ETV Bharat / bharat

18 ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে CAAৰ বৈধতা সম্পৰ্কত শুনানি গ্ৰহণ কৰিব

SC Agrees To Hear Petitions Challenging CAA
উচ্চতম ন্যায়ালয়ৰ চি(এ)এৰ বৈধতা সম্পৰ্কত শুনানি গ্ৰহণ
author img

By

Published : Dec 16, 2019, 12:29 PM IST

Updated : Dec 16, 2019, 2:01 PM IST

12:25 December 16

উচ্চতম ন্যায়ালয়ৰ চি(এ)এৰ বৈধতা সম্পৰ্কত শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্ৰদান

নিউজ ডেস্ক, 16 ডিচেম্বৰঃ সোমবাৰে উচ্চতম ন্যায়ালয়ে সংশোধীত নাগৰিকত্ব আইন 2019ৰ বৈধতা সম্পৰ্কত শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্ৰদান কৰিছে ৷ 18 ডিচেম্বৰত এই আইনৰ সম্পৰ্কত শুনানি গ্ৰহণ কৰা হ'ব ৷ জেষ্ঠ অধিবক্তা অভিষেক মানু সিংভিয়ে মুখ্য ন্যায়াধীশ এচ এ ববডেৰ সন্মুখত এই সম্পূৰ্ণ বিষয়টো উত্থাপন কৰে ৷ 

এই নতুন আইনখনৰ দ্বাৰা পাকিস্তান, বাংলাদেশ, আৰু আফগানিস্তানৰ অমুছলিম অনুপ্ৰৱেশকাৰী সকলক ভাৰতত নাগৰিকত্ব দিয়াৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই এই আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত প্ৰায় 12 খনতকৈও অধিক আবেদন দাখিল কৰা হৈছে ৷ উল্লেখ্য যে, এই আইনখনৰ দ্বাৰা, 31 ডিচেম্বৰৰ পৰা 2014 লৈকে উক্ত দেশ কেইখনত ধাৰ্মিক অত্যাচাৰৰ বলি হৈ কোনো ধৰণৰ বৈধ তথ্য পাতি নোহোৱাকৈ ভাৰতলৈ প্ৰব্ৰজন কৰা হিন্দু, ইচাই, শিখ, বৌদ্ধ, জোৰাষ্ট্ৰিয়ান সম্প্ৰদায়ৰলোক সকলক নাগৰিকত্ব দিয়াৰ প্ৰয়াস কৰা হ'ব ৷

ইণ্ডিয়ান ইউনিয়ন মুছিল লীগে পোন প্ৰথমবাৰৰ বাবে এই আইনৰ বিৰুদ্ধে আবেদন দাখিল কৰে ৷ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু টি.এন প্ৰাথাপন, টিএমচি সাংসদ মহুৱা মৈত্ৰা , এ আই এম আই এম সাংসদ আছাদউদ্দীন অৱেইছি, নেপাল আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত আৰু বাংলাদেশৰ উচ্চআয়ুক্ত দেৱ মুখাৰ্জী , প্ৰাক্তন আইএএচ চোমসুন্দৰ বুৰ্ৰা আৰু অমিতাভ পাণ্ডেও এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে ৷ 

তেওঁলোকে আবেদনখনৰ জৰিয়তে অভিযোগ কৰে যে, এই আইনে সংবিধানৰ 14 অনুচ্ছেদ আৰু 21 অনুচ্ছেদৰ অধীনৰ মৌলিক অধিকাৰ উলংঘন কৰিছে ৷ আবেদনকাৰীৰ অভিযোগ অনুসৰি সংশোধীত নাগৰিকত্ব আইনখনে ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ মৌলিক বৈশিষ্টক ক্ষতি আৰু ধ্বংস কৰিছে ৷ উল্লেখ্য যে, এই সংশোধীত আইন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাকেধৰি 12টাৰো অধিক সংগঠন/দলে সৰ্বোচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে ৷ 

লগতে পঢ়ক - নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন অঞ্চলত শিল্পী-সমাজৰ প্ৰতিবাদ
 
Intro:Body:

CAA ON  SUPREME COURT

Conclusion:
Last Updated : Dec 16, 2019, 2:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.