ৰাজস্থান, 10 আগষ্ট : ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে দেওবাৰে দলৰ বিধায়কসকলক সদনৰ মজিয়াত একতা দেখুৱাবলৈ আহ্বান জনায় ৷ ৰাজস্থানৰ জেইছলমেৰৰ এখন ৰিজৰ্টত অনুষ্ঠিত কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজস্থানত আগন্তুক সময়তো বিধানসভা নিৰ্বাচনত পুনৰ দলে জয়লাভ কৰাৰ আশা ব্যক্ত কৰে ৷ তেওঁ দলীয় নেতাসকলক তেওঁলোকৰ একতা সদনত দেখুৱাৰ আহ্বান জনায় ৷
উল্লেখ্য যে,ৰাজস্থানৰ উপমুখ্যমন্ত্ৰী শচীন পাইলট আৰু কেইবাজনো বিধায়কে বিদ্ৰোহ কৰাত ৰাজ্যখনৰ ৰাজনীতি ক্ষেত্ৰখনত এক বিশৃঙ্খল পৰিস্থিতিৰ সৃষ্টি হয় ৷ এনে পৰিস্থিতিৰ মাজতে অহা 14 আগষ্টৰ পৰা ৰাজস্থানত বিধানসভাৰ সত্ৰ অধিবেশন আৰম্ভ হ’ব ৷ এই অধিবেশনত গেহলট চৰকাৰে আস্থা ভোট প্ৰদৰ্শন কৰিব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বিধায়কসকলক নিজ নিজ সমষ্টি পৰিদৰ্শন কৰি উন্নয়নমূলক কামৰ খতিয়ান প্ৰস্তুত কৰাৰ আহ্বান জনায় ৷ বৈঠকত কংগ্ৰেছ নেতা অজয় মাকন,ৰণদ্বীপ সুৰজৱালা আৰু ৰাজ্যৰ শাখা অধ্যক্ষ গোবিন্দ সিং উপস্থিত থাকে ৷
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মহাসচিব অবিনাশ পাণ্ডেয়ে ৰাজস্থানৰ ৰাজনীতিক সংকটৰ সময়ত সমৰ্থন কৰা অন্য দলৰ বিধায়কসকলক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ উপমুখ্যমন্ত্ৰী শচীন পাইলট আৰু 18 বিধায়কৰ বিদ্ৰোহৰ পাছত বিজেপিয়ে হৰ্ছ ট্ৰেডিঙ আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হোৱাত বৰ্তমান কংগ্ৰেছ বিধায়কসকলক জেইছলমেৰৰ এখন হোটেলত ৰখা হৈছে ৷
লগতে পঢ়ক : ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ