ETV Bharat / bharat

নন-কনটেইনমেন্ট এলেকাত 20 এপ্ৰিলৰ পৰা প্ৰদান কৰা হ'ব কিছু শিথিলতা : স্বাস্থ্য মন্ত্ৰণালয়

author img

By

Published : Apr 19, 2020, 9:41 PM IST

নন-কনটেইনমেন্ট এলেকাত 20 এপ্ৰিলৰ পৰা কিছু শিথিলতা প্ৰদান কৰা হ'ব বুলি মন্তব্য আগবঢ়ায় লাভ আগৰৱালে ৷ আনহাতে, কঠোৰ নিৰ্দেশাৱলী অব্যাহত থাকিব হটস্পট এলেকাত ৷

20 এপ্ৰিলৰ পৰা প্ৰদান কৰা হব কিছু শিথিলতা
লাভ আগৰৱাল

নেশ্যনেল ডেস্ক,19 এপ্ৰিল : 20 এপ্ৰিলৰ পৰা নন কনটেইনমেন্ট এলেকাত কিছু শিথিলতা প্ৰদান কৰাৰ লগতে COVID-19 ৰ হটস্পট হিচাপে গণ্য কৰা এলেকাসমূহত কঠোৰ নিৰ্দেশনা পূৰ্বৰ দৰেই বাহাল থাকিব বুলি দেওবাৰে জানিবলৈ দিয়ে চৰকাৰে ৷

কৰ'ণা ভাইৰাছ সম্পৰ্কত দৈনিক কাৰ্যাৱলীৰ বিৱৰণ দি স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে কয় যে, কৃষিখণ্ড আৰু গ্ৰামাঞ্চলৰ অৰ্থনীতিৰ সৈতে জড়িত কিছুসংখ্যক কৰ্মৰ বাবে অনুমতি প্ৰদান কৰা হৈছে ৷ তেওঁ লগতে কয় যে, দেওবাৰে প্ৰতিষেধক আৰু ঔষধৰ পৰীক্ষণ সন্দৰ্ভত বিজ্ঞানৰ সৈতে জড়িত উচ্চস্তৰীয় বিষয়াৰে এটা দল গঠন কৰা হৈছে ৷

এই দলটোত আছে Niti Aayog ৰ সদস্য, চৰকাৰৰ মুখ্য বিজ্ঞান উপদেষ্টা, AYUSH, ICMR, Department of Science and Technology, Biotechnology, CSIR, DRDO, DG Health Services আৰু Drug Controller ৷

যোৱা 24 ঘন্টাত দেশত নতুনকৈ আক্ৰান্ত হৈছে 1,334 জন আৰু মৃত্যু হৈছে 27 জনৰ ৷ বৰ্তমানলৈকে ভাৰতত 507 জন লোকৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্ত হৈছে 15,712 জন ৷ ইয়াৰোপৰি, 14.19 শতাংশ অৰ্থাৎ 2,231 জন ৰোগী সুস্থ হৈ উঠিছে ৷

আগৰৱালে লগতে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা অনুসৰি 20 এপ্ৰিলৰ পৰা কিছু অঞ্চলত বিশেষ শিথিলতা প্ৰদান কৰা হ'ব ৷ ইয়াৰোপৰি, আজি নিশা 12 বজাৰ পৰাই নন-কনটেইনমেন্ট এলেকাতো প্ৰদান কৰা হ'ব শিথিলতা ৷"

লগতে তেওঁ জনায়, "কিন্তু কৰ'ণা ভাইৰাছ হটস্পট সমূহত কোনো ধৰণৰ শিথিলতা প্ৰদান কৰা নহয় ৷ ইয়াৰোপৰি, স্থানীয় প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰই প্ৰদান কৰাৰ নিৰ্দেশাৱলীতকৈও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ৷"

আগৰৱালে কয়, "নন-কনটেইনমেন্ট এলেকাত আমি কিছু শিথিলতা প্ৰদান কৰিলেও ৰাজ্য আৰু জিলাসমূহে এই নিশ্চিতি প্ৰদান কৰিব লাগিব যে লকডাউনৰ সকলো নিৰ্দেশাৱলী মানি চলা হৈছে ৷ শিথিলতা প্ৰদান কৰিলেও 3 মে' লৈকে আকাশমাৰ্গ, ৰেলপথ আৰু স্থলপথ, শিক্ষানুষ্ঠান, উদ্যোগিক ব্যৱসায় আৰু হোটেল-ৰেষ্টুৰেন্টসমূহত প্ৰতিবন্ধকতা আৰোপ কৰা থাকিব ৷ ইয়াৰোপৰি, চিনেমাগৃহ, মল, বজাৰ-সমাৰ, পাৰ্কৰ লগতে সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ধৰ্মীয় আৰু শিক্ষানুষ্ঠান সম্পৰ্কীয় আৰু ক্ৰীড়াক্ষেত্ৰৰ যিকোনো ভিৰত প্ৰতিবন্ধকতা আৰোপ হৈ থাকিব ৷"

আগৰৱালে লগতে কয়, "কৃষিখণ্ড, দিন হাজিৰা কৰা লোক আৰু কিছু সংখ্য়ক নিয়োগৰ ক্ষেত্ৰত শিখিলতা প্ৰদান কৰাৰ লগতে স্বাস্থ্যখণ্ড আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান পূৰ্বৰ দৰেই বাহাল থাকিব ৷"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.