নেশ্বনেল ডেস্ক, 1 জানুৱাৰীঃ নৱবৰ্ষৰ প্ৰথমটো দিনৰ পৰা কেৰেলাত নিষিদ্ধ কৰা হ’ল একক ব্যৱহৃত প্লাষ্টিক ৷ শাসনাধিষ্ঠ চিপিএম নেতৃত্বত এলডিএফ চৰকাৰে উক্ত সিদ্ধান্ত গ্ৰহণ কৰে ৷ প্লাষ্টিকৰ সামগ্ৰীসমূহে পৰিৱেশৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰখনে ৷
উল্লেখ্য যে, 15 জানুৱাৰীৰ পৰা চৰকাৰৰ এই সিদ্ধান্তৰ উলংঘন কৰাসকলক জৰিমনা বিহা হ’ব ৷ প্লাষ্টিক বেগ, প্লেট, কাপ, চামুচ, থাৰ্মকল আদি সকলো সামগ্ৰীয়ে নিসিদ্ধ কৰিছে চৰকাৰে ৷
লগতে পঢ়ক-নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন আৰক্ষী আৰু প্ৰশাসনিক বিষয়াৰ