নিউজ ডেস্ক, ১১জুনঃ এন চি পি দলৰ নেতা শাৰদ পাৱাৰে মহাৰাষ্ট্ৰৰ কনকান অঞ্চলতাে পৰিদৰ্শন কৰিবলৈ আহিছিল নিসৰ্গৰ ফলত খতি সাধন হোৱা এলেকাতো তাকে লৈ প্ৰশ্ন কৰিছিল ৰাজ্যিক বিজেপিয়ে। তাৰ পিছতেই বিজেপিক উভতি ধৰিলে বৃহস্পতিবাৰে শিৱ সেনাই। শিৱ সেনাৰ মুখপাত্ৰ সামানা কয় যে পাৱাৰ সদায় আগবাঢ়়ি আহে জনসাধাৰণৰ সমস্যা হ'লে। তাকে লৈ বিজেপি দলে ৰাজনৈতিক ইচ্ছ্যু বনাব খোজিছে । যি সময়ত ক'ৰণা মহামাৰীয়ে সংহাৰ কৰিছে ইপিনে নিসৰ্গৰ ফলত হাজাৰ হাজাৰ মানুহৰ ক্ষতি সাধন হৈছে কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ পিছতো সহায় কৰা নায় । তাত বিজেপিয়ে আগভাগ নলৈ পাৱাৰে পৰিদশন কৰাক লৈ প্ৰশ্ন কৰিছে বুলি মুখপাত্ৰ জনে সমালোচনা কৰে বিজেপিক ।
উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ বিজেপিৰ অধ্যক্ষ চন্দ্ৰকান্ত পাটিললৈ প্ৰশ্ন কৰিছিল লক ডাউনৰ সময়ত কি দৰে শিৱ সেনা চৰকাৰে অনুমতি প্ৰদান কৰিছিল পাৱাৰক ।
লগতে চাওকঃ বৈজ্ঞানিক পদ্ধতিৰে মৎস্য পালন হ'ব বৰপটাৰ কাপলা বিলত