ETV Bharat / bharat

নাক বজাৰ বাবেই 65 বছৰীয়া পিতৃক হত্যা কৰিলে পুত্ৰই - নাক বজাৰ বাবেই 65 বছৰীয়া নিজ পিতৃক হত্যা কৰিলে পুত্ৰই

লোকজনৰ হত্যাকাৰী জ্যেষ্ঠ পুত্ৰ নবীনক আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ 302(হত্যা) ধাৰাৰ আধীনত গ্ৰেপ্তাৰ কৰিছে ৷

নাক বজাৰ বাবেই 65 বছৰীয়া নিজ পিতৃক হত্যা কৰিলে পুত্ৰই

author img

By

Published : Aug 13, 2020, 3:56 PM IST

নিউজ ডেস্ক, 13 আগষ্টঃ হত্যাৰ অপৰাধত এজন 28 বছৰীয়া যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ যুৱক জনে নিজৰ 65 বছৰীয়া বৃদ্ধ পিতৃক হত্যা কৰিছিল ৷

হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা যুৱক জনৰ নাম নবীন ৷ পিলিভিত জিলাৰ বাসিন্দা, ৰাম স্বৰূপ নামৰ ব্যক্তিজনৰ জ্যেষ্ঠ পুত্ৰ নবীনে তেওঁৰ পিতৃক হত্যা কৰা বুলি কনিষ্ঠ পুত্ৰ তথা নবীনৰ ভাতৃ মনোজে গোচৰ ৰুজু কৰিছে ৷ গোচৰ অনুসৰি পিতৃ ৰাম স্বৰূপে টোপনি গৈ থকা অৱস্থাত তেওঁ নাকৰ পৰা ওলোৱা শব্দত নবীনৰ টোপনিত ব্যাঘাত জন্মে আৰু তাতেই খঙৰ ভমকত তেওঁ পিতৃক প্ৰহাৰ কৰে ৷

তাৰ পাচত চিকিৎসাৰ বাবে পুৰাণপুৰ সামাজিক স্বাস্থ্য কেন্দ্ৰলৈ তেওঁক নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ তাৰ পাচত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, এই ঘটনা মঙলবাৰে চেৰামাউ জিলাত কনিজ পুত্ৰ মনোজ ঘৰত নথকা অৱস্থাত সংঘটিত হৈছিল ৷ বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নবীনক ভাৰতীয় দণ্ড বিধিৰ 302(হত্যা) ধাৰা আধীনত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ বৰঝাৰ বিমানবন্দৰত জব্দ লক্ষাধিক মূল্যৰ বিদেশী চিগাৰেট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.