ETV Bharat / bharat

চিয়াচেনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

চিয়াচেন হিমপ্ৰবাহ হৈছে পৃথিৱীৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ ৷ 1984ৰ পৰা এতিয়ালৈ 900তকৈ অধিক জোৱান চিয়াচেন গ্লেচিয়াৰত শ্বহীদ হৈছে ৷ প্ৰচণ্ড তুষাৰপাতত কৰ্তব্যৰত অৱস্থাতে প্ৰাণ হেৰুৱাইছে বহু জোৱানে ৷  ন্যূনতম তাপমাত্ৰা মাইনাচ 50 ডিগ্ৰী পৰ্যন্ত হয় ৷

3451275
author img

By

Published : Jun 2, 2019, 5:12 PM IST

Updated : Jun 2, 2019, 7:05 PM IST

নতুন দিল্লী,02 জুন : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে পৰিদৰ্শন কৰিব চিয়াচেন হিমপ্ৰবাহ ৷ পৃথিৱীৰ সৰ্বোচ্চ যুদ্ধ ক্ষেত্ৰ চিয়াচেন গ্লেচিয়াৰ ভ্ৰমণ কৰি পাকিস্তান ভাৰতৰ সীমান্তৰ সুৰক্ষা ব্যৱস্থা পৰিদৰ্শন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

বিভাগীয় সূত্ৰত প্ৰকাশ কৰা অনুসৰি ভ্ৰমণৰ সময়চোৱাত তেওঁৰ লগত থাকিব সেনা সঞ্চালক প্ৰধান বিপিন ৰাৱটৰ লগতে জেষ্ঠ সেনা বিষয়াসকল ৷ যুদ্ধ স্মাৰকত শ্বহীদসকলক শ্ৰদ্ধা জ্ঞাপন কৰি জোৱান সকলক সাক্ষাৎ কৰিব মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি জেষ্ঠ বিষয়াসকলৰ সৈতে চিয়াচেন গ্লেচিয়াৰৰ পৰিস্থিতি সম্পৰ্কে আলোচনা কৰিব ৷

  • Defence Minister Rajnath Singh to visit Siachen Glacier tomorrow as his first visit to a Defence base outside the national capital. Army Chief General Bipin Rawat to accompany him. pic.twitter.com/egEfJTyMZK

    — ANI (@ANI) June 2, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখযোগ্য যে, ইউপিএ 1ৰ শাসন কালত চিয়াচেন গ্লেচিয়াৰৰ পৰা সেনাৰ সুৰক্ষা প্ৰত্যাহাৰ কৰাৰ বিষয়ে আলোচনা কৰা হৈছিল ৷ কিন্তু সেনা বাহিনীৰ তৰফৰ পৰা এই সিদ্ধান্তৰ বিৰোধিতা কৰা হৈছিল ৷ 1984 চনত সেনাই অপাৰেচন মেঘদূতৰ জৰিয়তে পাকিস্তানী সেনাক পৰাস্ত কৰি চিয়াচেন গ্লেচিয়াৰ নিজৰ অধীনলৈ অনাৰ পাচৰে পৰা সুৰক্ষা প্ৰদান কৰি আহিছে ৷

চিয়াচেন গ্লেচিয়াৰ হৈছে পৃথিৱীৰ সৰ্বোচ্চ যুদ্ধ ক্ষেত্ৰ ৷ 1984ৰ পৰা এতিয়ালৈ 900তকৈ অধিক জোৱানে চিয়াচেন গ্লেচিয়াৰত শ্বহীদ হৈছে ৷ গ্লেচিয়াৰত প্ৰচণ্ড তুষাৰপাতত কৰ্তব্যৰত অৱস্থাতে প্ৰাণ হেৰুৱাইছে বহু জোৱানে ৷ ন্যূনতম তাপমাত্ৰা মাইনাচ 50 ডিগ্ৰী পৰ্যন্ত হয় ৷

Siachen to be Rajnath's first visit as Defence min

Last Updated : Jun 2, 2019, 7:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.