নেশ্যনেল ডেস্ক, ২৮ অক্টোবৰ: কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই মঙলবাৰে হাথৰস ঘটনাৰ তদন্তক লৈ উচ্চতম ন্যায়ালয়ে আগবঢ়োৱা সিদ্ধান্তৰ শলাগ লৈছে। সৰ্বোচ্চ ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদৰকীত CBIক হাথৰসৰ গণধৰ্ষণ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল আৰু পৰিয়ালৰ লোকক অৰ্ধ সামৰিক বাহিনীয়ে নিৰপত্তা দিব বুলিও আশ্বাস দিয়ে।
ন্যায়ালয়ৰ এই সিদ্ধান্তক আদৰণি জনাই কংগ্ৰেছ নেত্ৰীগৰাকীয়ে টুইটযোগে কয় যে, 'ন্য়ায়লয়ৰ সিদ্ধান্তই নিৰ্যাতিতাৰ ন্যায় লাভৰ পথ প্ৰশস্ত কৰাত সহায় কৰিব। নিৰ্যাতিতাৰ পৰিয়ালে আৰম্ভণিৰে পৰা আদালতৰ তদাৰকীত তদন্ত চলোৱাৰ দাবী জনাই আহিছিল।' হাথৰসৰ নিৰ্যাতিতাৰ পৰিয়ালক উত্তৰ প্ৰদেশ চৰকাৰে দুৰ্ব্যৱহাৰ কৰা আৰু নিৰ্যাতিতাৰ চৰিত্ৰৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগ তুলিছে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই।
আনহাতে, সমাজ কৰ্মী অধিবক্তা আৰু নিৰ্যাতিতাৰ পৰিয়ালে বিচাৰ প্ৰক্ৰিয়া দিল্লীৰ আদালতলৈ স্থানান্তকৰণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। মঙলবাৰে শীৰ্ষ আদালতে কয় যে, প্ৰয়োজন সাপেক্ষে বিচাৰ প্ৰক্ৰিয়া উত্তৰ প্ৰদেশৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰা সন্দৰ্ভত বিবেচনা কৰিব।
উল্লেখ্য যে, যোৱা ১৪ ছেপ্টেম্বৰত হাথৰসৰ এগৰাকী দলিত যুৱতী গণধৰ্ষণৰ বলি হৈছিল। নিৰ্মম অত্যাচাৰৰ বলি হোৱা যুৱতীগৰাকীয়ে ২৯ ছেপ্টেম্বৰত দিল্লী ছফদৰগঞ্জ হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যুক আঁকোৱালি লয়। ইয়াৰ পিছতে আৰক্ষীয়ে পৰিয়ালৰ লোকৰ অনুপস্থিতিত যুৱতীগৰাকীৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰে। পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছিল যে, আৰক্ষীয়ে পৰিয়ালৰ অনুমতি অবিহনে অন্তিম সংস্কাৰ কৰিছিল। আনহাতে, আৰক্ষীয়ে পৰিয়ালৰ অভিযোগক নস্যাৎ কৰে।
লগতে পঢ়ক:অৰুণাচলত আটক NSCN(R)ৰ এজন সক্ৰিয় কেডাৰ