ETV Bharat / bharat

জ্যেষ্ঠ কংগ্ৰেছী নেতা চিএফ থমাছৰ দেহাৱসান

কেৰালাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা চিএফ থমাছৰ দেওবাৰে দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 81 বছৰ ৷

জ্যেষ্ঠ কংগ্ৰেছী নেতা চিএফ থমাছৰ দেহাৱসান
জ্যেষ্ঠ কংগ্ৰেছী নেতা চিএফ থমাছৰ দেহাৱসান
author img

By

Published : Sep 27, 2020, 1:42 PM IST

নিউজ ডেস্ক, 27 ছেপ্টেম্বৰ : কেৰালাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা চাংগনাছেৰী সমষ্টিৰ বিধায়ক চিএফ থমাছে দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ থিৰুভাল্লা জিলাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু ঘটে জ্যেষ্ঠ নেতাগৰাকীৰ ৷ কেৰালা কংগ্ৰেছৰ শীৰ্ষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ দেহাৱসান

দীৰ্ঘদিন ধৰি তেওঁ চিকিৎসাধীন হৈ আছিল আৰু দেওবাৰে 81 বছৰ বয়সত তেওঁৰ মৃত্যু হয় ৷ 1980 চনৰ পৰাই ধাৰাবাহিকভাৱে চাংগনাছেৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছিল থমাছে ৷ 2001-2006 চনৰ কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফ চৰকাৰৰ তেওঁ গ্ৰাম্য উন্নয়ন, পঞ্জীয়ন, খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ মন্ত্ৰী আছিল ৷ কেৰালা কংগ্ৰেছৰ নেতা কেএম মনিৰ ঘনিষ্ট আছিল থমাছ ৷ বিগত বৰ্ষত মনিৰ মৃত্যুৰ পিচতেই পি জে যোচেফ নেতৃত্বাধীন কংগ্ৰেছ গোটৰ সৈতে সংযুক্ত হৈ পৰিছিল চিএফ থমাছ ৷

ছাত্ৰ অৱস্থাৰ পৰাই কংগ্ৰেছৰ সৈতে ৰাজনীতিত জড়িত হৈ পৰিছিল থমাছ ৷ কেৰালা কংগ্ৰেছত যোগদান কৰি পৰৱৰ্তী সময়ত দলটোৰ সাধাৰণ সম্পাদক আৰু অধ্যক্ষ পদটো অধিস্থিত হৈছিল চিএফ থমাছ ৷

লগতে পঢ়ক : দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যশৱন্ত সিঙৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.