নিউজ ডেস্ক: ৩০ জুলাই: ২২ জুলাইত শপত গ্ৰহণ কৰা কংগ্ৰেছ দলৰ নৱ নিৰ্বাচিত সাংসদ সকলৰে কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভানেত্ৰী ছোনিয়া গান্ধীৰ এয়া আছিল প্ৰথমখন বৈঠক ।
বিশেষ সূত্ৰৰ জড়িয়তে জানিব পৰা মতে,মহামাৰী ক'ভিড-১৯,দেশত সৃষ্টি হোৱা নিবনুৱা সমস্যাকে ধৰি বিভিন্ন কেইটা গুৰুত্বপূৰ্ণ বিষয়ে আলোচনাত স্থান পাইছে ।
ইয়াৰ পূৰ্বে অলপতে কংগ্ৰেছ সভানেত্ৰী গৰাকীয়ে লোকসভাৰ কংগ্ৰেছী সাংসদ সকলৰেও এক আলোচনাত মিলিত হৈছিল । ভাৰ্চুৱেলি হোৱা এই আলোচনা কালত দলৰ সাংসদ সকলে ৰাহুল গান্ধীকে পুনৰ দলৰ নেতা হিচাপে নিযুক্তি দিবৰ বাবে অনুৰোধ জনাইছিল । বিষয়টো উত্থাপন কৰিছিল কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ আৰু মানিকম ঠাকুৰে ।
যোৱা জুন মাহত হোৱা দলটোৰ কাৰ্যবাহী কমিতিৰ বৈঠকতো ৰজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে এই প্ৰস্তাৱ আগ বঢ়াইছিল ।