ETV Bharat / bharat

লোকসভাৰ বিশেষাধিকাৰ কমিটীৰ চমন স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে

author img

By

Published : Sep 8, 2020, 11:36 AM IST

সৰ্বোচ্চ ন্যায়ালয়ে স্থগিত কৰিলে লোকসভাৰ বিশেষাধিকাৰ কমিটীয়ে ঝাৰখণ্ডৰ দেওধৰ আৰক্ষী অধীক্ষকলৈ জাৰি কৰিব খোজা চমন। বিশেষাধিকাৰ উলংঘন সন্দৰ্ভত ঝাৰখণ্ডৰ চৰকাৰী বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল বি জে পি সাংসদ নিশিকান্ত ডুবেয়ে ।

লোকসভাৰ বিশেষাধিকাৰ কমিটীৰ চমন স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে
লোকসভাৰ বিশেষাধিকাৰ কমিটীৰ চমন স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে

নেশ্যনেল ডেস্ক,৮ছেপ্টেম্বৰ: ঝাৰখণ্ডৰ দেওধৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ শুনানি গ্ৰহণ কৰি লোকসভাৰ বিশেষাধিকাৰ কমিটীৰ চমন স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে । ঝাৰখণ্ডৰ ডি জি পি এম বি ৰাওৱে জনোৱা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰে । পূৰ্বে লোকসভাৰ বিশেষাধিকাৰ কমিটীয়ে বি জে পি সাংসদ নিশিকান্ত ডুবেইৰ বিশেষাধিকাৰ খৰ্ব কৰাক লৈ অভিযোগ কৰিছিল ।

বিশেষাধিকাৰ কমিটীৰ সৈতে মিলি নিশিকান্ত ডুবেই অভিযোগ উত্থাপন কৰিছিল যে, ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বাধীন ঝাৰখণ্ড চৰকাৰৰ কেইগৰাকীমান চৰকাৰী বিষয়াই ডুবে আৰু তেওঁৰ পৰিয়ালৰ সদস্যক ষড়যন্ত্ৰমূলকভাৱে অপৰাধজনিত কাৰ্যত জড়িত কৰিব বিচাৰিছে । এনে কাৰ্যই তেওঁলোকৰ সন্মানত আঘাত হানিছে বুলিও ক্ষোভ উজাৰে সাংসদগৰাকীয়ে ।

উল্লেখ্য যে, যোৱা জুলাই মাহত ডুবে আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে প্ৰৱঞ্চনা, নকল নথিৰ ব্যৱহাৰ কৰাৰ গোচৰ ৰুজু কৰা হৈছিল । এই অভিযোগৰ উত্তৰত বিশেষাধিকাৰ কমিটীয়ে দেওধৰৰ আৰক্ষী অধীক্ষকক ৮ছেপ্টেম্বৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল । উচ্চতম ন্যায়ালয়ত ঝাৰখণ্ডৰ ডি জি পি এম বি ৰাওৱে প্ৰকাশ কৰে যে, এয়া বিশেষাধিকাৰ উলংঘনৰ ঘটনা নহয় আৰু ইয়াৰ পৰিৱৰ্তে বিশেষাধিকাৰ সমিতিয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে । বিশেষাধিকাৰ কমিটীয়ে আৰক্ষীৰ কামত বাধা প্ৰয়োগ কৰিছে বুলিও উচ্চতম ন্যায়ালয়ক অৱগত কৰে । ইয়াৰ পিছতে লোকসভাৰ বিশেষাধিকাৰ কমিটীয়ে দেওধৰৰ আৰক্ষী অধীক্ষকক হাজিৰ হ'বলৈ দিয়া চমন স্থগিত কৰে উচ্চতম ন্যায়ালয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.