নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ : বুধবাৰে উচ্চতম ন্যায়ালয়ে প্ৰাক্তন বিত্তমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি. চিদাম্বৰমৰ জামিন মঞ্জুৰ কৰে ৷ আই এন এক্স মিডিয়া গোচৰত ধন আত্মসাতৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল ৷
-
Supreme Court grants bail to former Finance Minister & Congress leader P Chidambaram in INX Media money laundering case, registered by the Enforcement Directorate (ED). pic.twitter.com/m2yWKFNOlT
— ANI (@ANI) December 4, 2019 " class="align-text-top noRightClick twitterSection" data="
">Supreme Court grants bail to former Finance Minister & Congress leader P Chidambaram in INX Media money laundering case, registered by the Enforcement Directorate (ED). pic.twitter.com/m2yWKFNOlT
— ANI (@ANI) December 4, 2019Supreme Court grants bail to former Finance Minister & Congress leader P Chidambaram in INX Media money laundering case, registered by the Enforcement Directorate (ED). pic.twitter.com/m2yWKFNOlT
— ANI (@ANI) December 4, 2019
বুধাবাৰে 10.30 বজাত আৰ. বানুমাথি, এএছ বোপান্না আৰু ঋষিকেশ ৰয়ৰ তিনিজনীয়া বিচাৰপীঠে এই ৰায়দান কৰে ৷ উল্লেখ্য যে, 28 নৱেম্বৰত চিদাম্বৰমে দাখিল কৰা প্ৰতিবেদনৰ ৰায়দান সংৰক্ষিত কৰি ৰখা হৈছিল ৷ ন্যায়াধীশ আৰ. বানুমাথিয়ে চিদাম্বৰম আৰু এনফ'ৰ্চমেন্ট ডাৰেক্টৰেটৰ অধিবক্তাৰ শুনানি গ্ৰহণৰ পাচতে ৰায়দান সংৰক্ষিত কৰি ৰাখিছিল ৷
15 নৱেম্বৰত উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন নামঞ্জুৰ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে থকা আৰোপসমূহ গুৰুতৰ বুলি নিৰীক্ষণ কৰিছিল ৷ উল্লেখ্য যে, 2017 চনৰ মে' মাহতে চিবিআইয়ে তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ ৰুজু কৰিছিল ৷ সেই বছৰৰে শেষৰ ভাগলৈ এনফ'ৰ্চমেন্ট ডাৰেক্টৰেটে তেওঁৰ বিৰুদ্ধে ধন আত্মসাতৰ গোচৰ ৰুজু কৰিছিল ৷ সেই সূত্ৰে 16 অক্টোবৰ, 2019 ত তেওঁক এনফ'ৰ্চমেন্ট ডাৰেক্টৰেটে গ্ৰেপ্তাৰ কৰিছিল ৷
আৰু পঢ়ক : লিয়নেল মেছী আৰু মেগান ৰেপিন'লৈ 'বেলন ডি'অৰ'-2019 সন্মান