ETV Bharat / bharat

অৰ্ণৱ গোস্বামীক হাত যোৰ কৰি ক্ষমা খুজিবলৈ ক'লে শিৱসেনাই

author img

By

Published : Aug 15, 2020, 8:36 PM IST

শুক্ৰবাৰে শিৱসেনাৰ এগৰাকী নেতাই দাবী কৰি ক'লে, ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে টেলিভিশ্ব্যনৰ মাধ্যমেৰে হাত যোৰ কৰি ক্ষমা বিচাৰিব লাগে অথবা ন্যায়িক ব্যৱস্থাৰ মুখামুখী হ'ব লাগিব । VNSSMৰ অধ্যক্ষ কিশোৰ তিৱাৰীয়ৰ অৰ্ণৱ গোস্বামীৰ ওপৰত অভিযোগ তুলি এক আইনী জাননি প্ৰেৰণ কৰিছে য'ত উল্লেখ কৰা হৈছে যে,মেডিয়াৰ স্বতন্ত্ৰতাৰ অপপ্ৰয়োগেৰে ৰিপাব্লিক টিভিয়ে সন্মান লাঘৱ কৰিবৰ বাবেই ঠাকৰে পৰিয়ালক লক্ষ্য কৰি লৈছে যি সাংবাদিকতাৰ পৰিপন্থী ।

Shiv Sena demands 'apologies with folded hands' from Arnab Goswami
অৰ্ণৱ গোস্বামীক হাত যোৰ কৰি ক্ষমা খুজিব ক'লে শিৱসেনাই

নিউজ ডেস্ক,১৫আগষ্ট: অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ বিষয়টো লৈ শুক্ৰবাৰে হোৱা 'Insult and Humiliations' শীৰ্ষক বিতৰ্কৰ প্ৰসংগটো উল্লেখ কৰি শিৱসেনাৰ নেতাগৰাকীয়ে ৰিপাব্লিক টিভিৰ মূখ্য সম্পাদক অৰ্ণৱ গোস্বামীক টেলিভিশ্ব্যনৰ জড়িয়তেই হাত যোৰ কৰি ক্ষমা খোজাৰ লগতে আইনৰ মুখামুখী হ'বলৈ জনালে আহ্বান ।

শিৱসেনা হৈছে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ নেতৃত্বত সংযুক্ত চৰকাৰখনৰ দ্বিতীয়টো দল, য'ত গোস্বামীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পিছত কংগ্ৰেছে তেওঁৰ বিৰুদ্ধে দলৰ প্ৰধান ছোনীয়া গান্ধীক পালঘৰ কাণ্ডৰ লগত জড়িত কৰি কেইমাহমান পূৰ্বে এক ফৌজদাৰী গোচৰ ৰুজু কৰিছিল ।

গোস্বামীৰ ওপৰত আইনী জাননি জাৰি কৰি বসন্তৰাও নাইক চেট্টি স্বাৱলম্বন মিশ্যন(VNSSM)ৰ অধ্যক্ষ তথা ৰাজ্যখনৰ মন্ত্ৰীৰ মৰ্যদাপ্ৰাপ্ত এগৰাকী প্ৰভাৱশালী নেতা কিশোৰ তিৱাৰীয়ে যুক্তি দিলে যে, চেনেলটোত যি ধৰণে বিতৰ্ক হৈছিল, সেয়া উচ্চত্বম ন্যায়ালয়ক অৱমাননা কৰাৰ এক প্ৰয়াস মাথো ।

শিৱসেনাৰ নেতাগৰাকী হৈছে এগৰাকী আইনজীৱীও । তেখেতে কলে, টেলিভিশ্যনত হোৱা বিতৰ্কটোৰ মাজত ইয়াৰ বিৰোধিতা কৰাৰ পিছতো অৰ্ণৱ গোস্বামীয়ে ইচ্ছাকৃতভাৱে আদালতৰ অৱমননা অব্যাহত ৰখাৰ লগতে সুশান্তৰ ন্যায় প্ৰক্ৰিয়া প্ৰসংগত আদালতৰ কাৰ্যব্যৱস্থাক প্ৰভাবিত তথা হস্তক্ষেপৰ চেষ্টা কৰা দৈখা গ'ল ।

'অনুষ্ঠানৰ মাজত এবাৰ আপুনি মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক সুশান্তৰ প্ৰসংগত ঠাকৰে পৰিয়ালৰ প্ৰতি পক্ষপাতমূলক ভাৱে বিকৃত আৰু পূৰ্ব নিৰ্ধাৰিত শৈলীৰে মূল অভিযুক্ত হিচাবে প্ৰক্ষেপ কৰি বিষয়টো সমাপ্ত কৰিবলৈ এখোজ আগুৱাই গৈছিল' ক'লে তিৱাৰীয়ে ।

লগতে কিশোৰ তিৱাৰীয়ে ক'লে, বিতৰ্কটো সম্পূৰ্ণ পূৰ্ব নিৰ্ধাৰিত আৰু পক্ষপাতমূলক মানসিকতাৰ ভিত্তিত আয়োজন কৰি অৰ্ণৱ গোস্বামীয়ে সৰ্বোচ্চ ন্যায়ালয়ক অৱমাননা কৰিলে ।

'আপুনি আৰু আপোনাৰ সহযোগীয়ে কৰা এই আচৰণ যথেষ্ঠ অসংবিধানিক আছিল আৰু ই অপৰাধমূলক।' তিৱাৰী।

তিৱাৰীয়ে পূৰ্বৰ এটা প্ৰসংগ উল্লেখ কৰি কলে, ৰিপাব্লিক টিভিয়ে প্ৰয়াত তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুশমা স্বৰাজলৈ লক্ষ্য কৰি তেখেতক ললিত মোদীৰ ঘটনাৰ লগত জড়িত কৰিছিল যাৰ আঘাট সহ্য কৰিব নোৱাৰাৰ ফলত প্ৰতিৰোধ ক্ষমতা ভাঙি পেলাইছিল আৰু অৱশেষত তেখেতে যোৱাটো বছৰৰ আগষ্ট মাহত কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যুক সাৱতি ল'ব লগা হৈছিল ।

শিৱসেনা নেতা গৰাকীয়ে এনে ধৰণেই ৰিপাব্লিক টিভিৰ ওপৰত অভিযোগ তুলি ঠাকৰে পৰিয়াল আৰু তেওঁলোকৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ যি ধৰণে লক্ষ্য কৰি লৈছে, সেয়া মত প্ৰকাশ তথা সংবাদ মাধ্য়মৰ স্বাধীনতাৰ অপব্যৱহাৰ বাবে ভয়াবহ ইংগিত ।

আইনী জাননি খনত তিৱাৰীয়ে চেনেলটোৰ প্ৰাইম টাইমৰ সময়ত অৰ্ণৱ গোস্বামীক হাত যোৰ কৰি ক্ষমা খুজিবলৈ আহ্বান জনালে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.