নিউজ ডেস্ক, 3 আগষ্ট: জন্মু-কাশ্মীৰৰ প্ৰাদেশিক সেনা জোৱান শ্বাকিৰ মঞ্জুৰ ৱাঘায় নিখোজ হোৱাৰ পাচত সোমবাৰে কুলগাম জিলাত জ্বলা অৱস্থাত উদ্ধাৰ হয় জোৱান গৰাকীৰ বাহন ৷ সেনা কৰ্তৃপক্ষই সদৰি কৰে এই কথা ৷ সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি জোৱান শ্বাকিৰক হত্যা কৰা বুলি কৰ্তৃপক্ষই সন্দেহ প্ৰকাশ কৰিছে ৷
জ্যেষ্ঠ আৰক্ষী বিষয়াই ইটিভি ভাৰতক জানিবলৈ দিয়ে যে,‘‘শ্বোপিয়ানৰ ঋষিপোৰাৰ নিবাসী শ্বাকিৰ মঞ্জুৰ ৱাঘে প্ৰাদেশিক সেনাত কৰ্মৰত আছিল ৷ দেওবাৰে দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ ৰামভামা এলেকাত তেওঁৰ বাহন জ্বলি যোৱাৰ পাচত তেওঁৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হয় ৷ মঞ্জুৰে ঈদ উদযাপন কৰি ঘৰৰ পৰা উভতি অহা অৱস্থাত অচিনাক্ত সন্ত্ৰাসবাদীয়ে তেওঁক ঘেৰি ধৰে’’ ৷
ইয়াৰ মাজতে মঞ্জুৰৰ পৰিয়ালে অপহৃত সেনা গৰাকীক মুকলি কৰি দিবলৈ অনুৰোধ জনায় ৷ শ্বাকিৰৰ পিতৃ মঞ্জুৰ আহমেদ ৱাঘেই এই কথা সদৰি কৰে ৷
আনহাতে, শ্বাকিৰৰ সম্বন্ধীয় ভাতৃ তাৰিকে জানিবলৈ দিয়ে যে,‘‘মোৰ ভাই বালাপোৰাৰ সমীপৰ এক সেনা শিবিৰত নিজ কৰ্তব্য অভিমুখে পুনৰ ঘূৰি গৈ আছিল ৷ কিছুসংখ্যক লোকে তেওঁক অপহৰণ কৰে আৰু বন্দুকেৰে তেওঁৰ বাহন (JK022B-3968)ত জুই লগাই দিয়ে ৷ তেওঁক মুকলি কৰি দিবলৈ মই কাতৰ কৰিছো ৷ তেওঁৰ চাৰিজনী ভনী আৰু পিতৃ-মাতৃ আছে’’ ৷
সুৰক্ষা বাহিনীয়ে শ্বাকিৰৰ অনুসন্ধানৰ বাবে কুলগাম জিলাৰ বিভিন্ন এলেকাত তালাচী অভিযান আৰম্ভ কৰিছিল ৷
উল্লেখ্য যে,2017 চনৰ 9 মে’ত দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ানত লেফ্টেনেণ্ট ওমৰ ফয়াজক নিজ আত্মীয়ৰ বাসগৃহৰ পৰা 5-6 জন সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিছিল ৷ ঘটনাৰ পাচদিনা পুৱা হৰমন এলেকাত সুৰক্ষা বাহিনীয়ে তেওঁৰ গুলীবিদ্ধ শৱদেহ উদ্ধাৰ কৰিছিল ৷
লগতে পঢ়ক : ৰাখী বন্ধনঃ চত্তীশগড়ৰ ৰায়গড় আৰক্ষীয়ে বিতৰণ কৰিব 14 লাখ মাস্ক