নিউজ ডেস্ক, 1 জুলাই : শিখবিৰোধী সংঘৰ্ষত অভিযুক্ত মহেন্দৰ সিং যাদৱ নামৰ ব্যক্তিগৰাকীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা জামিন আবেদন নাকচ কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৷ 1984 চনৰ শিখবিৰোধী সংঘৰ্ষত অভিযুক্ত যাদৱে উচ্চতম ন্যায়ালয়ত অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন কৰিছিল ৷
মহেন্দৰ সিং যাদৱৰ অধিবক্তা বসন্ত ফুলকাই সংবাদমাধ্যমক জনোৱা মতে, মহেন্দৰ সিং যাদৱ কোভিড-19ত আক্ৰান্ত হৈছে আৰু বৰ্তমানে তেওঁক আইচিইউত ৰখা হৈছে ৷ তেওঁক ৰখা ৱাৰ্ডৰ বাহিৰত সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে দুগৰাকী কনিষ্টবল নিযুক্ত কৰা হৈছে আৰু তেওঁৰ পৰিয়ালৰ লোকে তেওঁক দেখা কৰিব বিচাৰি আছে বুলিও জনায় অধিবক্তা ফুলকাই ৷
অধিবক্তাগৰাকীৰ প্ৰত্যুত্তৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ইন্দিৰা বেনাৰ্জীয়ে কয় যে, "নিয়ম অনুসৰি, কোভিড-19 আক্ৰান্ত লোকক কোনেও দেখা কৰিব নোৱাৰে আৰু তেওঁক বন্দী কৰি ৰখা হৈছে আৰু ইয়াৰ বাবেই আমি তেওঁক জামিন প্ৰদান কৰিব নোৱাৰো ৷"
সাধাৰণতে কোভিড-19 আক্ৰান্ত লোকৰ পৰিয়ালৰ লোকক চিকিৎসালয়ত যাবলৈ দিয়া নহয় ৷
শীৰ্ষ আদালতে লগতে কয় যে, যাদৱৰ আবেদনত চিকিৎসাজনিত কোনো অভিযোগ নাছিল আৰু তেওঁৰ পৰিয়ালৰ লোকৰ বিষয়েও কোনো কথা উল্লেখ কৰা হোৱা নাছিল ৷ এনে অৱস্থাত সাধাৰণ পৰিস্থিতি আৰু নিয়ম পালন কৰিবলৈ শীৰ্ষ আদালতে যাদৱৰ অন্তৱৰ্তীকালীন জামিন আবেদনখন নাকচ কৰে ৷
লগতে পঢ়কঃ চ'প'ৰে সন্ত্ৰাসবাদী আক্ৰমনস্থলীৰ পৰা এটি ৩ বছৰীয়া শিশু উদ্ধাৰ