ETV Bharat / bharat

আজিৰে পৰা মালাবাৰ যুদ্ধাভ্যাসৰ দ্বিতীয় পৰ্যায় আৰম্ভ

author img

By

Published : Nov 17, 2020, 12:13 PM IST

আজি (17)ৰে পৰা 20 নবেম্বৰলৈ উত্তৰ আৰৱ সাগৰত মালাবাৰ 2020ৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে ৷ ভাৰতীয় নৌ-সেনাৰ স্বদেশীয় যুদ্ধজাহাজ খণ্ডেৰী আৰু P8I সামুদ্ৰিক নিৰীক্ষণকাৰী বিমানৰ লগতে আমেৰিকান নৌ-সেনাৰ নিমিত্জ যুদ্ধবিমান পৰিবহনকাৰী জাহাজে অংশগ্ৰহণ কৰিব ৷ বিগত ছমাহ ধৰি লাডাখত ভাৰত-চীনৰ মাজত অব্যাহত থকা যুদ্ধকালীন পৰিস্থিতিৰ মাজতেই এই অনুশীলন আৰম্ভ হৈছে ৷

আজিৰে পৰা মালাবাৰ যুদ্ধাভ্যাসৰ দ্বিতীয় পৰ্যায় আৰম্ভ
আজিৰে পৰা মালাবাৰ যুদ্ধাভ্যাসৰ দ্বিতীয় পৰ্যায় আৰম্ভ

নিউজ ডেস্ক, 17 নবেম্বৰ : আজিৰে পৰাই উত্তৰ আৰৱ সাগৰত আৰম্ভ হৈছে চাৰিদেশীয় সাগৰীয় যুদ্ধাভ্যাস মালাবাৰৰ দ্বিতীয় পৰ্যায় ৷ ভাৰতীয় নৌ-সেনা, আমেৰিকান নৌ-সেনা, জাপানী নৌ-সেনা আৰু অষ্ট্ৰেলিয়ান নৌ-সেনাই এই অভিযানত অংশগ্ৰহণ কৰিছে ৷ চাৰিদিনীয়াকৈ হ'বলগীয়া এই অনুশীলনৰ দ্বিতীয় পৰ্যায়ত অংশগ্ৰহণ কৰিছে ভাৰতীয় নৌ-সেনাৰ যুদ্ধবিমান পৰিবহনকাৰী জাহাজ বিক্ৰমাদিত্য আৰু আমেৰিকান নৌ-সেনাৰ যুদ্ধবিমান পৰিবহনকাৰী জাহাজ নিমিত্জৰ লগতে অষ্ট্ৰেলিয়া আৰু জাপানৰ বহুকেইখন যুদ্ধজাহাজে ৷ সাগৰীয় এই যুদ্ধাভ্যাসৰ দ্বাৰা ভাৰত-প্ৰশান্ত মহাসাগৰীয় এলেকাৰ মুকলি, উমৈহতীয়া আৰু নিয়ম আধাৰিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা বৰ্তাই ৰাখিবলৈ তথা সাগৰীয় সম্পৰ্ক বৃদ্ধি কৰিবলৈ অনুষ্ঠিত কৰি অহা হৈছে ৷

লগতে পঢ়ক : মালাবাৰত নৌ সেনাৰ অনুশীলনত যোগ দিবলৈ ভাৰতে অষ্ট্ৰেলিয়াক আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা

চতুৰ্দেশীয় এই অভিযানৰ দ্বাৰা নৌ-সেনাৰ মাজত সহযোগিতা বৃদ্ধিয়ে হৈছে প্ৰথম আৰু প্ৰধান লক্ষ্য ৷ এছিয়া পেছিফিক অঞ্চলৰ লগতে দক্ষিণ চীন সাগৰত বৃদ্ধি পোৱা চীনৰ গতিবিধি ৰোধ কৰিবলৈ ভাৰত, আমেৰিকা আৰু জাপানে প্ৰথমে এই অভিযানৰ আৰম্ভনি কৰিছিল আৰু শেহতীয়াকৈ অষ্ট্ৰেলিয়াক এই অভিযানৰ অংশ হিচাপে স্বীকৃতি দিয়া হয় ৷ মালাবাৰ সাগৰীয় অভিযানৰ প্ৰথম পৰ্যায় 3ৰ পৰা 6 নবেম্বৰলৈ বে' অৱ বেংগলত অনুষ্ঠিত হৈ গৈছে আৰু ইয়াত চাৰিওখন দেশৰ ছাবমেৰিণ ফ্লীটে অংশগ্ৰহণ কৰাৰ লগতে সাগৰৰ পৰা আকাশমাৰ্গত আঘাত কৰা অভিযানৰ অনুশীলন সফলতাৰে সম্পন্ন কৰা হৈছিল ৷

বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ তথা পাৰমানৱিক শক্তিসম্পন্ন ইউএছএছ নিমিত্জৰ সৈতে এক বৃহৎ আক্ৰমণকাৰী গোটে এই অনুশীলনত অংশগ্ৰহণ কৰিব য'ত যুদ্ধবিমান পৰিবহনকাৰী জাহাজৰ লগতে ডেষ্ট্ৰ'য়াৰ, ফ্ৰীগেট আৰু অন্যান্য জাহাজসমূহো থাকিব ৷ নিমিত্জৰ উপৰিও ক্ৰুইজাৰ প্ৰিন্সটন আৰু ডেষ্ট্ৰ'য়াৰ ষ্টৰেট আৰু P8I সামুদ্ৰিক নিৰীক্ষণকাৰী বিমানেও অংশগ্ৰহণ কৰিব ৷ অষ্ট্ৰেলিয়ান ৰয়েল নেভীৰ ফ্ৰীগেট বল্লাৰ্ট আৰু হেলিকপ্টাৰ ফ্লীটৰ লগতে ভাৰতীয় নৌ-সেনাৰ দুখনকৈ যুদ্ধবিমান পৰিবহনকাৰী জাহাজৰ লগতে ছাবমেৰিণ আৰু অন্যান্য বিমান এই অনুশীলনত ভাগ ল'ব ৷ এই অভিযানৰ সময়ত ক্ৰছ ডেক ফ্লায়িং অপাৰেশ্বনৰ লগতে মিগ-29 আৰু এফ-18 যুদ্ধবিমানে বিক্ৰমাদিত্য আৰু নিমিত্জৰ পৰা উৰণ তথা অৱতৰণ সম্পন্ন কৰিব ৷ আনহাতে আকাশী যুদ্ধত অংশগ্ৰহণ কৰিব ই2চি হ্কআই যুদ্ধবিমানে ৷ ভাৰতীয় নৌ-সেনাৰ হেলিকপ্টাৰ ফ্লীট, ডেষ্ট্ৰ'য়াৰ কলকাতা আৰু চেন্নাই, ষ্টেল্থ ফ্ৰীগেট তলৱাৰ আৰু সহায়কাৰী জাহাজ দীপকে বিক্ৰমাদিত্যৰ সৈতে এই অনুশীলনত ভাগ ল'ব ৷

লগতে পঢ়ক : মালাবাৰ অনুশীলনত অষ্ট্ৰেলিয়াৰ অংশগ্ৰহণত সন্মতি ভাৰতীয় নৌ-সেনাৰ

এই অনুশীলনত ভাৰতীয় নৌ-সেনাৰ দলটোত নেতৃত্ব দিছে ৰীয়েৰ এডমিৰেল আৰু নৌ-সেনাৰ ৱেষ্টাৰ্ণ নাভেল কামাণ্ডৰ ফ্লেগ অফিছাৰ কৃষ্ণ স্বামীনাথনে ৷ উল্লেখ্য যে, বিগত মাহত ভাৰতে এই অনুশীলনত অষ্ট্ৰেলিয়াৰ অংশগ্ৰহণৰ বিষয়ে নিশ্চিতি প্ৰদান কৰিছিল আৰু তেতিয়াৰ পৰাই এই অভিযান চতুৰ্দেশীয় সাগৰীয় অভিযান হৈ পৰে ৷

1992 চনত ভাৰতীয় নৌ-সেনা আৰু আমেৰিকান নৌ-সেনাৰ যুটীয়া সাগৰীয় অনুশীলন হিচাপে মালাবাৰ সাগৰীয় অনুশীলন ভাৰত মহাসাগৰত অনুষ্ঠিত হৈছিল ৷ 2015ত এই অনুশীলনত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল জাপান নৌ-সেনাই ৷ আনহাতে কোভিড-19ৰ ভয়াৱহতাৰ মাজতেই অষ্ট্ৰেলিয়ান ৰয়েল নৌ-সেনাৰ যোগদানে চলিত বৰ্ষত এই অভিযানে পূৰ্ণতা লাভ কৰে ৷ 2018ত ফিলিপাইন সাগৰৰ গুৱাম উপকূলত আৰু 2019ত জাপান উপকূলত এই অনুশীলন অনুষ্ঠিত হৈছিল ৷

লগতে পঢ়ক : বে' অৱ বেংগলত আৰম্ভ নৌ-সেনাৰ সৰ্ববৃহৎ মালাবাৰ অনুশীলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.