ETV Bharat / bharat

শ্বাহিনবাগৰ পৰা আৰক্ষীয়ে আঁতৰাই পঠিয়ালে প্ৰতিবাদকাৰীক

author img

By

Published : Mar 24, 2020, 1:47 PM IST

শ্বাহিনবাগত কেবাটাও দাবী সম্পৰ্কত একাংশ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ পিচত মঙলবাৰে দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে প্ৰতিবাদকাৰী সকলক আঁতৰাই পঠিয়াই ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শ্বাহিনবাগ অঞ্চলত পেৰা মিলিটেৰী মোতায়েন কৰা হৈছে ৷

শ্বাহিনবাগৰ পৰা আৰক্ষীয়ে আঁতৰাই পঠিয়ালে প্ৰতিবাদকাৰীক
শ্বাহিনবাগৰ পৰা আৰক্ষীয়ে আঁতৰাই পঠিয়ালে প্ৰতিবাদকাৰীক

নতুন দিল্লী, 24 মাৰ্চঃ ৰাজধানী দিল্লীৰ শ্বাহিনবাগত চলি থকা প্ৰতিবাদী কাৰ্যসূচী সমূহ মঙলবাৰে দিল্লী আৰক্ষীয়ে আঁতৰাই পঠিয়াই ৷ বিগত 100 দিন ধৰি ধাৰাবাহিকভাৱে চলি থকা এন আৰচি,নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত কৰি থকা প্ৰতিবাদকাৰী সমূহক আৰক্ষীয়ে আতৰাই পঠিয়াই ৷ কৰ'ণা ভাইৰাছে দিল্লীকো স্পৰ্শ কৰাৰ পিচতে দিল্লী চৰকাৰে ৰাজহুৱা স্থানত বহুলোক সমবেত হোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল আৰু ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ জাননী জাৰি কৰিছিল ৷ কিন্তু তাৰ মাজতো শ্বাহিনবাগত কেবাটাও দাবী সম্পৰ্কত একাংশ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ পিচত মঙলবাৰে দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে প্ৰতিবাদকাৰী সকলক আঁতৰাই পঠিয়াই ৷

আনহাতে দিল্লীৰ শ্বাহিনবাগ অঞ্চলত বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে ৷ প্ৰতিবাদকাৰী সকলক আঁতৰাই পঠিওৱাৰ পিচতো বহু সংখ্যক প্ৰতিবাদকাৰীয়ে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷ ইফালে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শ্বাহিনবাগ অঞ্চলত পেৰা মিলিটেৰী মোতায়েন কৰা হৈছে ৷ ড্ৰোণ কেমেৰাৰে সমগ্ৰ পৰিৱেশ নিৰীক্ষণ কৰি আছে দিল্লী আৰক্ষীয়ে ৷ উচ্চতম ন্যায়ালয়ে এই সম্পৰ্কত 23 তাৰিখে শুনানি গ্ৰহণ কৰাৰ কথা আছিল যদিও কৰ'ণা ভাইৰাছৰ বাবে শুনানিৰ দিন স্থগিত ৰাখে ৷

লগতে চাওকঃ উত্তৰ-পূৰ্বাঞ্চলত ধৰা পৰিল কৰ'ণা আক্ৰান্ত ৰোগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.