ETV Bharat / bharat

ছেকটেং : ভূটানৰ সৈতে কূটনৈটিক সম্পৰ্ক স্থাপনৰ বাবে চীনৰ ন কৌশল !

বিশেষজ্ঞসকলৰ মতে চীনৰ তৰফৰ পৰা ভূটানলৈ এতিয়া যি এক ‘পেকেজ ডীল’ আগবঢ়োৱা হৈছে ই হ’ল থিম্ফুক কূটনৈতিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰোৱা তথা তাৰ পৰৱৰ্তী পৰ্যায়ত ড’কলাম অঞ্চল দাবী কৰাৰ বাবে বেইজিঙে ৰচা এক ন কৌশল ৷

author img

By

Published : Jul 23, 2020, 8:59 PM IST

ছেকটেং : ভূটানৰ সৈতে কূটনৈটিক সম্পৰ্ক স্থাপনৰ বাবে চীনৰ ন কৌশল !
ছেকটেং : ভূটানৰ সৈতে কূটনৈটিক সম্পৰ্ক স্থাপনৰ বাবে চীনৰ ন কৌশল !

নতুন দিল্লী, 23 জুলাইঃ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে ভাৰতীয় পূৰ্বোত্তৰৰ ৰাজ্য অৰুণাচলৰ সীমান্তৱৰ্ত্তী তথা পূৱ ভূটানৰ ছেকটেং বন্যপ্ৰাণী অভয়াৰণ্যখনক চীনৰ ন-সম্প্ৰসাৰণবাদী নীতিৰ আধাৰত নিজৰ বুলি দাবী কৰা কাৰ্য বেইজিঙৰ বাবে থিম্ফুৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন আৰু ভাৰতৰ সৈতে হিমালয় ৰাষ্ট্ৰখনৰ সম্পৰ্কৰ বুনিয়াদ সম্পৰীক্ষা কৰাৰ এক প্ৰচেষ্টাহে ৷

মঙলবাৰে এক সংবাদমেলত চীনা বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে কয় যে চীনে দক্ষিণ এচিয়াৰ ক্ষুদ্ৰ ৰাষ্ট্ৰখনৰ সৈতে থকা তথাকথিত সীমা বিবাদ সমাধান কৰিবৰ বাবে সমূহীয়াকৈ এককালীন ব্যয়ৰ চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছে ৷

Sakteng  Chinas bid to establish diplomatic ties with Bhutan
ভূটানৰ মেৰাক অঞ্চলৰ এটা সুন্দৰ দৃশ্য

“চীন নিজৰ স্থিতিক লৈ স্পষ্ট আৰু দৃঢ় ৷ চীন আৰু ভূটানৰ সীমা এতিয়াও নিৰ্দ্ধাৰণ কৰিবলৈ বাকী আছে আৰু দুয়োদেশৰ মধ্য,পূৱ আৰু পশ্চিম খণ্ডৰ সীমান্ত বিবাদিত হৈ আছে ৷” ৱাঙৰ তৰফৰ পৰা উদ্ধৃত ৷

“চীনে এই বিবাদসমূহ সামগ্ৰিকভাৱে নিস্পত্তি কৰিবৰ বাবে এক পেকেজৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ চীনে এনেধৰণৰ বিবাদসমূহক বহুপাক্ষিক মঞ্চত এক বিবাদিত বিষয় হিচাপে উত্থাপন কৰাটোৰ বিৰোধিতা কৰে আৰু এই বিষয়ৰ লগত জড়িত সংশ্লিষ্ট পক্ষৰ সৈতে যোগাযোগত আছে ৷” তেওঁ জানিবলৈ দিয়ে ৷

চীনে “গ্লৱেল এনভাইৰণমেন্ট ফেচিলিটি (GEF)” ৰ দ্বাৰা ছেকটেং বন্যপ্ৰাণী অভয়াৰণ্যত কৰিব বিচৰা উন্নয়নৰ বিৰোধিতা কৰি কৰা প্ৰশ্নৰ পৰৱৰ্তী পৰ্যায়ত ৱাঙৰ এই প্ৰতিক্ৰিয়া আহিছিল ৷ জি ই এফ হৈছে এনে এক নিধি, য’ত ১৮৩ খন দেশ বিশ্ব পৰিৱেশ বিষয়ক সমস্যাসমূহ উত্থাপনৰ উদ্দেশ্যে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ,নাগৰিক সামাজিক সংগঠনসমূহ তথা ব্যক্তিগত খণ্ডৰ লগত একত্ৰিত হয় আৰু একেসময়তে জাতীয় বহনক্ষম উন্নয়নৰ উদ্যোগৰো পোষকতা কৰে ৷

পৰ্যবেক্ষকসকলক আচৰিত কৰা কথাটো হ’ল,চীনে এনে এক এলেকা নিজৰ বুলি দাবী কৰিছে যি আনকি নিজৰ আন্তৰাষ্ট্ৰীয় সীমাৰ সংলগ্নও নহয় ৷ ই ভাৰত-ভূটান সীমান্ততহে অৱস্থিত এলেকা ৷

ভূটান চীন সীমান্তৱৰ্তী এখন গাঁও

এই বিষয়টো এনেকুৱা এক পৰিৱেশৰ মাজত উত্থাপিত হৈছে যিসময়ত ভাৰত আৰু চীনৰ মাজত অব্যাহত উত্তেজনা প্ৰশমনৰ বাবে এক আলোচনাৰ প্ৰক্ৰিয়া চলি আছে ৷ আনকি বিগত মাহত লাডাখ অঞ্চলত দুয়োপক্ষৰ মাজত সংঘটিত ৰক্তাক্ত সংঘাতৰ পৰিণতিত দুয়োপক্ষৰে কেইবাজনো সৈনিক হতাহত হৈছে ৷ ৩,৪৮৮ কি. মি. জোৰা প্ৰকৃত নিয়ন্ত্রণৰেখা (এল এ চি)ত এই দুই এচীয় মহাশক্তিৰ মাজত বিগত ৪৫ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এনকুৱা বিক্ষিপ্ত ঘটনা সংগঠিত হৈছে ৷

পূৱ ভূটানত অৱস্থিত ছাকটেং বন্যপ্ৰাণী অভয়াৰণ্যক, চীনে ‘দক্ষিণ তিব্বত’ বুলি অভিহিত কৰা ভাৰতৰ উত্তৰ পূৰ্ৱীয় ৰাজ্য অৰুণাচল প্ৰদেশৰে এক অংশ বুলি দাবী কৰে ৷

ভুটান আৰু চীনৰ মাজত কোনো চৰকাৰী কূটনৈতিক সম্পৰ্ক নাই ৷ ১৯৫১ চনত বেইজিঙে তিব্বতক অধিগ্ৰহণ কৰাৰ পাচত দুয়ো দেশ প্ৰতিবেশী ৰাষ্ট্ৰত পৰিণত হয় আৰু তেতিয়াৰে পৰা ১৯৮৪ চনলৈকে সীমা বিবাদসমূহ নিষ্পত্তিৰ বাবে দুয়ো দেশে ২৪ দফীয়া বাৰ্তালাপত মিলিত হৈছিল ৷

ছেকটেং বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৰ এখন গাঁও

যি নহওক, যিহেতু নতুন দিল্লী থিম্ফুৰ মুখ্য “উন্নয়ন সাহায্যৰ সহযোগী”, সেয়ে ভাৰত আৰু ভূটানৰ মাজত এক সুদৃঢ় কূটনৈতিক সম্পৰ্ক আছে ৷ আনহাতে ভাৰতবৰ্ষ ভূটানৰ আটাইতকৈ বৃহত্তম ব্যৱসায়িক সহযোগীও ৷

শেহতীয়াকৈ ২০১৭ চনত চীন আৰু ভাৰতীয় সৈন্যৰ মাজত ভাৰত–ভূটান-চীন আন্তৰাষ্ট্ৰীয় তৃ-দেশীয় সংগমস্থল,ড’কলাম অঞ্চলত হোৱা ৭৩ দিনীয়া উত্তেজনাপূৰ্ণ মুখামুখি স্থিতিৰ পাচত ভূটানৰ ওপৰত বেইজিঙে নবীনতম দাবীটো উত্থাপন কৰিছিল ৷ চীনৰ “পিপুল্‌ছ লিবাৰেশ্বন আৰ্মী”য়ে (পি এল এ) উক্ত স্থানত এক পথ নিৰ্মাণ কৰিবলৈ কৰা প্ৰচেষ্টাৰ ফলশ্ৰুতিত এই ঘটনা সংঘটিত হয় ৷ ড’কলামত সংঘটিত ঘটনাৰ পাচত ভূটানে চীনৰ সৈতে সীমা সমস্যাক লৈ কোনো বাৰ্তাত মিলিত হোৱা নাছিল আৰু ভাৰতৰ সমৰ্থনত থিয় দিছিল ৷

বিশেষজ্ঞসকলৰ মতে চীনৰ তৰফৰ পৰা ভূটানলৈ এতিয়া যি এক ‘পেকেজ ডীল’ আগবঢ়োৱা হৈছে ই হ’ল থিম্ফুক কূটনৈতিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰোৱা তথা তাৰ পৰৱৰ্তী পৰ্যায়ত ড’কলাম অঞ্চল দাবী কৰাৰ বাবে বেইজিঙে ৰচা এক ন কৌশল ৷

জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ “দ্য স্কুল অৱ ইন্টাৰনেশ্বনেল ষ্টাডিজ”ৰ প্ৰফেছৰ এমেৰিটাছ ড° এছ ডি মুনিয়ে ই টিভি ভাৰতৰে হোৱা এক কথোপোকথনত কয় যে এই চুক্তিৰ জৰিয়তে মধ্য আৰু পূৱ ভূটানৰ ওপৰত চীনৰ যি তথাকথিত দাবী,তাৰ স্বত্ব খাৰিজ কৰাৰ সম্ভাৱনীয়তা আছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ড’কলামৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিব ৷

মুনিয়ে কয়, “চীনে কৌশলগত কাৰণত ভূটানৰ পশ্চিমত অৱস্থিত ড’কলাম অঞ্চল দাবী কৰিব বিচাৰে ৷ কিয়নো ই সংবেদনশীল চুম্বী উপত্যকাৰ লগত সংলগ্ন হৈ আছে ৷”

এই বিষয়টো ভাৰতৰ বাবে মূৰৰ কামোৰণি হোৱাৰ অন্যতম কাৰণ হ’ল; এই চুম্বী উপত্যকা ভাৰতীয় ৰাজ্য ছিক্কিম আৰু ভূটান ৰাষ্ট্ৰৰ দক্ষিণে,দক্ষিণ চীনৰ সুউচ্চ হিমালয়ৰ মাজত বাধাৰ প্ৰাচীৰ হৈ থিয় হৈ আছে ৷ ইয়াৰ পৰা ভাৰতৰ উত্তৰ পূৱ খণ্ডক মূল ভূ-ভাগৰ লগত সংলগ্ন কৰা “চিলিগুৰি ক’ৰিড’ৰ” যাক “চিকেন নে’ক” বুলিও কোৱা হয়, মাত্ৰ পাঁচ কি. মি. দূৰত্বতহে অৱস্থিত ৷

ছেকটেং অভয়াৰণ্যৰ ভিতৰভাগৰ এটি দৃশ্য

মুনিয়ে কয়, “তেওঁলোকৰ (চীনৰ) ধাৰণা হ’ল ভূটানৰ ওপৰত তেওঁলোকৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰা আৰু নতুন দিল্লীৰ লগত থিম্ফুৰ সম্পৰ্ক কেনেকুৱা তাক পৰীক্ষা কৰা ৷ ভূটানেই হৈছে একমাত্ৰ দক্ষিণ এচীয় দেশ যাৰ লগত চীনৰ কোনো কূটনৈতিক সম্পৰ্ক নাই ৷”

মুনিয়ে কয় যে ভূটীয়াসকলে চীনৰ লগত সীমা বিবাদ নিস্পত্তি কৰিব বিচাৰে কিন্তু ঠিক একেসময়তে ভাৰত-চীন সংঘাতৰ মাজত সোমাবও নিবিচাৰে ৷

মুনিৰ মতামতকে প্ৰতিফলিত কৰি “দ্য ডিপ্ল’মেট এণ্ড ডাইৰেক্টৰ অৱ ৰিছাৰ্ছ ফৰ ডিপ্লমেট ৰিস্ক ইন্টেলিজেঞ্চ” ৰ জ্যেষ্ঠ সম্পাদক অঙ্কিত পাণ্ডেই কয় যে সম্ভৱত সাৰ্বভৌম ভূটানৰ প্ৰায় ১০% ভূমিত নিজৰ দাবী সাব্যস্ত কৰাৰ চীনৰ প্ৰাথমিক উদ্দেশ্য হ’ল থিম্ফুক বেইজিঙৰ পক্ষে উপযুক্ত চৰ্তত আন আন এলেকা সমূহ যেনে ড’কলাম আদিৰ দৰে অঞ্চলসমূহত ৰেহাই দিবলৈ বাধ্য কৰোৱা ৷

চীনৰ নিজৰ সম্প্ৰসাৰণবাদী নীতিৰ অধীনত ভূটানৰ ভূমিত দাবী সাব্যস্ত কৰা ঘটনা নবীনতম উদাহৰণ ৷ ইয়াৰ পূৰ্ৱে সমগ্ৰ অঞ্চলটোতে চীনে ভাৰতীয় সীমান্ত, দক্ষিণ চীন সমুদ্ৰ আৰু পূৱ চীনা সমুদ্ৰৰ জাপান সীমান্তৰ চেনকাকু দ্বীপ আদিকে ধৰি অঞ্চলসমূহত দাবী জনাই আহিছে ৷

যদিও বিশ্ব শক্তিসমূহ,বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰই বেইজিঙৰ পৰিকল্পনাৰ তীব্ৰ সমালোচনা কৰি আহিছে ৷ মুনিৰ মতে, ভাৰতে শেহতীয়াকৈ চীনৰ সৈতে হোৱা সমস্যা ভূটানে অন্য দেশৰ হস্তক্ষেপ অবিহনে সমাধান কৰাতো বিচাৰিব ৷

লেখকঃ অৰুনিম ভূঁঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.