ETV Bharat / bharat

চলিত বছৰত LoC ত পাকিস্তানৰ 3186 যুদ্ধবিৰতি উলংঘা

author img

By

Published : Sep 15, 2020, 7:33 AM IST

7 ছেপ্তেম্বৰ পৰ্যন্ত এই বছৰটোত জম্মুৰ নিয়ন্ত্ৰণ ৰেখাত 3,186 টা যুদ্ধবিৰতি উলংঘাৰ ঘটনা সংঘটিত কৰিছে পাকিস্তানে ৷ সোমবাৰে সংসদত এই তথ্য প্ৰদান কৰা হয় চৰকাৰৰ তৰফৰ পৰা ৷

So far, 3186 ceasefire violations along LoC by Pak
চলিত বছৰত LoC ত পাকিস্তানৰ 3186 যুদ্ধবিৰতি উলংঘা

নেশ্যনেল ডেস্ক, 15 ছেপ্তেম্বৰ : 7 ছেপ্তেম্বৰ পৰ্যন্ত এই বছৰটোত জম্মুৰ নিয়ন্ত্ৰণ ৰেখাত 3,186 টা যুদ্ধবিৰতি উলংঘাৰ ঘটনা সংঘটিত কৰিছে পাকিস্তানে ৷ সোমবাৰে সংসদত এই তথ্য প্ৰদান কৰা হয় চৰকাৰৰ তৰফৰ পৰা ৷ ইয়াৰোপৰি জম্মুৰ ভাৰত-পাকিস্তান আন্তৰাষ্ট্ৰীয় সীমান্তত 31 আগষ্ট পৰ্যন্ত সংঘটিত হৈছে 242 টাকৈ দুয়ো দেশৰ গুলীচালনাৰ ঘটনা ৷

প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নাইকে ৰাজ্যসভাত চি. এম. ৰমেশলৈ এক পত্ৰৰ জৰিয়তে জনাই যে, 7 ছেপ্তেম্বৰ পৰ্যন্ত সৈন্য বাহিনীৰ সৈতে আঠটা অতি গুৰুতৰ ঘটনা সংঘটিত হৈছে আৰু সৈন্য় বাহিনীয়ে প্ৰাণ হেৰুৱাইছে ৷ আনহাতে, দুটা ঘটনাত সৈন্য বাহিনীৰ জোৱানে প্ৰাণ হেৰুওৱা নাই ৷ জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ সীমাৰেখাত বিএছএফ জোৱানৰ সৈতে পাঁচটা ঘটনা সংঘটিত হৈছে ৷ আনহাতে, ভাৰতে যুদ্ধবিৰতি উলংঘাৰ যোগ্য় প্ৰত্য়ুত্তৰ দিছে বুলিও উল্লেখ কৰে নাইকে ৷

উল্লেখ্য় যে, এই যুদ্ধবিৰতিৰ পাচতো দুয়ো দেশৰ মাজত কূটনৈতিক পৰ্যায়ৰ অপাৰেচন বৈঠক অনুষ্ঠিত হৈ আছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.