ETV Bharat / bharat

ছেনচেক্সত কৰ’ণা ভাইৰাছৰ ব্যাপক প্ৰভাৱ

author img

By

Published : Feb 28, 2020, 2:30 PM IST

কৰ’ণা ভাইৰাছৰ পোন-পটীয়া প্ৰভাৱ ছেনচেক্সত ৷ লোকচানৰ সন্মুখীন হৈছে টাটা ষ্টিল, টেক্ মহিন্দ্ৰা, ইনফোচিচ, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, বাজাজ ফাইনেন্স, এইচ চি এল টেক্ আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰী ৷

ছেনচেক্সত কৰ’ণা ভাইৰাছৰ ব্যাপক প্ৰভাৱ
ছেনচেক্সত কৰ’ণা ভাইৰাছৰ ব্যাপক প্ৰভাৱ

নিউজ ডেস্ক, 28 ফেব্ৰুৱাৰীঃ চীনত সংহাৰী ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছৰ ক্ৰমবৰ্ধমান ঘটনাৰ বাবে বিশ্বজুৰি মহামাৰীয়ে দেখা দিয়াৰ প্ৰৱল আশংকাই দেখা দিছে ৷ যাৰ প্ৰভাৱ শুকুৰবাৰে ছেনচেক্সত দেখা পোৱা গ’ল ৷ শেহতীয়াকৈ ছেনচেক্স 1,100 পইণ্টৰ হ্ৰাস পোৱাৰ লগতে 5 লাখ কোটিতকৈও অধিক লোকচানৰ সন্মুখীন হৈছে বিনিয়োগকাৰীসকল ৷

30 খন শ্বেয়াৰৰ মুখ্য সূচাংক 1,100.27 পইণ্ট তথা 2.77 শতাংশ হ্ৰাস পাই 38,645.39 পইণ্টত বন্ধ হয় ৷ আনহাতে এন এছ ই (NSE) নিফ্টীৰ সূচাংক 329.50 পইণ্ট তথা 2.83 শতাংশ অৱনমিত হৈ 11,303.80 পইণ্টত উপনীত হয় ৷ লোকচানৰ সন্মুখীন হোৱা কোম্পানী কেইটা হৈছে টাটা ষ্টিল, টেক্ মহিন্দ্ৰা, ইনফোচিচ, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, বাজাজ ফাইনেন্স, এইচ চি এল টেক্ আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰী ৷

বিগত বৰ্ষত ছেনচেক্সৰ মাত্ৰা 143.30 পইণ্ট তথা 0.36 শতাংশৰ নিম্নগামীৰে 39,745.66 পইণ্ট থকাৰ বিপৰীতে নিফ্টীৰ মাত্ৰা 45.20 পইণ্ট তথা 0.39 শতাংশ হ্ৰাস পাই 11,633.30 পইণ্ট আছিল ৷

এই সন্দৰ্ভত বিশ্লেষকৰ বিশ্লেষণ অনুসৰি, বিগত সপ্তাহ পৰ্যন্ত বজাৰত চীনৰ কৰ’ণা ভাইৰাছৰ প্ৰভাৱত অনাগত দিনত বিশ্বব্যাপী অৰ্থব্যৱস্থাত নূন্যতম প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছিল যদিও চীনত কৰ’ণা ভাইৰাছৰ ঘটনাই বজাৰ মূল্যক লৈ বিশ্লেষকৰ দৃষ্টিভংগী সলনি কৰিছে ৷ ফলত বিনিয়োগকাৰীসকলেও নিজৰ নিম্নগামী ব্যৱসায়ক লৈ চিন্তিত হৈ পৰিছে ৷ তদুপৰি বিদেশী বিনিয়োগকাৰীৰ সৈতে হোৱা অবিচ্ছিন্ন আমদানি-ৰপ্তানিতো কৰ’ণা ভাইৰাছে ব্যাপক প্ৰভাৱ পেলাইছে বুলি ব্যৱসায়ীসকলে দুখ প্ৰকাশ কৰে ৷

কৰ’ণা ভাইৰাছৰ ব্যাপক প্ৰভাৱ ছেনচেক্সত

সূত্ৰই জনোৱা মতে, ষ্ট্ক এক্সেইঞ্জে দেখুওৱা তথ্যত বিদেশী প্ৰতিষ্ঠানৰ বিনিয়োগকাৰীয়ে বৃহস্পতিবাৰে 3,127.36 কোটি টকাৰ ইকুইটি শ্বেয়াৰ বিক্ৰী কৰিছে ৷ সাংঘাই, হংকং, চিউল আৰু টকিঅ’ত পুৱাৰ ভাগত ষ্ট্ক এক্সেইঞ্জ 4 শতাংশলৈ হ্ৰাস পায় ৷

আনহাতে ৱাল ষ্ট্ৰীটত ডাও জনছ্ ইণ্ডাষ্ট্ৰিয়েলৰ শ্বেয়াৰৰ মূল্য গড়ে 1,190.95 পইণ্টলৈ হ্ৰাস পায় ৷ এয়া হৈছে ইতিহাসত এদিনৰ সৰ্ববৃহৎ চেনচেক্স হ্ৰাস ৷ যোৱা এক সপ্তাহত 3,225.77 পইণ্ট তথা 11.1 শতাংশ লোকচানৰ সন্মুখীন হৈছে প্ৰতিষ্ঠানটো ৷ এসপ্তাহ পূৰ্বে নিৰ্ধাৰণ কৰা এছ এণ্ড পি 500 সৰ্বকালৰ উচ্চমাত্ৰাৰ পৰা 12 শতাংশ কমি গৈছে ৷

বিশ্বজুৰি খাৰুৱা তেলৰ চাহিদা ৰাতিৰ ভিতৰতে 4 শতাংশতকৈও অধিক মাত্ৰাত কমি গৈছে ৷ কাৰণ কৰ’ণা ভাইৰাছৰ প্ৰভাৱৰ বাবে গ্ৰাহকে ঘৰৰ বাহিৰত চলাচল বন্ধ কৰাৰ বাবে কেঁচা তেলৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিছে ৷ বৰ্তমান ব্ৰেণ্ট ক্ৰুড অইলৰ চাহিদা 2.47 শতাংশলৈ হ্ৰাস পাই প্ৰতি বেৰেলত 50.45 ডলাৰ হয় ৷ আনহাতে পুৱাৰ ভাগত আমেৰিকান ডলাৰৰ তুলনাত 28 পইছা হ্ৰাসেৰে 71.89 টকা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.