ETV Bharat / bharat

প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে বিশেষ ৰে'লৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীৰ

author img

By

Published : May 9, 2020, 9:07 AM IST

শুকুৰবাৰে পুনেৰ COVID-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত আয়োজিত এক বৈঠকত মিলিত হৈ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে, প্ৰব্ৰজনকাৰী শ্ৰমিক সকলক নিজ-নিজ স্থানলৈ পঠিয়াবলৈ ৰাজ্য চৰকাৰে বিশেষ ৰে'লৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ।

Send migrants by trains, Maharashtra Dy CM tells Pune officials

নিউজ ডেস্ক, ৯ মে' : ঔৰাংগাবাদত সংঘটিত হোৱা হৃদয় বিদাৰক ঘটনাৰ পাচতেই তৎপৰ হৈ পৰিছে মহাৰাষ্ট্ৰ চৰকাৰ । মহাৰাষ্ট্ৰৰ উপ মুখ্য়মন্ত্ৰী অজিত পাৱাৰে শুকুৰবাৰে পুনেৰ COVID-১৯ পৰিস্থিতি সন্দৰ্ভত আয়োজিত এক বৈঠকত মিলিত হৈ পুনেৰ বিষয়ববীয়াক প্ৰব্ৰজনকাৰী শ্ৰমিক সকলক নিজ নিজ স্থানলৈ পঠিওৱাৰ বাবে বিশেষ ৰে'লৰ ব্যৱস্থা কৰাৰ এক নিৰ্দেশ প্ৰদান কৰিছে । লগতে এই সমগ্ৰ কাৰ্যৰ ব্যয় ৰাজ্য চৰকাৰ অথবা চিএছআৰ নিধিৰ দ্বাৰা বহন কৰা হ'ব বুলি জানিবলৈ দিয়ে উপ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইয়াৰ লগতে জিলাসমূহত লকডাউন অধিক দৃঢ় কৰাৰো নিৰ্দেশ দিয়ে মহাৰাষ্ট্ৰৰ উপ মুখ্য়মন্ত্ৰী অজিত পাৱাৰে । আনহাতে প্ৰয়োজন হ'লে এছআৰপিএফ বাহিনী মোতায়েনৰ কথাও উল্লেখ কৰিছে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে । শুকুৰবাৰ পৰ্যন্ত পুনেত ২,৫৭২ গৰাকী লোকৰ দেহত ধৰা পৰিছিল COVID-19 ৰ অৱস্থিতি ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.