নিউজ ডেস্ক, 9 জানুৱাৰী : তামিলনাডুৰ ত্ৰিপুৰত সংঘটিত হৈছে এক লোমহৰ্ষক দুৰ্ঘটনা ৷ বাছৰ খুন্দাত নিহত এগৰাকী 45 বছৰীয়া মহিলা ৷ মৃত মহিলা গৰাকী ত্ৰিপুৰৰ চন্দ্ৰডিকা বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাটো ত্ৰিপুৰৰ দক্ষিণ আৰক্ষী থানাৰ সমীপত সংঘটিত হৈছে ৷ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য আবদ্ধ হৈছে চি চি টিভিৰ কেমেৰাত ৷
ঘটনাৰ বিৱৰণ অনুসৰি,এখন স্কুটীত শ্ৰুতি নামৰ এগৰাকী 25 বছৰীয়া মহিলাই এবছৰীয়া কন্যা আৰু আইতাকৰ সৈতে ঘৰলৈ উভতি আছিল ৷ সেই সময়তে পিচফালৰ পৰা অহা এখন বাছে স্কুটীখনত খুন্দিওৱাৰ বাবে তিনিও গৰাকী যাত্ৰী বাগৰি পৰে ৷
দুৰ্ঘটনাৰ ফলত থিতাতে মৃত্যু হয় 45 বছৰীয়া মহিলা গৰাকীৰ ৷ সৌভাগ্যক্ৰমে 25 বছৰীয়া শ্ৰুতি আৰু কণমানি গৰাকীৰ প্ৰাণ ৰক্ষা পৰে ৷ বৰ্তমান আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক : জনীয়াত প্ৰায় দহ সহস্ৰাধিক এআইইউডিএফ সদস্যই যোগ দিব এজেপিত