নেশ্য'নেল ডেস্ক,31 জানুৱাৰী: মমতা বেনাৰ্জীৰ বিৰুদ্ধে ৱাৰাকি নামৰ এজন সাংবাদিকৰ দ্বাৰা দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ শুকুৰবাৰে নাকচ কৰে উচ্চতম ন্যায়লয়ে ৷ আবেদনখনৰ জৰিয়তে সাংবাদিকগৰাকীয়ে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত সংযুক্ত ৰাষ্ট্ৰ-পৰীক্ষণ গণভোটৰ দাবী কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰিবলৈ ৰাজ্যপাল জগদীপ ধাংকাৰক আহ্বান জনাইছিল ৷
আবেদন নাকচ কৰা সময়ত সাংবাদিক ৱাৰাকিক মুখ্য নায়্যাধীশ অৰবিন্দ ববদে নেতৃত্বাধীন সবোৰ্চ্চ ন্যায়লয়ৰ এখন কমিটিয়ে আবেদনখন উচ্চ নায়্যালয়ৰ হস্তান্তৰ কৰাৰ পৰামৰ্শ দিয়ে ৷
কমিটিখনে পৰ্যবেক্ষণ কৰি কয় যে, "এই আবেদনখন গুৰত্বপূৰ্ণ নহয়, আমি অস্বীকাৰ কৰিছো ৷ আবেদনখন উচ্চ ন্যায়ালয়লৈ লৈ যোৱা ৷"
লগতে পঢ়ক:1 ফেব্ৰুৱাৰীত ফাঁচী দিয়া নহয় নিৰ্ভয়াকাণ্ডৰ চাৰি অভিযুক্তক
আবেদনখনত মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে উল্লেখ থকা গোচৰটো হৈছে, ভাৰতৰ সংবিধানৰ 3 নং অনুসূচীৰ মতে মুখ্যমন্ত্ৰী পদৰ শপত গ্ৰহণ কৰোতে মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ বিৰুদ্ধে কোনো মন্তব্য নিদিবলৈ বাধ্য থাকে ৷ আবেদনখনত উল্লেখ আছে যে, "বৰ্তমান মুখ্যমন্ত্ৰী পদৰ দায়িত্ব বহন কৰিবৰ বাবে তেখেতৰ যোগ্যতা নাই ৷" মমতা বেনাৰ্জীয়ে ইয়াৰ পূৰ্বে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত সংযুক্ত ৰাষ্ট্ৰৰ সহায়ৰ বাবে গণভোট গ্ৰহণৰ আবেদন কৰিছিল ৷ মমতা বেনাৰ্জীয়ে কৈছিল, "সংযুক্ত ৰাষ্ট্ৰ আৰু মানৱ অধিকাৰ আয়োগৰ দৰে এটা নিৰপেক্ষ অনুষ্ঠান গঠন কৰা হওক, তেতিয়া জানিব পৰা যাব যে কিমান মানুহ নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত আছে, কিমান ইয়াৰ বিপক্ষে ৷
লগতে পঢ়ক:অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ আই পি এছ বিষয়া পল্লৱ ভট্টাচাৰ্য