নিউজ ডেস্ক, 14 আগষ্ট : উচ্চতম ন্যায়ালয়ত শুকুৰবাৰে ন্যায়াধীশ অৰুণ মিশ্ৰা,ন্যায়াধীশ বি আৰ গবই আৰু ন্যায়াধীশ কৃষ্ণা মুৰাৰীয়ে অধ্যক্ষতা কৰা বিচাৰপীঠে উকিল প্ৰশান্ত ভুষণক অপমানজনক টুইট কৰাৰ বাবে দোষী ঘোষণা কৰে ৷ ইয়াৰ লগতে 20 আগষ্টত এই গোচৰত প্ৰশান্ত ভূষণক দিবলগীয়া শাস্তি সন্দৰ্ভত চৰ্চা কৰা হ‘ব বুলিও কয় ৷
এই গোচৰত ছয় মাহৰ কাৰাবাস,দুই হাজাৰ টকাৰ জৰিমনা নতুবা ইয়াৰ দুয়োটাই হ‘ব পাৰে ৷
শুনানীত প্ৰশান্ত ভূষণে তেখেতৰ টুইটৰ পক্ষত কয় যে,টুইট কেইটা অপ্ৰিয় হলেও ন্যায় ব্যৱস্থাক অৱমাননা কৰা হোৱা নাই ৷ তেখেতে কয় যে,তেওঁ টুইট ন্যায়াধীশ সকলক বিৰুদ্ধে ব্যক্তিগত স্থৰত আচৰণক কেন্দ্ৰ কৰি দিছিল ইয়াৰ দ্বাৰা তেখেতে ন্যায় ব্যৱস্থা,প্ৰশাসনত কোনো বাধাৰ সৃষ্টি কৰা নাই ৷
লগতে পঢ়ক : স্বাধীনতা দিৱস উপলক্ষে মুখ্যমন্ত্ৰীৰ আৰক্ষী মেডেল ঘোষণা