নিউজ ডেস্ক, 29 ডিচেম্বৰ: বিমান দুৰ্ঘটনাটোত নিহত হয় 5 জন লোক ৷ লগতে পাৰ্কিং এলেকাত থকা এখন গাড়ীও সম্পূৰ্ণৰূপে জ্বলি ভষ্মীভূত হয় দুৰ্ঘটনাটোত ৷ লুইছিয়ানা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ফুটবল দলৰ সমন্বয়কৰ পুত্ৰ Steven Ensminger Jr. ৰ পত্নী Carley McCord ৰ মৃত্যু হয় বুলিও তেওঁ জানিবলৈ দিয়ে ৷ আটলাণ্টাত এলএছইউ আৰু অকলাহামাৰ মাজত অনুষ্ঠিত হ'বলগীয়া এখন ফুটবল খেল উপভোগ কৰিবলৈ কিছুসংখ্যক লোক লৈ গৈ অছিল বিমানখনে ৷
4 জন লোকক ইতিমধ্যে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ইয়াৰে 1 জন বিমান যাত্ৰী আৰু 3 জন ডাকঘৰৰ কৰ্মচাৰীও আঘাতপ্ৰাপ্ত হৈছে বুলি বিমান কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ 8 জন যাত্ৰীবাহী বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয় ৷
ESPN চেনেলতো এগৰাকী ক্ৰীড়া সাংবাদিক হিচাপে কৰ্মৰত আছিল Carley McCord৷ লগতে আমেৰিকাৰ এটা WDSU চেনেলটোৰো সদস্য আছিল Carley McCord৷ তেওঁৰ দৰে এগৰাকী প্ৰতিভাশালী ব্যক্তিৰ মৃত্যুত শোক প্ৰকাশ কৰে WDSUৰ সভাপতি Joel Vilmenayয়ে ৷