ETV Bharat / bharat

মজুৰি প্ৰদানৰ পৰা অব্যাহতি : কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ জাননী - লক্ ডাউন

শুকুৰবাৰে ন্যায়াধীশ অশোক ভূষণৰ নেতৃত্বত চলা বিচাৰপীঠে ৰাজস্থানস্থিত এটা কোম্পনীৰ ৰাজহুৱা স্বাৰ্থ জনিত আবেদনৰ ভিত্তিত শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ এক জাননী জাৰি কৰে । এই আবেদনত চৰকাৰে কোম্পানী সমূহক লকডাউনৰ সময়ত কৰ্মচাৰীক পূৰ্ণ মজুৰি প্ৰদান কৰাৰ অধিসূচনাক বাতিল কৰাৰ দাবী উত্থাপন কৰা হৈছে ।

SC issues notice to Centre over PIL seeking exemption from wages payment

author img

By

Published : May 9, 2020, 11:49 AM IST

নতুন দিল্লী, ৯ মে': ৰাজস্থানস্থিত এটা কোম্পানীৰ ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত শুকুৰবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি কেন্দ্ৰ চৰকাৰলৈ এক জাননী জাৰি কৰে । ন্যায়াধীশ অশোক ভূষণ, এছ.কে কৌল আৰু বি.আৰ গাভাইৰ বিচাৰ পীঠতেই গ্ৰহণ কৰা হৈছিল এই শুনানি । এই আবেদনত আবেদনকাৰীয়ে চৰকাৰে জাৰি কৰা অধিসূচনা, কৰ'ণা ভাইৰাছৰ বাবে ঘোষিত লকডাউনৰ সময়ত কোম্পানীৰ সকলো কৰ্মচাৰীক পূৰ্ণ মজুৰি প্ৰদান কৰাৰ নিৰ্দেশ বাতিল কৰাৰ দাবী উত্থাপন কৰিছে ।

ৰাজস্থানৰ Teknomin Construction Limited নামৰ কোম্পানীটোৱে দাখিল কৰিছিল এই আবেদন । কোম্পানীটোৰ হৈ অধিবক্তা জিতেন্দ্ৰৰ গুপ্তাই শ্ৰম আৰু কৰ্মসংস্থাপন মন্ত্ৰণালয়ৰ পৰা ২০ মাৰ্চত জাৰি কৰা আৰু ২৯ মাৰ্চত গৃহ মন্ত্ৰণালয়ৰ পৰা দিয়া পৰামৰ্শক ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৪ আৰু ১৯(১)(g) ৰ উলংঘন হিচাপে প্ৰত্যাহ্বান জনাইছিল ন্যায়ালয়ত ।

এমএইজএৰ আদেশত ৰেহাই দিয়া কৰ্মচাৰী সকলক সংশোধন কৰাৰো দাবী উত্থাপন কৰা হৈছে এই আবেদনত । যিয়ে নিজ ইচ্ছাই কাম কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰি উপস্থিতি দৰ্শোৱা নাই ৷ ৰাজস্থান ভিত্তিক সংস্থাটোৱে দাখিল কৰা আবেদনৰ সৈতে সামাঞ্জ্য থকা হাৰিয়ানাস্থিত মুঠ ১১ খন MSMEs ৰ আবেদনকো একেলগ কৰি উচ্চতম ন্যায়ালয়ে এই শুনানি গ্ৰহণ কৰিছে । এই ঘটনাৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব অহা ১৫ মে'ত ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.