ক্ষুদ্ধ উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.