ETV Bharat / bharat

বিকাশ ডুবে ঘটনাৰ প্ৰতিবেদন দাখিলৰ সময়সীমা অতিৰিক্ত চাৰি সপ্তাহলৈ বৃদ্ধি

author img

By

Published : Aug 6, 2020, 11:34 AM IST

উত্তৰ প্ৰদেশৰ কানপুৰ আৰক্ষীয়ে 2 জুলাই গেংষ্টাৰ বিকাশ ডুৱেৰ বাসগৃহত অভিযান চলাবলৈ যাওতে আৰক্ষী আৰু বিকাশ ডুবেৰ দলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ এই ঘটনাক শীৰ্ষ বিষয়ৰ লগতে আঠজন আৰক্ষীৰ লোক নিহত হয় ৷

SIT GETS FOUR WEEKS EXTRA TIME TO SUBMIT INVESTIGATION REPORT OF VIKAS DUBEY CASE
অতিৰিক্ত চাৰি সপ্তাহলৈ বৃদ্ধি বিকাশ ডুবে ঘটনাৰ প্ৰতিবেদন দাখিলৰ সময়সীমা

উত্তৰ প্ৰদেশ, 6 আগষ্ট : বিকাশ ডুবে ঘটনাৰ তদন্তৰ প্ৰতিবেদন দাখিলৰ বাবে এছ আই টিক নিৰ্ধাৰণ কৰি দিয়া সময়সীমা অতিৰিক্ত চাৰি সপ্তাহলৈ বৃদ্ধি কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে ৷ 28 আগষ্টত এছ আই টিয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব ৷ এছ আই টিয়ে পূৰ্বে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাত ব্যৰ্থ হোৱাত চৰকাৰে প্ৰতিবেদন দাখিলৰ সময়সীমা অতিৰিক্ত চাৰি সপ্তাহলৈ বৃদ্ধি কৰে ৷

উত্তৰ প্ৰদেশৰ কানপুৰ আৰক্ষীয়ে 2 জুলাই গেংষ্টাৰ বিকাশ ডুৱেৰ বাসগৃহত অভিযান চলাবলৈ যাওতে আৰক্ষী আৰু বিকাশ ডুবেৰ দলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ এই ঘটনাক শীৰ্ষ বিষয়ৰ লগতে আঠজন আৰক্ষীৰ লোক নিহত হয় ৷ ইয়াৰ পাছতেই উত্তৰ প্ৰদেশ আৰক্ষীয়ে অভিযান চলাই 11 জুলাইত বিকাশ ডুবেৰ লগতে কেইবাজনো সহযোগীক আটক কৰে ৷ কিন্তু গেংষ্টাৰজনে পলায়নৰ চেষ্টা চলোৱাত আৰক্ষীৰ গুলিত নিহত হয় বিকাশ ডুবেৰ লগত তেওঁৰ সহযোগীকেইজন ৷ এই ঘটনাৰ এদিনৰ পাছতেই উত্তৰ প্ৰদেশ চৰকাৰে ঘটনাৰ তদন্তৰ বাবে এছ আই টি গঠন কৰি 31 জুলাইত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক : হিৰ’শ্বিমাৰ ৭৫তম বাৰ্ষিকী আৰু কলিয়া ‘মাশ্বৰুম ক্লাউড’ৰ ভূমিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.