নিউজ ডেস্ক, 26 ডিচেম্বৰ: বাৰ্ষিক মণ্ডলা পূজাৰ বাবে সাজু হৈছে কেৰালাৰ পাথনামথিটা জিলাৰ সবাৰীমালা আয়প্পা মন্দিৰ ৷ এই পূজা দেওবাৰে 11. 50 বজাৰ পৰা 12.50 বজালৈকে অনুষ্ঠিত হ'ব ৷
এই উপলক্ষে ২৬ ডিচেম্বৰৰ ৰাতিপুৱা ৫ বজাত মন্দিৰ নাদ খোলা হ'ব ৷ পৰম্পৰা অনুসৰি মণ্ডলা পূজাৰ হৰিভাৰসনাম হোৱাৰ পিচতেই মন্দিৰৰ নাদ বন্ধ কৰা হ'ব বুলি জানিবলৈ দিছে মন্দিৰৰ কৰ্তৃপক্ষই ৷
উল্লেখ্য,কভিডৰ প্ৰতি লক্ষ্য ৰাখি কেৰালা প্ৰশাসনে মন্দিৰৰ দৰ্শনাৰ্থী সকলৰ বাবে 25 আৰু 26 ডিচেম্বৰ দিনটোত কিছু ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷ মূলত দৰ্শনাৰ্থীয়ে মাস্ক আৰু সামাজিক দূৰত্ব পালন কৰাটো বাধ্যতামূলক কৰিছে কেৰালা প্ৰশাসনে ৷
লগতে পঢ়ক :ক'ৰণা অতিমাৰীৰ পাছত প্ৰথমবাৰৰ বাবে ভোমোৰাগুৰিত পৰ্যটকৰ ভিৰ