ETV Bharat / bharat

জম্মু আৰু কাশ্মীৰত সুৰক্ষাৰ নামত গণতান্ত্ৰিক হস্তক্ষেপৰ অভিযোগ

author img

By

Published : Nov 21, 2020, 8:43 PM IST

জম্মু আৰু কাশ্মীৰৰ ডিডিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গণতান্ত্ৰিক প্ৰক্ৰিয়াত বাধা সৃষ্টি হোৱাৰ অভিযোগ পিজিএডিৰ সভাপতি তথা জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুলাৰ ৷ আব্দুলাৰ অভিযোগ সুৰক্ষা প্ৰদানৰ নামত নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়োৱা একাংশ প্ৰাৰ্থীক নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰাই ৰখাৰ ই এক কৌশল ৷

জম্মু আৰু কাশ্মীৰত সুৰক্ষাৰ নামত গণতান্ত্ৰিক হস্তক্ষেপৰ অভিযোগ
জম্মু আৰু কাশ্মীৰত সুৰক্ষাৰ নামত গণতান্ত্ৰিক হস্তক্ষেপৰ অভিযোগ

শ্ৰীনগৰ, 21 নৱেম্বৰ: জম্মু আৰু কাশ্মীৰত অনুষ্ঠিত হ'ব লগীয়া ডিডিচি নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়োৱা প্ৰাৰ্থী সকলৰ ওপৰত হোৱা ব্যৱহাৰৰ বিৰোধ কৰি শনিবাৰে জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নৱগঠিত পিপলছ এলায়েন্স ফৰ গুপকাৰ ডিক্লেৰেশ্যন (পিএজিডি) ৰ সভাপতি ফাৰুক আব্দুলাই কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত গণতন্ত্ৰক অনুকূলিত আৰু প্ৰতিৰোধ কৰাৰ বাবে সুৰক্ষাৰ বিষয়টোক এক অজুহাত হিচাপে প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰে ৷

জম্মু আৰু কাশ্মীৰৰ নিৰ্বাচনী আয়ুক্ত কে কে শৰ্মালৈ দুই পৃষ্ঠাজোৰা এখন পত্ৰ প্ৰেৰণ কৰি আব্দুলাই অভিযোগ কৰে যে কেৱল নিৰ্বাচিত একাংশক সুৰক্ষা প্ৰদান কৰি বাকী সকলক আক্ষৰিক অৰ্থত প্ৰত্যহাৰ কৰাটো গণতন্ত্ৰৰ ওপৰত চৰম হস্তক্ষেপ ৷

পত্ৰখনত আব্দুলাই এইবুলি লিখে, "সমাগত ডিডিচি নিৰ্বাচন সম্পৰ্কে কোৱাৰ বাবে মই এই পত্ৰখন আপোনালৈ লিখিছো ৷ এক ব্যতিক্ৰমী আৰু আচৰিত বৈশিষ্ট সন্মুখলৈ অহা পৰিলক্ষিত হৈছে ৷ পিএজিডি ৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়োৱা প্ৰাৰ্থী সকলক সুৰক্ষাৰ নামত এনে কিছুমান স্থানলৈ নি সীমাবদ্ধ কৰি ৰখা হৈছে, যিসমূহ স্থানৰ পৰা তেওঁলোকে প্ৰচাৰ চলাব নোৱাৰে ৷ তেওঁলোকক আকাংক্ষিত ভোটাৰ সমূহৰ পৰা সম্পূৰ্ণ দূৰৈত ৰখা হৈছে ৷"

তেওঁ লগতে কয় যে পিএজিডিৰ অংশ সমূহ পূৰ্বতে শাসনত আছিল আৰু চৰকাৰখনক নেতৃত্ব দি পৰিচালনা কৰাৰ সুবিধাও তেওঁলোকে পূৰ্বতে লাভ কৰিছে ৷ সেয়ে হিংসাই আৱৰা ঠাইসমূহত সুৰক্ষাক লৈ আহিব পৰা প্ৰত্যাহ্বান সমূহৰ বিষয়ে তেওঁলোক ভালদৰে অৱগত ৷

তেওঁ কয় , "এই প্ৰত্যাহ্বান সমূহ নতুন নহয় ৷ বিগত তিনি দশক ধৰি আমি এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰি আহিব লগীয়া হৈছে ৷ কিন্তু চৰকাৰে প্ৰাৰ্থীসকলক তেওঁলোকৰ আদৰ্শ আৰু দল নিৰ্বিশেষে সুৰক্ষা সুনিশ্চিত কৰি আহিছে ৷

লোকসভাৰ সাংসদ গৰাকীয়ে কয় যে সম্প্ৰতি সুৰক্ষাৰ ক্ষেত্ৰত নিৰ্বাচিত একাংশ লোকৰ বাবে সুৰক্ষাৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে অন্য একাংশক সীমাবদ্ধ কৰি ৰখা পৰিলক্ষিত হৈছে ৷ এই সমগ্ৰ ঘটনাক প্ৰাৰ্থী সকলৰ সুৰক্ষাৰ প্ৰতি চিন্তিত হৈ লোৱা পদক্ষেপৰ পৰিৱৰ্তে গণতান্ত্ৰিক প্ৰক্ৰিয়াত বাধা জন্মোৱাৰ এক চেষ্টা হিচাপেহে পৰিলক্ষিত হৈছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে সুৰক্ষাৰ বিষয়টোক গণতান্ত্ৰিক প্ৰক্ৰিয়াত বাধা জনোৱাৰ অজুহাত বা আহিলা হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি আৰু নালাগে ৷

লগতে পঢ়ক: সাংসদ পদ ত্যাগ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে : দেওবাৰে যোগ দিব বিজেপিত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.