ETV Bharat / bharat

ভূটান আৰু বাংলাদেশলৈ কৰ'ণা প্ৰতিষেধক প্ৰদান

author img

By

Published : Jan 21, 2021, 8:57 AM IST

Updated : Jan 21, 2021, 9:28 AM IST

চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ কৰ'ণা প্ৰতিষেধক বৃহস্পতিবাৰে ভাৰত চৰকাৰে ভূটান আৰু বাংলাদেশলৈ প্ৰেৰণ কৰিছে ৷ মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা বিমান যোগে দুয়োখন দেশলৈ প্ৰদান কৰিলে কৰ'ণা প্ৰতিষেধক ৷

ভূটান আৰু বাংলাদেশলৈ কৰ'ণা প্ৰতিষেধক প্ৰদান
ভূটান আৰু বাংলাদেশলৈ কৰ'ণা প্ৰতিষেধক প্ৰদান

নেশ্যনেল ডেস্ক, 21 জানুৱাৰী : বৃহস্পতিবাৰে ভূটান আৰু বাংলাদেশলৈ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ কৰ'ণা প্ৰতিষেধক প্ৰেৰণ কৰিলে ভাৰতে ৷ প্ৰথম পৰ্যায়ত ভূটানলৈ 10 লাখ লোকৰ বাবে আৰু বাংলাদেশলৈ 20 লাখৰ বাবে কৰ'ণা প্ৰতিষেধক প্ৰেৰণ কৰিলে ভাৰত চৰকাৰে ৷ মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা বৃহস্পতিবাৰে ৰাতিপুৱা 6: 40 আৰু 8 বজাত বিমান যোগে দুয়োখন দেশলৈ প্ৰদান কৰা হ'ল কৰ'ণা প্ৰতিষেধক ৷

ইয়াৰ লগে লগে নেপালৰ প্ৰায় 30 নিযুত লোকৰ 72 শতাংশৰ লোকক কৰ'ণা প্ৰতিষেধক প্ৰদান কৰাৰ সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আইনী আৰু বিত্তীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ পূৰ্বতেও ভাৰতে নেপালক মহামাৰীৰ সৈতে যুঁজিবলৈ চিকিৎসা সঁজুলি,ঔষধ আৰু অন্যান্য সামগ্ৰীও প্ৰদান কৰিছিল ৷

উল্লেখ্য যে, 8 জানুৱাৰীত বাংলাদেশে ভাৰতৰ পৰা কৰ'ণা প্ৰতিষেধক ক্ৰয় কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰাত বাংলাদেশলৈও 30 নিযুত লোকৰ বাবে কৰ'ণা প্ৰতিষেধক প্ৰদান কৰিছে ভাৰত চৰকাৰে ৷ ভাৰতৰ বৈদেশীক মন্ত্ৰাণালয়ে বুধবাৰে কয় যে,ভূটান,মালদ্বীপ,বাংলাদেশ,নেপাল আদি দেশত ভাৰতে প্ৰস্তুত কৰা কৰ'ণা প্ৰতিষেধক প্ৰদান কৰা ইতিমধ্যে আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাত পেৰাগ্লাইডিং দুৰ্ঘটনাত দুজন নিহত

Last Updated : Jan 21, 2021, 9:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.