ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছতো সুৰক্ষা বিচাৰি নিৰাশ হ'ল সাংসদ সঞ্জয় সিং

author img

By

Published : Feb 2, 2021, 3:24 PM IST

ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল কৰাত অনুমতি প্ৰদান নকৰিলে উচ্চতম ন্যায়ালয়ে । উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাত সঞ্জয় সিঙৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল কৰাৰ পিছত তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। লক্ষ্ণৌত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল । এই এজাহাৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক আহ্বান জনাইছিল আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিঙে ।

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছতো সুৰক্ষা বিচাৰি নিৰাশ হ'ল সাংসদ সঞ্জয় সিং
উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছতো সুৰক্ষা বিচাৰি নিৰাশ হ'ল সাংসদ সঞ্জয় সিং

নেশ্যনেল ডেস্ক, ২ ফেব্ৰুৱাৰী: ৰাজ্যসভাৰ সাংসদ তথা আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিঙে তেওঁ বিৰুদ্ধে উত্থাপন হোৱাৰ অভিযোগৰ পৰা ৰেহাই পাবলৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছতো সকাহ নাপালে । মঙলবাৰে উচ্চতম ন্যায়ালয়ে সাংসদগৰাকীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল কৰাত অমান্তি হয় । ২০২০ চনৰ ১২ আগষ্টত এখন সংবাদমেল সম্বোধন কৰাৰ সময়ত তেওঁ অভিযাগ উত্থাপন কৰিছিল যে, উত্তৰ প্ৰদেশ চৰকাৰে সমাজৰ এটা বিশেষ শ্ৰেণীৰ লোকৰ পক্ষত থাকি কাম কৰি আছে । এই অভিযোগ উত্থাপন কৰাৰ পিছতে সাংসদগৰাকীৰ বিৰুদ্ধে লক্ষ্ণৌৰ থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল আৰু এই এজাহাৰৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল ।

ইয়াৰ উপৰিও উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাত পৃথকে পৃথকে সাংসদগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল । ৰাজনৈতিক প্ৰতিশোধ ল'বলৈ পৰিকল্পিতভাৱে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে বুলি কাৰণ দৰ্শাই এই এজাহাৰসমূহ বাতিল কৰিবলৈ তেওঁ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন জনায় । আন এখন আবেদনৰ জৰিয়তে সঞ্জয় সিঙে এলাহাবাদ উচ্চ ন্যায়ালয়ে যোৱা ২১ জানুৱাৰীত প্ৰদান কৰাৰ নিৰ্দেশকো প্ৰত্যাহ্বান জনায় । এলাহাবাদ উচ্চ ন্যায়ালয়ে লক্ষ্ণৌত দাখিল হোৱা এজাহাৰ বাতিল কৰিবলৈ অমান্তি হৈছিল ।

মঙলবাৰে ন্যায়াধীশ অশোক ভূষণ আৰু আৰ এছ ৰেড্ডীৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰি কয় যে, উচ্চ ন্যায়ালয়ে এই আবেদনৰ চূড়ান্ত ৰায়দান নকৰাকৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ জাৰি নকৰে । লগতে জ্যেষ্ঠ অধিবক্তা বিবেক টাংখা আৰু অধিবক্তা সুমীৰ ছ'ধীক উচ্চ ন্যায়ালয়ৰ ৰায়ৰ প্ৰতিলিপি উচ্চতম ন্যায়লয়ত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । বৰ্তমান সঞ্জয় সিঙৰ আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কোনো ধৰণৰ জাননী জাৰি নকৰে বুলিও স্পষ্ট কৰি দিয়ে । লগতে পৰৱৰ্তী শুনানি অহা সপ্তাহত গ্ৰহণ কৰিব বুলি ঘোষণা কৰে । সঞ্জয় সিঙে সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনত তেওঁৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰবোৰ বাতিল কৰিবলৈ আহ্বান জনোৱা হৈছে ।

অভিযোগকাৰীয়ে আবেদনত উল্লেখ কৰা মতে, উক্ত সংবাদমেলত তেওঁ কেৱল কিছুমান সামাজিক বিষয়হে উত্থাপন কৰিছিল । এই বিষয়সমূহ সন্দৰ্ভত বৰ্ণনা দিবলৈ গৈ সমাজৰ এক নিৰ্দিষ্ট শ্ৰেণীৰ প্ৰতি চৰকাৰে অৱহেলা কৰা কথাতো কেৱল উদাহৰণ স্বৰূপেহে দাঙি ধৰিছিল বুলি কাৰণ দৰ্শাইছে সাংসদগৰাকীয়ে । তেওঁ অভিযোগ তুলিছে যে, এই সংবাদমেলৰ পিছতে একেটা দিনতে কেইঘণ্টামানৰ ভিতৰতে বিজেপি সদস্যৰ নিৰ্দেশতে ৰাজ্যখনৰ কেইবাখনো জিলাৰ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল । তেওঁৰ এটা মন্তব্যৰ অচিলাৰে ৰাজনৈতিক প্ৰতিশোধ ল'বলৈ উদ্দেশ্যপ্ৰণোদিতভাৱে এজাহাৰ দাখিল কৰা হৈছে বুলি অভিযোগ তোলে সাংসদগৰাকীয়ে ।

উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰোধিতা কৰাসকলক ভীতিগ্ৰস্ত কৰাৰ বাবে এনেদৰে ৰাজনৈতিক ষড়যন্ত্ৰ কৰা হৈছে বুলিও ক্ষোভ প্ৰকাশ কৰে । তেওঁ কয় যে, তেওঁৰ বিৰুদ্ধে লক্ষ্ণৌ, সন্ত কবীৰ নগৰ, খিৰি, বাগপট, মুজাফৰনগৰ, বস্তি আৰু আলীগড়ৰ উপৰিও ৰাজ্যখনৰ ৮ খন জিলাত ৮ খন এজাহাৰ দাখিল হোৱাৰ বিষয়ে তেওঁ অৱগত । তেওঁ যুক্তি দৰ্শাই যে, ভাৰতীয় সংবিধানৰ ১৯ নং অনুচ্ছেদৰ অধীনত সকলো নাগৰিককে বাক স্বাধীনতা প্ৰদান কৰা হৈছে আৰু ভাৰতৰ সকলো ঠাইতে মুক্তভাৱে ভ্ৰমণ কৰাৰ স্বাধীনতা দিয়া হৈছে যদিও শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰবোৰে এই ক্ষেত্ৰত ভাবুকি আনিছে ।

লগতে এই এজাহাৰবোৰ ভিত্তিহীন আৰু অভিযোগকাৰী আৰু আৰক্ষীৰ মনে সজা কথা বুলিও অভিযোগ তোলে সিঙে । তেওঁ কয় যে, আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিবলৈ চৰকাৰে এই ষড়যন্ত্ৰ কৰিছে ।

লগতে পঢ়ক:বাজেটত ঋণ লোৱাৰ পৰিসৰ বৃদ্ধি কৰা হৈছে : ত্ৰিপুৰা বিত্তমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.