ETV Bharat / bharat

পুৰীৰ জগন্নাথ মন্দিৰত ঘূৰ্ণীবতাহৰ ফলত ক্ষতিসাধন - ইটিভি ভাৰত

জগন্নাথ মন্দিৰৰ ৰথযাত্ৰাৰ পূৰ্বে মন্দিৰৰ সম্পূৰ্ণ মেৰামতিৰ কাম সম্পূৰ্ণ হ'ব বুলি প্ৰকাশ কৰে পুৰাতাত্বিক বিভাগৰ সঞ্চালক প্ৰধান উষা শৰ্মাই ৷ বিধ্বংসী ধুমুহাৰ ফলত উভালি পৰে ক'নাৰ্কৰ সূৰ্য মন্দিৰৰ প্ৰায় 210 জোপা গছ ৷

পুৰাতাত্বিক বিভাগৰ সঞ্চালক প্ৰধান উষা শৰ্মা
author img

By

Published : May 11, 2019, 3:10 PM IST

ভূৱনেশ্বৰ,11মে': পুৰীৰ জগন্নাথ মন্দিৰত ফেনীৰ প্ৰভাৱ ৷ ঘূৰ্ণীবতাহ ফেনীৰ প্ৰভাৱত মন্দিৰৰ কিছু অংশৰ ক্ষতিসাধন হয় বুলি পুৰাতাত্বিক বিভাগৰ তৰফৰ পৰা প্ৰকাশ কৰা হয় ৷

পুৰাতাত্বিক বিভাগৰ সঞ্চালক প্ৰধান উষা শৰ্মাই প্ৰকাশ কৰা অনুসৰি ঘূৰ্ণীবতাহ ফেনীৰ প্ৰভাৱত মন্দিৰৰ কিছু অংশৰ প্লাষ্টাৰ খহি পৰে ৷ ইতিমধ্যে মন্দিৰৰ মেৰামতিৰ বাবে এটা দল গঠন কৰা হৈছে ৷ মন্দিৰৰ ৰথ যাত্ৰাৰ পূৰ্বে মেৰামতিৰ কাম কাজ সম্পূৰ্ণ হ'ব বুলি বিভাগটোৰ তৰফৰ পৰা প্ৰকাশ কৰা হয়৷ ক'নাৰ্কৰ সূৰ্য মন্দিৰৰ বাগিছাত ফেনীয়ে যথেষ্ট ক্ষতিসাধন কৰে বুলি সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰকাশ কৰে ৷ ঘূৰ্ণীবতাহৰ ফলত সূৰ্য মন্দিৰৰ চৌহদৰ প্ৰায় 210 জোপা গছ উভালি পৰে ৷ ইতিমধ্যে সূৰ্য মন্দিৰ পূৰ্বৰ অৱস্থালৈ উভতাই আনিবলৈ চেষ্টা অব্যাহত ৰখা হৈছে বুলিও পুৰাতাত্বিক বিভাগৰ তৰফৰ পৰা প্ৰকাশ কৰে ৷

লগতে পঢ়ক : হাইলাকান্দিত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

উল্লেখযোগ্য যে , 3 মে'ত পুৰীৰ উপকূলীয় অঞ্চলত খুন্দা মৰা ঘূৰ্ণীবতাহ ফেনীয়ে সমগ্ৰ ৰাজ্যখনতে ধ্বংসলীলা চলায় ৷

Intro:Body:

ajklh

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.