ETV Bharat / bharat

ফেচবুক 'লাইভ'ত আত্মহত্যাৰ চেষ্টা

ফেচবুকৰ জৰিয়তে লাইভত ফেনাইল সেৱন কৰি এজনৰ আত্মহত্যাৰ চেষ্টা । লোকজনৰ নাম গণেশ কুম্বলে বুলি জনাইছে আৰক্ষীয়ে ।

author img

By

Published : May 19, 2020, 10:35 AM IST

ফেচবুক 'লাইভ'ত আত্মহত্যাৰ চেষ্টা
ফেচবুক 'লাইভ'ত আত্মহত্যাৰ চেষ্টা

নিউজ ডেস্ক, 19 মে': লক ডাউনৰ সময়চোৱাত ঘৰতে আৱদ্ধ হৈ থাকিব লগীয়া হোৱাত বিভিন্ন লোকে নিজৰ প্ৰতিভা সমূহ সামাজিক মাধ্যমৰ লাইভত প্ৰদৰ্শন কৰিছে । সেয়েহে লক ডাউনত বৃদ্ধি পাইছে লাইভৰ প্ৰৱণতা ৷ কিন্তু মহাৰাষ্ট্ৰৰ এজন লোকে সামাজিক মাধ্যমত লাইভ কৰি আত্মহত্যাৰ চেষ্টা চলায় ৷ তেওঁ আত্মহত্যাৰ সমগ্ৰ ঘটনা সামাজিক মাধ্যম ফেচবুকত 'লাইভ' কৰে । লোকজনৰ ঘৰ মহাৰাষ্ট্ৰৰ থানে জিলাত ।

পাৰিবাৰিক বিবাদৰ কাৰণেই লোকজনে চৰম পন্থা লবলৈ ওলাইছিল বুলি প্ৰকাশ কৰে আৰক্ষীয়ে । উল্লেখ্য যে, লোকজনৰ পত্নীয়ে পূৰ্বে তেওঁৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ তৰিছিল ।

ফেচবুকত লাইভ কৰি আত্মহত্যাৰ চেষ্টা কৰা লোকজনৰ নাম গণেশ কুম্বলে বুলি জনাইছে আৰক্ষীয়ে । লোকজনে ফেনাইল সেৱন কৰে আৰু সমগ্ৰ দৃশ্যটো ফেচবুকৰ জৰিয়তে লাইভ কৰে । তাৰ পাচতেই তেওঁক বন্ধুয়ে আহি উদ্ধাৰ কৰে আৰু হাস্পতাললৈ লৈ যায় । বৰ্তমানেও লোকজনৰ চিকিৎসা অব্যাহত আছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.