ETV Bharat / bharat

২১টা বিৰোধী দলে দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ - etv bharat

VVPATক লৈ SCৰ দ্বাৰস্থ ২১টা বিৰোধী দল, আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

২১টা বিৰোধী দলে দাখিল কৰা আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ
author img

By

Published : May 7, 2019, 6:04 PM IST

নতুন দিল্লী, ৭মে': ২১টা বিৰোধী দলে দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ । ভোটাৰে বহু সময়ত নিজৰ মন পছন্দ অনুসৰি দিয়া ভোট আন পাৰ্টিলৈ গুচি যায় বুলি অভিযোগ উত্থাপন কৰি এক আবেদনযোগে আপত্তি প্ৰদৰ্শন কৰিছিল বিৰোধী দলসমূহে।

আনহাতে,লোকসভা নিৰ্বাচন কাষ চাপি অহাৰ বাবে ৫০শতাংশ ভিভিপেটৰ শ্লিপ সম্বন্ধীয় তথ্য যোগে উচ্চতম ন্যায়ালয়ে মাত্ৰ এক মিনিটৰ ভিতৰতে খাৰিজ কৰে এই আবেদন। ২১টা বিৰোধী দলে প্ৰথম তিনিটা পৰ্যায়ত অনুষ্ঠিত ভোটগ্ৰহণৰ সময়তে ই ভি এমৰ খেলিমেলিৰ প্ৰসংগ উত্থাপন কৰিছিল যদিও পৰৱৰ্তী সময়ত বিৰোধীয়ে ৫০শতাংশ ভি ভি পেটৰ শ্লিপ নতুনকৈ পৰীক্ষা কৰাৰ দাবী উত্থাপন কৰিছিল। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে বিৰোধী দলৰ আবেদন খাৰিজ কৰি আদালতে বাৰে বাৰে এই প্ৰসংগত কিয় কথা শুনিব বুলি উল্লেখ কৰে।
আবেদন দাখিল কৰা বিৰোধী নেতাসমূহৰ ভিতৰত আছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু (টিডিপি), শাৰদ পাৱাৰ (এন চি পি), ফাৰুক আব্দুল্লা (এনচি), শৰদ যাদৱ (এল জে ডি), অৰবিন্দ কেজৰিৱাল (আম আদমী পাৰ্টী), অখিলেশ যাদৱ (সপা), ডেৰেক অ’ ব্ৰায়ান (টি এম চি) আৰু এম কে ষ্টেলিনে (ডি এম কে)।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে আঠ এপ্ৰিলত দিয়া এক নিৰ্দেশত আদালতে প্ৰত্যেকটো বিধানসভাৰ ক্ষেত্ৰত এটাৰ সলনি ৫টা EVM-VVPAT-ৰ শ্লিপ মিলোৱাৰ আদেশ দিছিল উচ্চতম ন্যায়ালয়ে। সমগ্ৰ দেশত যাতে নিৰ্বাচনী প্ৰক্ৰিয়া সঠিকৰূপে পৰিচালিত হয়,তাৰ প্ৰতি লক্ষ্য ৰাখি এই ৰায় দিছিল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।

SC rejects Opposition review plea on 50% VVPAT verification, says not inclined to interfere

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.