ETV Bharat / bharat

কেবৰ বিৰোধিতা কৰা বহু দলে পাকিস্তানৰ ভাষা কয়:মোডী

author img

By

Published : Dec 11, 2019, 1:32 PM IST

কেবৰ বিৰোধিতা কৰা ৰাজনৈতিক দলসমূহক কটাক্ষ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ তেওঁলোকে পাকিস্তানৰ ভাষা কয় বুলি মন্তব্য কৰে মোডীয়ে ৷

কেবৰ বিৰোধিতা কৰা ৰাজনৈতিক দলসমূহক কটাক্ষ মোডীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নেশ্যনেল ডেস্ক,11 ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে মন্তব্য কৰে যে,নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কিছু বিৰোধী দলে পাকিস্তানৰ দৰে ভাষা আৰু বক্তব্য ৰাখে ৷ ৰাজ্যসভাত কেব উত্থাপন হোৱাৰ পূৰ্বে আয়োজিত বিজেপি দলৰ সংসদীয় বৈঠকত এনেদৰে মন্তব্য কৰে বুলি এক সূত্ৰই জানিবলৈ দিয়ে ৷

উল্লেখ্য যে,পাকিস্তান,আফগানিস্তান,বাংলাদেশৰ সংখ্যালঘু লোকক নাগৰিকত্ব প্ৰদানৰ এই বিধেয়কখনৰ বিৰোধিতা কৰিছে কংগ্ৰেছ,এন চি পি,তৃণমূল কংগ্ৰেছ,ডি এম কে দলে ৷

সংসদীয় বৈঠকতে এই বিধেয়কক 'সাংবিধানিক' আখ্যা দিয়ে মোডীয়ে ৷ আনহাতে,পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে মঙলবাৰে এই বিধেয়কৰ বিৰোধিতা কৰি কয় যে,এই বিধেয়কে নতুন দিল্লী আৰু ইছলামাবাদৰ দ্বিপাক্ষিক চুক্তিৰ উলংঘণ কৰিছে ৷

সংসদীয় কাৰ্যবাহী মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে নৰেন্দ্ৰ মোডীৰ বক্তব্যৰ কথা উল্লেখ কৰি কয় যে,ধৰ্মৰ ভিত্তিত বহিস্কৃত হোৱা লোকসকলৰ বাবে এই বিধেয়ক সোণালী আখৰেৰে লিখা হ'ব ৷

আৰু পঢ়ক : শিৱসাগৰত অখিল গগৈৰ হুংকাৰঃ কেব কেতিয়াও মানি নলয় অসমে

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.