ETV Bharat / bharat

নিৰ্ভয়া কাণ্ড : সোমবাৰে উচ্চতম ন্যায়লয়ত দোষী পৱন গুপ্তাৰ আবেদনৰ শুনানি

author img

By

Published : Feb 29, 2020, 10:36 PM IST

ফাঁচীৰ তিনি দিন পূৰ্বে সোমবাৰে নিৰ্ভয়া কাণ্ডৰ দোষী পৱন গুপ্তাৰ পুনৰ বিবেচনাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়লয়ে ৷ আন দোষী কেইজনে দাখিল কৰা আবেদন ইতিমধ্যে অগ্ৰাহ্য কৰিছে উচ্চতম ন্যায়লয়ে ৷

SC to hear curative petition of Nirbhaya case convict Pawan Gupta on Monday
নিৰ্ভয়া কাণ্ড : সোমবাৰে উচ্চতম ন্যায়লয়ত দোষী পৱন গুপ্তাৰ আবেদনৰ শুনানি

নেশ্যনেল ডেস্ক,29 ফেব্ৰুৱাৰী: নিৰ্ভয়া কাণ্ডৰ দোষী পৱন গুপ্তাৰ পুনৰ বিবেচনাৰ আবেদনৰ সোমবাৰে উচ্চতম ন্যায়লয়ত শুনানিৰ সম্ভাৱনা ৷ নিৰ্ভয়া দলগত ধৰ্ষণ আৰু হত্যাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা মৃত্যু দণ্ডৰে দণ্ডিত চাৰিজন অপৰাধীৰ এজন পৱন গুপ্তা ৷ উচ্চতম ন্যায়লয়ৰ ন্যায়াধীশ এনভি ৰামানা নেতৃত্বাধীন 5 জনীয়া সদস্যৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব ৷ 5 জনীয়া বিচাৰপীঠ খনত আছে ন্যায়াধীশ অৰুণ মিশ্ৰা,ন্যায়াধীশ আৰ এফ নাৰিমন,ন্যায়াধীশ আৰ বানুমথী আৰু ন্যায়াধীশ অশোক ভুষণ ৷

শুকুৰবাৰে পৱন গুপ্তাই মৃত্যুদণ্ড ৰায়দানৰ পৰিৱৰ্তে যাৱজ্জীৱন কাৰাদণ্ড বিচাৰি পুনৰ বিবেচনা আবেদন উচ্চতম ন্যায়লয়ত দাখিল কৰিছিল ৷ পৱন গুপ্তা উচ্চতম ন্যায়লয়ত পুনৰ বিবেচনা আবেদন দাখিল কৰা চতুৰ্থজন দোষী ৷ ইয়াৰ পূৰ্বে উচ্চতম ন্যায়লয়ে ইতিমধ্যে আন দোষী কেইজনে দাখিল কৰা আবেদন তিনিখন অগ্ৰাহ্য কৰিছে ৷

উল্লেখ্য যে,নিভয়া কাণ্ডৰ চাৰিজন দোষী বিনয় শৰ্মা,অক্ষয় ঠাকুৰ,পৱন গুপ্তা আৰু মুকেশ সিংহক ইতিমধ্যে তিহাৰ জেলত 3 মাৰ্চ পুৱা 6 বজাত ফাঁচীৰ ৰায়দান দিছে উচ্চতম ন্যায়লয়ে ৷

লগতে পঢ়ক: মেঘালয়ত অব্যাহত সান্ধ্য আইন,বন্ধ ইণ্টাৰনেট সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.