ETV Bharat / bharat

চীনে লকডাউন প্ৰত্যাহাৰ কৰাত দ্বিতীয়বাৰৰ বাবে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ আশংকা বিজ্ঞানীৰ - কৰ'ণা ভাইৰাছ সংক্ৰমণৰ আশংকা

২৩ মাৰ্চৰ পৰা হুবেই প্ৰদেশ অৰ্থাৎ যিখন ৰাজ্যত ৱুহান চহৰখন অৱস্থিত তাত চলাচলৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে । ৱুহান ত্যাগৰ বাবে থকা চূড়ান্ত নিষেধাজ্ঞাৰ অন্ত পৰিব ৮ এপ্ৰিলত । লকডাউন শিথিল কৰাৰ ফলত নতুনকৈ কৰ’ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধি পাব বুলি বহু বিজ্ঞানীয়ে আশংকা প্ৰকাশ কৰিছে ।

Scientists fear second coronavirus wave as China eases lockdown
চীনে লকডাউন প্ৰত্যাহাৰ কৰাত দ্বিতীয়বাৰৰ বাবে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ আশংকা বিজ্ঞানীৰ
author img

By

Published : Apr 5, 2020, 11:05 AM IST

নিউজ ডেস্ক,5 এপ্ৰিলঃ চীনে কৰ'ণা ভাইৰাছৰ অভিকেন্দ্ৰ ৱুহানত বিপদৰ আশংকা উচ্চ হাৰৰ পৰা মজলীয়া পৰ্যায়লৈ হ্ৰাস কৰা বুলি ঘোষণা কৰিছে আৰু ন সপ্তাহজোৰা লক ডাউন প্ৰত্যাহাৰ কৰা হৈছে । কেন্দ্ৰীয় হুৱেই প্ৰদেশত ৫৬ মিলিয়ন লোকক প্ৰভাৱিত কৰা তিনি মাহজোৰা লক ডাউন বাতিল কৰা হৈছে । লকডাউন শিথিল কৰাৰ ফলত নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাব নেকি সেই বিষয়টোৰ প্ৰতি বিজ্ঞানীসকলৰ লগতে বিশ্ববাসীয়ে নজৰ ৰাখিছে । এতিয়ালৈকে এই আশংকা সঁচা প্ৰমাণিত হোৱা নাই । কিয়নো বৰ্তমানলৈকে চীনত অতি কমসংখ্যক আক্ৰান্ত লোকৰ খবৰ পোৱা গৈছে ।

হংকং বিশ্ববিদ্যালয়ৰ মহামাৰী সংক্ৰমণ বিষয়ক বিশেষজ্ঞ বেন কাউলিঙে এই সন্দৰ্ভত কয়— “লক ডাউন শিথিল কৰাৰ সময় এয়া । কিন্তু সংক্ৰমণৰ দ্বিতীয়টো ঢৌৰ বাবে আমি সতৰ্ক হৈ থাকিব লাগিব ।" যেতিয়া আক্ৰান্ত লোকৰ সংখ্যা ঊৰ্ধগামী হ’বলৈ ধৰে তেতিয়া ৱুহানত সম্পূৰ্ণ লক ডাউন ঘোষণা কৰা হয় । চীনে ইয়াৰ ভিতৰভাগত চলাচল বন্ধ কৰি দিয়ে আৰু ব্যৱসায়-বাণিজ্য, বিদ্যালয়, বিশ্ববিদ্যালয় বন্ধ কৰে । এই ভয়াৱহ ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাইজক ঘৰত থাকিবলৈ নিৰ্দেশ দিয়া হয় । যদিও চীনে লকডাউন শিথিল কৰিছে, দেশখনে ব্যাপক হাৰত পৰীক্ষা আৰু ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ সন্ধান অব্যাহত ৰাখিছে। যাতে বাহিৰৰ পৰা আক্ৰান্ত লোকৰ প্ৰৱেশ ঘটিব নোৱাৰে তাৰ বাবে চীনে ইয়াৰ সীমান্ত ছীল কৰি দিছে । দেশখনলৈ উভতা নাগৰিকৰ বাবে চৈধ্য দিনৰ কোৱাৰেণ্টাইন বাধ্যতামূলক । গৱেষকসকলৰ মতে চীনে ইয়াৰ তীব্ৰতৰ ব্যৱস্থাৰ বাবে ভাইৰাছক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে । সামাজিক দূৰত্ব, ব্যাপক পৰীক্ষা, আক্ৰান্ত লোকসকলক আছুতীয়াকৈ ৰখাৰ ফলত সংক্ৰমণ নিয়ন্ত্ৰণাধীন হৈ পৰিছে । কাউলিঙৰ মতে ইটালী আৰু স্পেইনৰ দৰে দেশসমূহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব । কিয়নো ব্যাপক হাৰত পৰীক্ষা আৰু আক্ৰান্তৰ সংস্পৰ্শত অহা লোকৰ সন্ধান কৰাৰ সলনি কেৱল সামাজিক দূৰত্ব বৰ্তাই ৰখাতহে গুৰুত্ব দিছে । তথাপিও চীনত নতুনকৈ আক্ৰান্ত হোৱাৰ আশংকা এতিয়াও আছে বুলি হংকং বিশ্ববিদ্যালয়ৰ সংক্ৰামক ৰোগ বিভাগৰ এগৰাকী গৱেষক গেব্ৰিয়েল লিয়ুঙে মন্তব্য কৰে । কিয়নো এই ভাইৰাছ অতি সহজে ইজনৰ পৰা সিজনলৈ বিয়পি পৰে আৰু বহু সংক্ৰমণৰ তথ্য হয়তো এতিয়াও লাভ কৰা নাই । তেওঁৰ মতে এটা লক ডাউনেই হয়তো যথেষ্ট নহ’ব, এই ভাইৰাছ মষিমূৰ কৰিবলৈ তেনেধৰণৰ বহু কঠোৰ উপায় অৱলম্বন কৰাৰ প্ৰয়োজন হ’ব । স্বাস্থ্য, অৰ্থনীতিৰ সুৰক্ষা আৰু আৱেগিক কল্যাণ সাধনকলৈ ভৱিষ্যতে প্ৰতিখন চৰকাৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব । "চীনৰ হুবে প্ৰদেশৰ চহৰখনত এতিয়াও স্বাভাৱিক জীৱন যাত্ৰা উভতি অহা নাই । কিন্তু লোকসকলে লাহে লাহে ঘৰ এৰি কামলৈ উভতিছে । উদ্যোগবোৰো পুনৰ মুকলি কৰিবলৈ লোৱা হৈছে । চৰকাৰ কৰ্তৃপক্ষৰ মতে বিশ্ববিদ্যালয়, বিদ্যালয় আৰু শিশুৰ যত্ন লোৱা কেন্দ্ৰসমূহ বন্ধ থাকিব । ৮ এপ্ৰিললৈকে প্ৰদেশখনৰ ৰাজধানী ৱুহানত ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত থাকিব । ১৮ মাৰ্চৰ পৰা হুবেত আক্ৰান্তৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে । হুবেৰ বাহিৰে চীনৰ সকলো প্ৰদেশতে মানুহৰ চলাচল আৰু অৰ্থনৈতিক কামকাজ চলিলেও নতুন কোনো আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ অহা নাই । মাৰ্চত হুবেইত কাৰ্যাবলী পুনৰাম্ভ হ’লেও নতুনকৈ আক্ৰান্তৰ সংখ্যা তেনেই কম । যদি ৫০ ৰ পৰা ৭০ শতাংশ আক্ৰান্ত লোকৰ প্ৰতিৰোধ ক্ষমতা থাকে তেন্তে ই সমাজত শক্তশালীভাৱে খোপনি পুতিব নোৱাৰে।” লিউয়ঙৰ মন্তব্য এয়া ।

তেওঁ লগতে কয় যে ৱুহানত আক্ৰান্ত ৮১ হাজাৰ লোকৰ কিছু সংখ্যকৰ প্ৰতিৰোধ ক্ষমতা আছে । ইয়াৰে প্ৰায় ১০ শতাংশ মানৰ প্ৰতিৰোধ ক্ষমতা আছে । গতিকে এক বৃহৎ সংখ্যক লোকৰ প্ৰতিৰোধ ক্ষমতা দুৰ্বল বা সংক্ৰমণ প্ৰৱণ । প্ৰতিষেধক উদ্ভাৱনে প্ৰতিৰোধ ক্ষমতা সম্পন্ন লোকৰ সংখ্যা বৃদ্ধি কৰিব । কিন্তু কমেও এবছৰৰ বাবে কোনো ধৰণৰ প্ৰতিষেধকৰ আশা কৰিব নোৱাৰি ।

তেওঁৰ মন্তব্য এনেধৰণৰ—“এই সংখ্যাবোৰে স্বস্তিৰ নিশ্বাস প্ৰদান নকৰে ।” উল্লেখযোগ্য যে চীনে এতিয়াও ক’ভিড-১৯ তীব্ৰভাৱে নিৰীক্ষণ কৰিছে । প্ৰদেশসমূহে সকলো বাসিন্দাকে এটা কিউ আৰ কোড প্ৰদান কৰিছে । এই বাৰকোডে তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা আৰু ভ্ৰমণৰ সবিশেষ তথ্য প্ৰকাশ কৰে । যদি এজন লোক চীনৰ নিৰাপদ বুলি বিবেচিত অঞ্চলত থাকে, কোৱাৰেণ্টাইনত থাকে বা পৰীক্ষা কৰাৰ পাছত নিগেটিভ ফলাফল ওলায় তেন্তে তেওঁক এক সেউজীয়া ৰঙৰ চিন প্ৰদান কৰা হয় । এয়া হৈছে আটাইতকৈ কম আশংকাৰ প্ৰতীক যিয়ে তেওঁলোক প্ৰাদেশিক সীমান্ত পাৰ হ’বলৈ, চিকিৎসালয়, আবাসিক অঞ্চল আদিত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ে । ইয়াৰ জৰিয়তেই সংক্ৰমিত লোক এজনক আনৰ সৈতে লগালগি হোৱাৰ পৰা বিৰত ৰাখিব পাৰি । কেৱল এয়াই নহয়, যদি এজন লোকক আক্ৰান্ত বুলি ধৰা পেলোৱা হয় চৰকাৰে তেওঁৰ গতিবিধি নিৰীক্ষণ কৰিব পাৰে আৰু তেওঁৰ সংস্পৰ্শত আহিব পৰা লোকসকলক চিনাক্ত কৰিব পাৰে । কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজা ইটালী, স্পেইন, আমেৰিকাকে ধৰি অধিকাংশ দেশে সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু মানুহে ঘৰত সোমাই থকাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । চীনে এই উপায়বোৰ অৱলম্বন কৰাৰ উপৰি নতুন চিকিৎসালয় স্থাপন কৰিছে আৰু যথেষ্ট সংখ্যক লোকৰ পৰীক্ষা কৰিছে । লগতে মানুহৰ শৰীৰৰ উষ্ণতা জুখিবলৈ বিষয়াসকলে ঘৰে ঘৰে যায় । তেওঁলোকে জ্বৰত ভোগা যিকোনো লোককে পৰীক্ষা কৰে আৰু পজিটিভ পালে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰে । এই অতিৰিক্ত পদক্ষেপসমূহে চীনক কৰ’ণা ভাইৰাছ নিয়ন্ত্ৰণ কৰাত সহায় কৰিছে ।

লগতে পঢ়কঃহাইজিন : জাপানৰ স্বচ্ছতাৰ প্ৰতি থকা অনুভৱে দুৰত ৰাখিছে কোভিড-19

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.