ETV Bharat / bharat

COVID-19 ৰ বিনামূলীয়াকৈ পৰীক্ষাঃ উচ্চতম ন্যায়ালয় প্ৰশ্ন কেন্দ্ৰীয় চৰকাৰলৈ - উচ্চতম ন্যায়ালয়

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে জনহিতাৰ্থে কৰা আৱেদনৰ ওপৰত কেন্দ্ৰ আৰু অন্য অধিকাৰীসকলৰ পৰা উত্তৰ বিচাৰি আগন্তুক সপ্তাহত শুনানি গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে । আৱেদনত COVID-19 ত আক্ৰান্তৰ সন্দেহ হোৱা ব্য়ক্তিক বিনামূলীয়াকৈ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল কেন্দ্ৰীয় চৰকাৰক ৷

COVID-19
COVID-19 ৰ বিনামূলীয়াকৈ পৰীক্ষা কৰিবলৈ জনোৱা আৱেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয় প্ৰশ্ন কেন্দ্ৰীয় চৰকাৰলৈ
author img

By

Published : Apr 3, 2020, 8:59 PM IST

নিউজ ডেস্ক, ৩ এপ্ৰিলঃ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে জনহিতাৰ্থে কৰা আৱেদনৰ ওপৰত কেন্দ্ৰ আৰু অন্য অধিকাৰীসকলৰ পৰা উত্তৰ বিচাৰি দিশ নিৰ্ণয়ৰ বাবে অনুৰোধ জনাই ।

ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু দীপক গুপ্তাৰ দুজনীয়া বিচাৰপীঠে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে কৰা শুনানি গ্ৰহণত অধিবক্তা শশাংক দেৱ সুধীক কেন্দ্ৰ চৰকাৰক প্ৰতিনিধিত্ব কৰা চলিছিটৰ জেনেৰেল তুষাৰ মেহতাক আৱেদনৰ এটি প্ৰতিলিপি মেইল কৰিবলৈ নিৰ্দেশ দিয়ে ।

আনহাতে, দুজনীয়া বিচাৰপীঠে আৱেদনৰ ওপৰত আগন্তুক সপ্তাহত শুনানি গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।

অধিবক্তা সুধীয়ে কৰা'ণ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে COVID-19 পৰীক্ষাৰ সুবিধা কৰিবলৈও আৱেদন জনায় ।

আৱেদনত Indian Council of Medical Research (ICMR) ১৭ মাৰ্চত প্ৰদান কৰা আদেশৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে । যত ব্যক্তিগত হাস্পতাল সমূহত COVID-19ৰ পৰীক্ষাৰ সময়ত ৪,৫০০ টকা খৰচ হয় ।

আৱেদন খনত উল্লেখ আছে যে, ভাৰতত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি মহামাৰী কৰ 'ণা ভাইৰাছৰ শংকা ভাৰতবৰ্ষত অধিক । পৰীক্ষাৰ দ্ধাৰাহে এই মহামাৰী দেশখনত প্ৰতিৰোধ কৰিব পাৰিব বুলিও উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.