ETV Bharat / bharat

PUBG খেলিবলৈ বাধা দিয়াৰ বাবেই পিতৃৰ ডিঙি কাটিলে পুত্ৰই

author img

By

Published : Oct 19, 2020, 9:56 PM IST

PUBG খেলিবলৈ বাধা দিয়াৰ বাবেই চুৰিৰে পিতৃৰ ডিঙি কাটে পুত্ৰই ৷ মিৰাট জিলাৰ খড়খোদা নামৰ চহৰখনৰ যমুনানগৰত সংঘটিত হৈছে এই ঘটনা ৷

PUBG খেলিবলৈ বাধা দিয়াৰ বাবেই পিতৃৰ ডিঙি কাটিলে পুত্ৰই
PUBG খেলিবলৈ বাধা দিয়াৰ বাবেই পিতৃৰ ডিঙি কাটিলে পুত্ৰই

নেশ্যনেল ডেস্ক, 19 অক্টোবৰ : মিৰাট জিলাত এজন যুৱকে নিজ পিতৃক আক্ৰমণ কৰে আৰু চুৰিৰে তেওঁৰ ডিঙি কাটি দিয়ে ৷ যুৱকজনৰ পিতৃয়ে যুৱকজনক PUBG খেলিবলৈ বাধা দিয়ে, যিটো মোবাইল গেমত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিবন্ধকতা আৰোপ কৰিছিল ৷ PUBG খেলিবলৈ বাধা দিয়াৰ বাবেই চুৰিৰে পিতৃৰ ডিঙি কাটে পুত্ৰই ৷

এই ঘটনাত গুৰুতৰভাৱে আহত হয় পিতৃ আৰু পৰৱৰ্তী সময়ত আমিৰ নামেৰে চিনাক্ত হোৱা অভিযুক্তই চুৰিখনেৰে নিজকো আঘাত কৰে ৷ তাৰ পাচত দুয়ো পিতা-পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি, এই ঘটনাটো সংঘটিত হৈছে জিলাখনৰ খড়খোদা নামৰ চহৰখনৰ যমুনানগৰত ৷ বৃহস্পতিবাৰেই সংঘটিত ঘটনাটোৰ বিষয়ে আৰক্ষীক ততাতৈয়াকৈ অৱগত কৰা হোৱা নাছিল ৷

যুৱকজনে পিতৃ ইৰফানক আক্ৰমণ কৰিছিল, যেতিয়া পিতৃয়ে যুৱকজনে খেলাৰ নামত দীৰ্ঘ সময় অতিবাহিত কৰে বুলি কৈছিল ৷ পিতৃৰ সমালোচনাত বিৰক্ত হৈ আমিৰে চুৰি এখনেৰে পিতৃক একাধিকবাৰ আঘাত কৰে ৷ পৰৱৰ্তী সময়ত যুৱকজনে নিজকো চুৰিখনেৰে আঘাত কৰে ৷

চক্ৰ বিষয়া দেৱেশ সিঙে উল্লেখ কৰা অনুসৰি PUBG খেলিবলৈ বাধা দিয়াৰ বাবেই যুৱকজনে পিতৃক আক্ৰমণ কৰিছিল ৷ সম্প্ৰতি যুৱকজনৰো অৱস্থা অতি সংকটজনক ৷

আনহাতে যুৱকজনৰ পৰিয়ালবৰ্গই জানিবলৈ দিয়ে অনুসৰি, যুৱকজন ড্ৰাগছ আসক্ত আছিল আৰু তেওঁৰ চিকিৎসাও চলি আছে ৷

লগতে পঢ়ক: পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত চি.আৰ.পি.এফ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.