ETV Bharat / bharat

ভুৱা বাতৰিক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ চুপ্ৰিম কৰ্টৰ

24 ঘণ্টাৰ ভিতৰত বাস্তবিক সময়ৰ বিষয়ে তথ্য পাব পৰাকৈ আৰু ভুৱা বাতৰি সমূহ নিয়ন্ত্ৰণ কৰিব পৰাকৈ চৰকাৰক পৰ্টেল খুলিবলৈ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে ।

author img

By

Published : Apr 1, 2020, 2:21 PM IST

ভুৱা বাতৰিক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ চুপ্ৰিম কৰ্টৰ
ভুৱা বাতৰিক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ চুপ্ৰিম কৰ্টৰ

নতুন দিল্লী, 1 এপ্ৰিলঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰেৰণ কৰিছে । এই নিৰ্দেশনাটোৰ জৰিয়তে চৰকাৰক 24 ঘণ্টাৰ ভিতৰত এটি পৰ্টেল খুলিবলৈ কোৱা হৈছে । বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কোভিড-19 সম্পৰ্কে বিভিন্ন উৰাবাতৰি উলিয়াই সততে জনসাধাৰণক আতংকিত কৰা দেখা গৈছে । এই উৰা বাতৰি সমূহ নিয়ন্ত্ৰণ তথা প্ৰকৃত সত্যৰ বিষয়ে জানিব পৰাকৈ পৰ্টেলটো মুকলি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

লগতে সৰ্বোচ্চ ন্যায়ালয়ে দেশৰ ভিন্ন প্ৰান্তত নিজ ৰাজ্য এৰি কৰ্মসূত্ৰে আন আন ৰাজ্য সমূহত বাস কৰি বৰ্তমান পৰিস্থিতত আবদ্ধ হৈ পৰা লোকসকলৰ খোৱা-লোৱা, আশ্ৰয়, স্বাস্থ্য ইত্যাদিৰ চোৱা-চিতা কৰিবলৈয়ো কেন্দ্ৰক উপদেশ দিছে ।

মুখ্য় ন্য়ায়াধীশ এচ এ ব'বডে আৰু এন নাগেশ্বৰ ৰাওৰ এক বিচাৰপীঠে দুখন পি আই এলৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা দিয়ে । পি আই এল দাখিল কৰিছিল পশ্চিমবংগ আৰু কেৰালাৰ দুজন লোকসভাৰ সাংসদে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.