ETV Bharat / bharat

৮৪ৰ শিখবিৰোধী সংঘৰ্ষৰ অভিযুক্ত সজ্জন কুমাৰৰ জামিন নাকচ - ইন্দিৰা গান্ধী হত্য়াকাণ্ড

১৯৮৪ চনত দিল্লীত সংঘটিত হোৱা শিখ-বিৰোধী সংঘৰ্ষৰ মুল অভিযুক্ত সজ্জন কুমাৰৰ জামিন আবেদন নাকচ কৰে উচ্চতম ন্যায়ালয়ে । ২০১৮ চনৰ ১৭ ডিচেম্বৰত সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছিল দিল্লী উচ্চ ন্যায়ালয়ে ।

সজ্জন কুমাৰৰ জামিন নাকচ
সজ্জন কুমাৰৰ জামিন নাকচ
author img

By

Published : May 13, 2020, 4:44 PM IST

নিউজ ডেস্ক, ১৩ মে' : দেশৰ মুখ্য ন্যায়াধীশ শৰত অৰবিন্দ ববদেৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে দিল্লী শিখ-বিৰোধী সংঘৰ্ষৰ অভিযুক্তৰ জামিন আবেদন নাকচ কৰে । ১৯৮৪ চনত দিল্লীত শিখসকলৰ বিৰুদ্ধে সংঘটিত হোৱা গোষ্ঠীসংঘৰ্ষত ২০১৮ চনৰ ১৭ ডিচেম্বৰত প্ৰাক্তন কংগ্ৰেছী নেতা সজ্জন কুমাৰক আজীৱন কাৰাদণ্ড বিহিছিল দিল্লী উচ্চ ন্যায়ালয়ে । চিকিৎসাৰ দোহাই দি এইদৰে উচ্চতম ন্যায়ালয়ত জামিন আবেদন কৰিছিল সজ্জন কুমাৰে, যদিও শীৰ্ষ আদালতে আবেদন নাকচ কৰি জুলাই মাহত বিষয়টো পুনৰ বিবেচনা কৰি চোৱা হ'ব বুলি উল্লেখ কৰে ।

সজ্জন কুমাৰৰ হৈ জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে আদালতক জনাইছিল য়ে, তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু বোধহয় সজ্জন কুমাৰৰ কেন্সাৰ হৈছে । এইমছত তেওঁক পৰীক্ষা কৰোৱা হৈছিল আৰু তাৰ পিচতে কোভিড-১৯ৰ ফলত তেওঁক পুনৰবাৰ স্বাস্থ্যপৰীক্ষাৰ বাবে আনিব পৰা হোৱা নাই বুলি অধিবক্তাগৰাকীয়ে যুক্তি প্ৰদান কৰিছিল শীৰ্ষ আদালতত । যদিহে কাইলৈ কুমাৰে মৃত্যুক সাৱতি লয় তেতিয়া সেইটো যাৱজ্জীৱন কাৰাদণ্ডৰ বিপৰীতে মৃত্যুদণ্ড হৈ পৰিব ।

অৱশ্যে দেশৰ মুখ্য ন্যায়াধীশে জামিন আবেদন নাকচ কৰি কয় যে, কুমাৰক এতিয়াই কোনো চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া অৱস্থাৰ সৃষ্টি হোৱা নাই আৰু আদালতে তেওঁৰ জামিনৰ বিষয়টো সন্দৰ্ভত বিবেচনা কৰি চাব । দেশৰ চলিছিটৰ জেনেৰেল তুষাৰ মেহতা আৰু জ্যেষ্ঠ অধিবক্তা দুষ্যন্ত ডাভেও এই আবেদন নাকচ কৰে । তুষাৰ মেহতাই কুমাৰৰ জামিন আবেদন সন্দৰ্ভত কয় যে, এইটো এটা গণহত্যাৰ ঘটনা আৰু তেওঁক এইক্ষেত্ৰত জামিন প্ৰদান কৰাটো প্ৰায় অসম্ভৱ । উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ বাবে বিষয়টো জুলাই মাহলৈ ঠেলি দিয়ে ।

২০১৮ চনৰ ১৭ ডিচেম্বৰত সজ্জন কুমাৰক দিল্লী উচ্চ ন্য়ায়ালয়ে আজীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল । দিল্লী কন্টনমেন্টৰ ৰাজ নগৰৰ প্ৰথম অংশত পাঁচগৰাকী শিখক হত্যা কৰাৰ অপৰাধত তেওঁক এই শাস্তি বিহিছিল আদালতে । ১৯৮৪ চনৰ ১-২ নৱেম্বৰত সংঘটিত হৈছিল এই ঘটনা । ইয়াৰ উপৰিও ৰাজ নগৰৰ দ্বিতীয় অংশত এটা গুৰুদ্বাৰাও জ্বলাই দিয়া হৈছিল । সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁৰ দুগৰাকী শিখ নিৰাপত্তাৰক্ষীয়ে ৩১ অক্টোৱৰত হত্যা কৰাৰ পিচতে শিখ-বিৰোধী সংঘৰ্ষই গা কৰি উঠিছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.